“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Tuesday, 30 December 2014

কুলি..

        দুপৰীয়াৰ বতৰটো কিছু ধুনীয়া হৈ আছিল, ফৰকাল আকাশ, মাজে-মাজে বতাহ,গৰমো বৰ বেচি নাই |মই স্কুলৰ পৰা আহি চোতালত ভৰি দিচোহে মাত্র , ৰান্ধনী ঘৰৰ পৰা বিয়পি অহা সুগন্ধটো নাকত লাগি যোৱাত বুজিবলে বাকী নাথাকিল, আজি নিশ্বয় পাৰ চৰাইৰ মাংস খাব পাম ! আশাকৰা নাছিলো যদিও চোতালৰ একাষত দেউতাই আমাৰ ঘৰত কাম কৰা মহুৰুদ্দিনৰ লগত হাতত ৰেণ্ছ্আৰু মবিলৰ বটলটো লৈ পানী সিঁচা মেচিনটো ভাল কৰাত ব্যস্ত |বাইদেৱে ৰান্ধনীঘৰৰ দুৱাৰদলিৰ্ পৰা কটাৰীৰে আদাৰ টুকুৰাটো কাটি কাটি লাহেকৈ কলেবাপা আহিছে স্কুলৰ পৰা ” !কোঠালীটোত সোমাইয়েই বেগটো জোৰকৈ টেবুলৰ ওপৰত থলো, চোলাটো সোলোকাই চকীখনত থৈ দৌৰ মাৰি চিধাই ৰান্ধনী ঘৰ পালোগৈ !মায়ে এটা সৰু বাটিত পাৰৰ মাংস লৈ মোৰ ফালে আহিলেএইখিনি খোৱা আৰু গা ধুই আহাগৈ ” | মই খৰধৰকৈ সেই খিনি খাই চিধাই মাৰ পিঠিত উঠিলোগৈ ! মায়ে পীৰা এখনত বহি হেতাৰে কেৰাহীৰ মাংস খিনি ভাজি আছে , মই জোৰকৈ গৈ পিঠিত উঠাত হাতৰ পৰা  হেতাখন পৰি ..তাকে দেখি মোৰ তপিনাত জোৰ কৈ থাপৰ এটা সোধাই দিলে , মই আকৌ তেনে কৰিলো, মাৰ পিঠিত উঠিয়েই থাকিলোঁ ,স্কুলৰ পৰা আহি মই প্রায়ে তেনে কৰো | ভাবিলো কথাটো কেনেকৈ সুধো , অলপ সাহস গোটাই সুধিয়েই পেলালোমা কুলিজনিক দেখা  নাই যে , ? ”  মায়ে অলপ জোৰকৈ লেতোৰ পঢ়া-শুনা নাই দিনে ৰাতিয়ে কেৱল কুলি জনীৰে লগত ব্যস্ত ” | “ মই স্কুলৰ পৰা অহাৰ সময়ত দেখোন তাই গা-পা ধুই চোতালতে পুৱাই থাকেঅলপ লাহেকে ভয়ে-ভয়ে মই লো !
      কিছুদিন আগতে এই কুলিজনি মোৰ জীৱনলৈ আহিছিল | মই আৰু মোৰ চুবুৰীয়া বন্ধু নিপেন, এদিন সি স্কুলৰ পৰা আঁহোতে মোক কৈছিল যে আমাৰ তামোল গছ এজোপাত আজি তিনি চাৰি দিনৰে পৰা কুলি চৰাইৰ সৰু পোৱালি এজনি আছে |ভালকৈ উৰিব নোৱাৰে | নিপেন এইবোৰ কথাত বহুত আগবঢ়া আছিল , আমি প্রায়ে স্কুললৈ নগৈ হাবিয়ে-জংঘলে বিচাৰি ফুৰু চৰাইৰ পোৱালী, মেকুৰিৰ পোৱালি , কুকুৰৰ পোৱালি , বৰলৰ বাহ , আম কঠাল জাম..