“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Tuesday, 30 December 2014

এটা সমীকৰণ...


লা বর্ড খন দাস্টাৰটোৰে মচি মচি মনতে ভাবিলোঁএৰা প্রয়োজন লে নিজৰ চিন্তাধাৰাও নিজে নিজে সলনি কৰি লাগে ” | মনতো পার্য্যমানে কোমল কৰি শান্তি অনুভব কৰিবলৈ চেষ্টা কৰিলোঁ | পাছ ফালৰ পৰা শ্রেণী কোঠাত বহি থকা মোৰ ছাত্র এজনে বাহিৰলৈ চাই ...ঠিয়াই কৈ ওঠিলচোৱা চোৱা সৌ- খন মানসীৰ বিয়াৰ গাড়ী , মাজত থকা ফুলেৰে সজোৱা গাড়ীখনত মানসী আছে , ৰাটো কিন্তু বেছ ধুনীয়া দেইগৰ এজনে তপৰাই কৈ উঠিল , “ গুৱাহাটীত থাকে হেনু , কোম্পানীত কাম কৰে , ১৬০০০ টকা দৰমাহা পাই ” | “বাপৰে!” বেলেগ এজনে কৈ উঠিল ! লাহে লাহে বর্ড খনত তিকোনোমিত্রি শব্দ কেইটা লিখি বাহিৰলৈ ওলাই আহিলো ! হয় সিহঁতে ঠিকে কৈ আছে , মাজৰ গাড়ীখন ফুলে়ৰে সজোৱা আছে | মানসী সেই ধুনীয়া চহকী ৰা জনৰ লগত সেই গাড়ীখনৰ ভিতৰতে আছে !এনেতে গাড়ীখন ৰৈ যোৱা যেন পালোঁ , মই থৰ হৈ এজন দর্শকৰ দৰে চাই থাকিলো | তাই গাড়ীখনৰ পৰা নামিছে | তাই জানে যে মই সদাই ৰাতি পুৱা বজাৰ পৰা ইয়াতেই থাকো টিউচন পঢ়োৱাই ! বুকুখন সোপা মাৰি ধৰিছে !উশাহনিশাহ বোৰ যেন বন্ধ হৈ হে যাব ! এৰা, তাই কিয় গাড়ীৰ পৰা নামিল বাৰু ?? নাই নাই এনে নোৱাৰে | অলপ্ সময়ৰ পাছত দেখা পালো তাই স্কুলৰ সন্মুখত থকা মন্দিৰ টোৰ ফালেহে আগ বাঢ়িছে ! মই বাৰাণ্ডাৰ পৰা নিৰবে চাই থাকিলো ! দুচকুৰে পানী নিগৰি আহিল | এৰা তাই মোৰ ফালে এবাৰো নাচালে | আজি হয়তো তাই তাৰ বুকুৰ মাজত সোমাই পৰিব ! জোৰকৈ সাবতি হয়তো মোক কোৱা সেই একেটাই কথাতোমাৰ্ বাবেই মোক সজা হৈছিল ” | লাইট টো কৰি লাহে লাহে…… | লগে লগেই অজানিতে এফাকি ভুপেন দাৰ গীত ওলাই হা: হা: হা: থুই হাঁহিবলে আহিছ , নিলাজ পাহাৰ ! শুকান পাহাৰ ” | মই কোনোদিনেই ভবা নচিলো যে তাইৰ বিদায়ৰ দিনটো এনেকে অতি সহজে পাৰ হৈ যাব ! মোৰ নিজৰেই বিশ্বাস হোৱা নাই ! যোৱা ৰাতি মাৰ বুকুত মুৰটো গুজি দি শুই আছিলো | নিৰবতা ভংগ কৰি মায়ে লাহেকৈ কৈছিলতাইৰ বিয়াত গৈ তাইক কইনা সাজত দেখি তোৰ অলপো দুখ লগা নাই নে ?” মই অলপ হাঁহি উত্তৰ দিছিলো, “ কিহৰ দুখ লাগিব , তাইটো মোক ভালেই পোৱা নাছিল , মই মোৰ মন টো শাসন কৰিবলে শিকিছো , তাইৰ্ কথা মই নাভাবোকথা খিনি কৈ থাকোতে মোৰ মাত টো নাইকীয়া হৈ গৈছিল | মায়ে কিছু আবেগিক হৈ কৈ উঠিছিল ,“ তই এবাৰো যদি তাইৰ বিয়া প্রস্তাব লৈ মোক সিহঁতৰ ঘৰত ………. ” মই মনে মনে থাকিলো ! মই মোৰ মনৰ ভিতৰত সোমাই গৈ নিজকে চাইছিলো | কথাবোৰ শান্তিৰে ভাবি চাইছিলো , পার্য্যমানে