সূর্য্য উঠা দেশৰ প্রতি থকা ভাল পোৱাৰ কথা :
………..খুৰা ৰাজেন বড়োদেৱে অকনমান বেয়াই পালে ,মোৰ ঘৰৰ পৰা (অসমৰ পৰা) অহা তিনিদিনেই হৈ গ’ল তথাপি তেওঁ ভালপোৱা বস্তুৰ সেই টোপোলা কেইটা দিব নোযোৱাৰ কাৰণে , ৰাতিপুৱা শুই উঠি মোবাইলটোৰ স্কীনত জিলিকি থকা সাতোটা মিছকলৰ লিষ্টখন চাই আচৰিত হ’লো…ৰাতি পোৱা ৭ বজাত তেওঁৰ কল ? তেওঁ সাধাৰণতে কাম নাথাকিলে ৯ বজাৰ পাছতহে শুই উঠে..এইকেইদিন তেখেতে ৰাতি দেৰিকৈ শুইচে কামৰ ভিৰৰ বাবে গতিকে ৯ বজাৰ আগতে উঠাটো মোৰ বাবে বিশ্বাসযোগ্য হোৱা নাই, পিঠাপনা খোৱাৰ লোভ সামৰিব নোৱাৰিয়েই হয়তো ফোন কৰিছিল..মোৰ বুজিবলে বাকী নাথাকিল ,গতিকে মুখ-হাত ধুই তেখেতলৈ বুলি ফোনটো লগালোঁ অলপ ভঁয়ে ভঁয়ে নাজানো কি বা কয় ,তেখেত সাধাৰণতে দিল্লীৰ দ্বাৰকা নামৰ ঠাইডোখৰত থাকে , মোৰ পৰা প্রায় আধা ঘণ্টামান লাগে মেট্র’ৰে গ’লে..অসমলৈ যোৱা সময়ত প্রকাণ্ড ডাঙৰ লিষ্ট্ এখন দিচিল মোৰ হাতত, মোৰ ঘৰ গাৱত হোৱা কাৰণে হ’বলা তেখেতৰ লিষ্ট খনৰ আকাৰো অলপ ডাঙৰ আছিল..লিষ্ট খনৰ প্রথমতে প্রকাণ্ড ডাঙৰকৈ লিখা আছিল “নাৰিকলৰ পিঠা আৰু লাড়ু ”..দ্বিতীয়তে “ তিলৰ পিঠা আৰু লাড়ু ’’, এনেদৰেই তামোল-পান , গামোছা , জঁহা চাউল, ভোট জলকীয়া ,খৰিচা , শুকান মাছ , খাটি সৰিয়হ তেলৰ পৰা লৈ শুকান ভোলৰ জালিৰ লৈকে আৰু ক’ত যে কি…., কেইবাবৰো তেখেতৰ সেই ভাল পোৱা অসমীয়া বস্তুবোৰ লৈ অহাত ওজন ১৫ কেজিত কৈ বেছি হোৱাত গুৱাহাটী বিমান বন্দৰত সমস্যাৰ সন্মুখীন হ’ব লগাও হৈছিল..তথাপি তেখেতক বুজালেও বুজি পাই ও অকনমান খং কৰা যেন দেখুৱাই , তেখেতে বিচাৰে যেন গোটেই অসমখনকেই উঠাই লৈ আনো… এইয়া হয়তো এজন অসমীয়াৰ অসমৰ প্রতি থকা ভাল পোৱাৰ প্রতিচবি..অকল তেৱেই নহয় অসমৰ পৰা বাহিৰত থকা আটাইবোৰ অসমীয়াৰ ক্ষেত্রতেই এনে এটা ভালপোৱাৰ প্রতিছবি দেখা পোৱা যায়..….. তেখেতৰ্ ফোনটো বাজি উঠিল , লগে লগেই সেই ফালৰ পৰা শুনা গ’ল কিছুমান মৰমসনা চিঞৰ বাখৰ , “ হেৰৌ অসমীয়া ডেকা..তই এতিয়াহে ফোন কৰিছ’ , আজি তিনি দিনৰ পৰা ক’ত আছিলা , মোৰ পিঠা-পনা বোৰ ভালে ভালে আনিছ’ ,তামোল আনিছ’ ,শুকান মাছ , খৰিছা…” ...একেলেঠাৰিৰে সুধি গ’ল লিষ্ট খনৰ এটা এটাকৈ…. মনে মনে ভাবিলোঁ আমাৰ অসমীয়া এই শুকান পিঠা আৰু লাড়ু কেইটাতে লুকাই আছে কিমান যে মৰম আৰু ভাল-পোৱা কিমান শ্রদ্ধা-ভক্তি..এইয়া যেন এজন অসমীয়াই হে বুজি পাই...
পৃথিৱীৰ প্রতিখন দেশৰ নামী-দামী খাদ্য বোৰ খোৱাৰ পিছতো ,পৃথিৱীৰ প্রতিখন হোটেল বা ৰেস্টুৰেণ্টৰ ব্যয়বহুল খাদ্য খোৱাৰ পিছতো যেন কিবা এটা বাকী থাকি যায় এজন প্রকৃত অসমীয়াৰ..অসমীয়া লাড়ু পিঠা-পনা ,তামোল-পান, পঁইতা ভাত, খৰিছা ,অসমীয়া ভীমকল , ভোট জলকীয়া, অসমীয়াৰ সকলোকেই যেন একোৱেই ফেৰ মাৰিব নোৱাৰে…যোৱাবাৰ অসমৰ পৰা আঁহোতে লৈ আনিছিলোঁ ২ কেজি তামোল আৰু পান , লগে লগেই বাজি উঠিছিল মোবাইলটো..এটাৰ পাছত এটাকে ফোনকল আৰু মেছেজ, সকলোৰে এটাই প্রশ্ন , তই অসমৰ পৰা আহিছ’ কি কি আনিছ’ ??.. এটা দুটাকৈ তামোল পিঠা পনা দিব নোৱাৰাবোৰক ভগাই দিলোঁ..…সেই এটা বা দুটা তামোল-পান নিবলৈ এ প্রত্যেকজনে খৰছ কৰিলে ৫০ ৰ পৰা ১০০ টকাৰ গাৰীভাৰা আৰু বাইকৰ তেল..কিমান যেন শক্তি আছে আমাৰ অসমীয়াৰ এই তামোল-পানত.. দুজনমানক দিব নোৱাৰাৰ বাবে অকনমান্ আঁকোৰগোজ কৰিলে..স্বস্থ্যজনিত কাৰণত আমৰ ঘৰৰ মানুহে তামোল নাখায় যদিও এনে নহয় যে তামোল-পানৰ প্রতি আমাৰ আঁদৰ- সন্মান নাই ,সৰুৰে পৰাই সমাজত তামোল-পানৰ আঁদৰ সন্মান আৰু মুল্য দেখি আহিছোঁ ।দুই তিনি বচৰৰ পাছত যেতিয়া ঘৰত মানে মোৰ অতি মৰমৰ বন-নগৰী গাৱখনলৈ যাওঁ তেতিয়া পেট-পুৰাই তামোল-পানৰ জুতি লওঁ | আ: কি যে আমেজ ! অহাৰ সময়ত মোৰ মাই অতি আঁদৰেৰে তামোলৰ টোপোলা এটা বান্ধি দি কয় ,” ৰাস্তাত খাবা আৰু লগৰ কেইজনকো দিবা “ , হয়তো মাই বুজি পায় দুই বা এবচৰ ৰ কাৰণে হ’ব লগীয়া তামোল আৰু মোৰ মুখৰ বিৰতিৰ কথা !কেইদিন মান আগতে বিহাৰৰ লগৰীয়া এজনক অসমৰ পৰা অনা তামোল-পানত চুন লগাই খাব দিলো… ভাবিলোঁ খাই ভাল পাব .. মুৰ ঘুৰাই গৈ অৱস্থা নাইকীয়া হ’ল , নিমসৰ পানী খুৱাই দিয়াত হে ৰক্ষা পালোঁ…বেচেৰাই নো কি বুজিব তামোল-পানৰ মুল্য ! নিজকে অপৰাধী যেন অনুভৱ কৰিলোঁ ! মোৰ অতি মৰমৰ ককাইদেউ জুগল গ’গৈ আৰু তেখেতৰ পৰিবাৰ জোনমনি বৰুৱা গ’গৈ বাইদেউৰ লগত তেখেত্সকল ফিলীপাইনৰ মানিলা চহৰত থকা সময়ত পায়ে কথা-বতৰা হৈছিল ! কথা-বতৰাৰ আৰম্ভনিতেই আৰম্ভ কৰিছিল তামোল-পান , লাৰু-পিঠা , কৰদৈ ,জলপাই ,কঠাল , ভোট জলকীয়া , ঔটেঙা ,থেকেৰা টেঙা খোৱাৰ ৰ পৰা লৈ পাতি-হাঁহ , পাৰ-চৰাই খোৱাৰ কথা…হয়তো জিঙাৰ সোৱাদ কথাবতৰাৰ মাজেৰেই অনুভৱ কৰি তৃপ্ত হৈছিল.. .পা়ঁছ বচৰ একেলেথৰিয়ে মানিলাত থকাৰ পাছত মাজে মাজে বলিয়াৰ দৰে বিচাৰি ফুৰিছিল মানিলাৰ ছ’পিং মল বোৰত অসমৰ ঔটেঙা , বিচাৰিছিল উইকিপেদীয়া আৰু অভিধানত ঔটেঙাৰ বৈজ্ঞানিক নাম ..বিহুৰ সময়ত বিহুবলীয়া বাইদেউ জনীৰ চকুৰে নিগৰী আহিছিল চকুপানী..হুমুনিয়াহ .. ফিলীপাইনৰ মাটিৰ চোকে কোনে বিচাৰি ফুৰিচিল অসমৰ অসমীয়া বিহুগাবলে | এয়া অসমৰ অসমীয়াৰ অসমৰ প্রতি থকা ভাল পোৱাৰ প্রতিচবি ! এয়া সূর্য্য উঠাদেশৰ প্রতি থকা ভাল পোৱাৰ কথা.. !
লাচিতৰ দেশত জন্ম পোৱা প্রতিজন অসমীয়াৰে বুকুত আছে সাহস আৰু ভাল পোৱা , মৰম চেনেহ ..আজি অসমৰ অসমীয়াৰ অ়বস্থা অতি সুচনীয়া হৈছে ! সামাজিক , অর্থনৈতিক্ , ৰাজ নৈতিক দিশত অসমীয়া ৰাইজে হাৰাশাস্তি খাব লগীয়া হৈছে ..তথাপি এবাৰ বুকু ফিন্দাই ক’ব খুজিছো এইদেশতেই কনকলতা , মূলাগাভৰুৰ জন্ম হৈছিল..এই দেশৰ কাৰণেই লাচিতে দেখুৱাইছিল শিৰচ্ছেদৰ নমুনা..!!
© মণ্টু কুমাৰ ডেকা
মোবাইল :
08800305719
নতুন দিল্লী
No comments:
Post a Comment