মনটো শাসন কৰি ধীৰ-স্থিৰ ভাবে থাকিবলৈ চেষ্টা কৰিচিলো | সাহসী আৰু বলৱান হৈ নিজকে কৈছিলোচকু পানী তই মোৰ চকুৰ পৰা ওলোৱাৰ কোনো অধিকাৰ মই তোক দিয়া নাই ” ! শ্রেণী কোঠালীটোলৈ সোমাই গৈছিলো , ৰা ছোৱালী কেইজনে বহীত নোচোৱাকে সুত্রবোৰ লিখি আছিল ! মই কোঠাত সোমোৱাত সিহঁতৰ এজনে মোক বহীখন আগবঢ়াই দি লেচাৰ মোৰ লিখা , আপুনি চাই দিয়ক !” মই বহীখন চোৱাত দেখিলো সি প্রথন সুত্রটো ভুল কৈ লিখিছে ! মৰমেৰে কানত ধৰি বুজাই দিলো ! লগে লগেই হাত খন কঁপি উঠিল্ ! মানসীয়েও সেই একেটা ভুলকে কৰিছিল ! সেই একে কেইখন স্কুলতে আমি প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈ পঢ়িছিলো ! তৃতীয়মান শ্রেণীৰ পৰাই আমি এজনে আন জনক ভাল পাইছিলো ! মাটিৰ ফলিতে আমি চিঠি লিখি মৰমবোৰ আদান প্রদাণ কৰিছিলো ! তাই এদিন স্কুললৈ নাহিলেই মোৰ মন-প্রাণ ভাঙি চুৰ মাৰ হৈ গৈছিল | তাইক এদিন নেদেখিলেই মই বলীয়া হৈ গৈছিলো ! মই সদায়েই শ্রেণীত প্রথম্ হৈছিলো ! তাইৰ পৰা মৰম পাবৰ কাৰণেই হয়তো মই বহুত পঢ়া শুনা কৰিছিলো ভাবিছিলো এদিন ডক্তৰ আৰু তাইক বিয়া পাতিম | কিমান যে সপোন আছিল ! তাইক লৈ মই কবিতা লিখিছিলো , কাগজত তাইৰ নামটো লিখি লিখি লাহে লাহে কৈছিলোমানসী আই লাভ ইউ ” | দিন বোৰ ধুনীয়াকৈ পাৰ হৈ | মেট্রিক পৰীক্ষাত মোৰ ফলাফল আশা কৰা মতে ভাল নহ যদিও ইমানো বেয়া নহ ! সিঁহতৰ ঘৰত মই প্রায়ে গৈছিলো কিবা নহয় কিবা এটা অজুহাত লৈ ! কথাবোৰ তাইৰ মাক দেউতাকে জানিছিল ! মাজে মাজে হেনু তাইক মাকে কৈছিল , “ বিপ্লবো নো কি বেয়া ৰা , পঢাই শুনাই আচাৰ ব্যবহাৰে বহুতেই ভাল , দুখীয়া কি সি তোক বহুত মৰম কৰেমাকৰ কথাবোৰ তাইৰ মুখৰ পৰাই জানিব পৰিছিলো , হয়তো মই দিয়া চিঠি বোৰ মাকে পঢ়িছিল্ | মই গুৱাহটী কটন কলেজত আহি বিজ্ঞান শাখাত নাম ভর্তি কৰিছিলো ! হায়েৰ ছেকেন্ডাৰী পৰীক্ষাত পাছ কৰি মেডিকেল চিট পৰীক্ষাৰ বাবে পইচাৰ নাটনিৰ বাবে ঘৰতে বহি তৈয়াৰী কৰি আছিলো ! দিনত্ ওচৰ চুবুৰীয়াৰ ৰা চোৱালী বোৰক টিউচন পঢাও ৰাতি মোৰ নিজৰ পঢ়া ! কিছুদিন পিছত মই পঢ়া সেই বেচৰকৰী উচ্চ মাধ্যমিক বিদ্যালয় খনতো পাঢ়াইছিলো !কিছু জলপানী পাইছিলো ! মোৰ অৱস্থা তেনেই তাকৰ আছিল ! এখন কুৰি বচৰীয়া পুৰণা চাইকেল আছিল ! সেই খন লৈয়ে স্কুললৈ যাও ! মানসী হঁতৰ ঘৰতো সেইখন লৈয়ে গৈছিলো 1 মাজে মাজে চেইন পৰি গৈছিল বা কেতিয়াবা পানচাৰ হৈ গৈছিল.. মোৰ কিছু কষ্ট হৈছিল কাৰণে শুকাই খীণাই অবস্থা নাইকীয়া হৈ গৈছিলো ! তথাপি মোৰ নিজৰ ওপৰত বিশ্বাস আছিল ! মই এদিন সফল মেই | মানসী মোৰ নিজৰ বই ! কঠোৰ পৰিশ্রম আৰু আত্মবিশ্বাসেই মোৰ মুল আছিল !
এনেতে এদিন আহিল সেই অন্ধকাৰ দিনটো ! মই টিউচন পঢ়াই মানসীহ্তঁৰ ঘৰত গৈছিলো ! মাকে চাহ আৰু বিস্কুট টেবুল খনৰ ওপৰত থৈ কৈ দিলে সেই কথাটো ! লেমানসীয়ে হায়েৰ চেকেণ্ডাৰী পৰীক্ষাও পাছ কৰিলে , য়োৱাকালি গুৱাহাটীৰ ৰা এজন আহিছিল চাবলে | বহুত ধনীঘৰৰ উচ্চশিক্ষীত ৰা ! মাক বাপেকো আহিছিল নিজ়ৰ গাড়ী লৈ | আমাৰ মানসীক বহুত প্রচন্ড কৰিছে | তাই খুব সুখী হৈছে | তাইৰ একো আপত্তি নাই |””
মই পাগলৰ দৰে কি কলো কি নকলো মই একো নাজানিলো !বাৰে বাৰে এটাই কথা মানসীৰ অলপো আপত্তি নাই নে ? ইমানেই সুখী নে এদিনৰ চিনাকী সেই ধনী ৰাজনক পাই !চকু পানীৰে বাট নেদেখা হৈ ঘৰ পালোহি ! তাইৰ মাকে গৰ কেইজনৰ আগত মোৰ কথা বেয়াকৈ কৈ বহুত অপমান কৰিলে ! মোৰ বা সামর্থই কি ? খাব নোপোৱা গৰীবৰ সন্তাত ! হৃদয়্ত সঁচা মৰম থাকিলে কি সিহঁতৰ সমাজত সেই মৰমৰ একো অস্থিত্বই নাই ! তিনি চাৰি দিন মান খোৱা লোৱা বন্ধ ! মনত এটাই প্রশ্ন তাই হেনু খুবেই সুখী | একো আপত্তিয়েই নাই | পিছে মোৰ লগত আজি বচৰে কৰি অহাবোৰ কি আছিল ! তাই দিয়া চিঠিবোৰত লিখা সেই বোৰ কি আছিল , হেনো তাই মোক নেপালে জীয়াই নাথাকে !মোক কিমান ভাল পোৱা বুলি সোধাত তাই কৈছিল মই যিমান পাও তাত কৈ অলপ লেও বেচি পায়| তাইক কৰিবলে মন গৈছিল | তাইৰ বিয়া ভাঙিবলে নহ্য় তাইক কেবল সুধিবলে যে মোক এদিন লেই ভাল পাইছিল নে নাই | লগ কৰিবলে চেষ্টা কৰি গৰ এজনক কৈ পঠালো ! তাই লগৰ জনক সোধাই দিছিল গালি আৰু অপমান | সি হেনু বুৰবর্ক ! মোৰ বুজিবলে বাকি নাথাকিল ! চকুৰ পানীবোৰক মচি মচি কৈ উঠিলো , “ চকুলো তোৰ আৰু মোৰ চকুয়েদি বৈ যোৱাৰ কোনো অধিকাৰ নাই | Stop it right now. ” সাহস গোটাই লো মই নেকান্দো , মই তাইৰ বিষয়ে নেভাবো ! মই এদিন তাইক দেখুৱাম ! মোৰ ভিতৰত থকা আগৰ বিপ্লব জনক মাৰি পেলাই মই নতুন লো ! মই মোৰ চিন্তাধাৰা সলনি কৰি লো | আগৰ ভবা কথাবোৰ মই নাভাবো | এৰা এই পৃথিবীখনত জীয়াই থাকিনো কি লাভ ! এদিন হয়তো মোৰ আৰু তাইৰ মৃত্যু | তেতিয়া জানো থাকিব এই ভাল পোৱা এই অভিমান এই চকুলো ! সকলো যেন অসাৰ ! জ্ঞানী কেনেকৈ মৰে ? অজ্ঞানৰ দৰেই ! এই হেতুকে জীবনলৈ মোৰ ঘিন লাগিল , কাৰন সুর্য্য তলত যি কার্য্য কৰা যায় সেই কার্য্য মোৰ পক্ষে দুখ জনক , কিয়নো সকলোৱেই অসাৰ আৰু বতাহক ধৰিবলে চেষ্টা কৰাৰ ৰেই মাত্র্ | ( উপদেশক 2:17) সকলো বস্তুয়েই পৰিশ্রমেৰে পৰিপুর্ণ কথাটো মই বিশ্বাস কৰিলো | ৰা ছোৱালী কেইটাক যাবলে দি মই সেই পুৰণা চাইকেল খন লৈ আগবাঢ়িলো ঘৰলৈ বুলি !

……….
দুপৰীয়া পায় তিনিমান বাজিছে | অনামিকা আৰু মই প্রায়ে চুইমিং পুললৈ যাও ! তাই গাৱলীয়া ছোৱালী | মই ভবাই নাছিলো যে অতি সোনকালেই তাই চিকাগো চহৰৰ এই যান্ত্রিক বাতাবৰনৰ মাজত মিহলি হৈ যাব ! তাই অহা আজি দুই বচৰেই ! অমেৰৰ্কান ইংৰাজীও আতি সোনকালেই শিকিলে ! যোৱা বচৰ আকৌ মাকৰ সকামত অকলে অকলে অসমলৈ গুচি | মই চিংগাপুৰলৈ ফিচৰ কামত মাজে মাজে লে আকৌ তাই অকলে অকলেই থাকে !

:-
বিপ্লব- আৰ ইউ ৰেডি ?
:-
বা বা মই এটা কবিতা লিখি আছো ! দুটা শাৰী বাকী |
:-
কবিতা ! কিহৰ আকৌ কবিতা?
:-
অসমীয়া কবিতা আকৌ , প্রেমৰ কবিতা !
:-
এই চিকাগো চহৰ খনত তুমি কাৰ প্রেমত পৰিলা হে ?
: -
হা: হা: হা: অতীতৰ |
এটা সমীকৰণ...
তুমি দিয়া প্রতাৰণাৰ অনুভুতিৰ টুকুৰাবোৰ লৈ
কবিতা এটা লিখিমনে বাৰু
প্রেমৰ কবিতা..!
নিজৰ অনুভুতি নিজৰ ঘৰতেই থাকিব
কবিতাৰ বজাৰত বেচিবলে নাই
দৰ দাম খেলাই..
নিলিখোঁ মই প্র্রেমৰ কবিতা
মৰহা অতীতৰ সপোনবোৰ লৈ..
নবজাও মই বিষাদৰ বীণা
হেৰুৱা সুৰবোৰ লৈ
হেৰবাটৰুৱা !
জীৱনৰ বাটত আহিবানে ওভতি এবাৰ
মোৰ পজাটিলৈ..
পদুলি মুখৰ দুৱাৰখ্ন খোলা আছে
প্রবেশ কৰাৰ অধিকাৰ তুমি হেৰুৱাই পেলাইছা
তথাপি তোমাক দিব খোজো
প্রবেশ কৰাৰ অধিকাৰ এবাৰ
ওভতি আহিবানে ?
তুমি পাতি থৈ যোৱা
সমীকৰণটো আধৰুৱা হৈয়ে আছে..
এবাৰ সমাধান কৰিব খোজো
তোমাৰ তে..
দেখুৱাব খোজো সমিধান
কৰিব খোজো লাভ লোচকানৰ হিচাপ
পোৱা নোপোৱাৰ হিচাপ
এবাৰ আহিবানে…?

এফালৰ পৰা জোৰ জোৰ কৈ পঢ়ি অনামিকাই ….

==============================

©
মণ্টু কুমাৰ ডেকা
মোবাইল : 08800305719

নতুন দিল্লী

No comments:

Post a Comment