যেন আমি যমকেই বিচাৰি ফুৰো | আমি দুয়োয়ে একেলগে হাবিয়ে-জংঘলে তেনেকৈ ঘুৰি ফুৰাটো আমাৰ ঘৰৰ মানুহে ভাল পোৱা নাছিল , গতিকে আমি প্র্রায়ে স্কুলৰ পৰা আঁহোতে বা যাওঁতে বা ৰাতিপুৱা সোনকালে উঠিয়েই আমাৰ দৰকাৰী কথাবোৰ পাতিছিলো | মই তামোল গছত উঠিব পৰা নাছিলো বাবেই নিপেনক মোৰ কম্পাছৰ ভিতৰত থকা মোৰ বহু দিনৰ সাছতীয়া ধন দুই টকা আৰু কেইটামান মার্বল দি এদিন দেওবাৰে ৰাতিপুৱা সুযোগ লৈ সেইটো ধৰি আনিছিলো | কা দেউতাক কাকুতি মিনতি কৰি সেইটো ৰাখিবৰ বাবে পিজঁৰা এটা সজাই লৈছিলো | লাহে-লাহে কুলি জনীয়েই মোৰ জীৱনৰ \শৈশৱৰ আনণ্দৰ কাৰণ হৈ উঠিছিল |সদায় ৰাতিপুৱা চাৰি বজাত উঠিয়েই প্রথমতে কুলি জনীক চাই লৈছিলো তাৰ পাছত পঢ়া-শুনা কৰি আঠ বজাত তাইৰ কাৰণে খোৱা খাদ্য বিচাৰি যোৱাটো মোৰ দৈনিক কামৰ তালিকা আছিল | পাছত ভাত-পানী খাই গা-পা ধুই স্কুললৈ গৈছিলো | স্কুলত এবাৰ নিপেনক লগ ধৰি তাইৰ কথা পাতিছিলো | স্কুলৰ পৰা আহিলে নঙলাৰ মুখৰ পৰা সুঁহুৰি বজাই-বজাই আহিছিলো , তাইও  দৌৰি আহি কেক-কেকাই মুখ খন বহল কৈ মেলি দিছিল | মই ৰাস্তাৰ পৰাই কিবা কিবি ধৰি অনি তাইৰ মুখত দিছিলো | তাইও কক-বকাই গিলি পেলাইছিল |  তাকে দেখি মই আনন্দত আন্মহাৰা হৈ পৰিছিলো | সেইদিনা দেউতাৰ উপস্থিতিয়ে মোক তেনে কৰিব নিদিছিল |
      কিছু সময় নিৰৱে ৰান্ধনি ঘৰতেই বহি থাকিলো | বাইদেৱে মোৰ মনৰ বেথাৰ কথা জানিলে | অকনমান প্রতিশোধৰ ভাৱনাৰে দেউতাই শুনাকে জোৰকৈ কৈ উঠিল পুখুৰীৰ পাৰত গা ধুই পুৱাই আছে তোৰ কুলি জনী |  একে দৌৰে গৈ পুখুৰীৰ পাৰ পালোগৈ | মনটো আকৌ সেমেকি | তাই তাতেও নাছিল | উদাসীন হৈ আকৌ ঘুৰি আহিলো | দেউতাই অলপ কেৰাকে চাই লে ভাত পানী খাই কিতাপ আগত |  খাওঁ-নেখাওঁ কৈ পাৰৰ মাংসৰে ভাত খিনি ৰা-ৰিকৈ খাই পঢ়া টেবুল পালোগৈ | টেবুলত বহি আছো যদিও কুলিজনীৰ কথা ভাবিয়েই কিবা কিবি আঁকি থাকিলো |  মাজে-মাজে দেউতাই শুনাকে অলপ জোৰ-জোৰকৈ ইংৰাজী মাতিলো | গধুলি তাইৰ কোনো খবৰ নাই | নিপেনক কথাটো জনাবৰ কাৰণেও দেউতাই মেচিনটোৰ লগতেই ব্যস্ত আছিল | মাজে মাজে মহুৰুদ্দিনক দুই এবাৰ সুধিলো সিও আওকান দি দেউতাৰ লগতেই লাগি থাকিল | ৰাতি ভাত-পানী খাই শুই থাকিলো | শুৱাৰ সময়ত এবাৰ মায়ে দেউতাৰ আগত কথাটো লে পিছে দেউতাই একোয়েই নকলে | পাছৰ দিনা দেওবাৰ আছিল কাৰণে সোনকালে শুই উঠিয়েই পঢ়া-শুনা , দেউতাৰ মাৰ-কিল সব বাদ দি লাগি পৰিলো কুলি জনী বিচৰাত | নিপেনেও বিশেষ সহায় কৰিলে |  নাই নাই কোনো লাভ নাই | গধুলি ঘৰলৈ আহি ভাত-পানী বাদ দি কান্দি-কান্দি শুই থাকিলো |
 
         আজি কেইবাদিনো | দুপৰীয়াৰ গৰমটোও বেচি হৈ গৈছে | স্কুলৰ পৰা আহি ভাত-পানী খাই ৰান্ধনী ঘৰৰ ওচৰত থকা আম গছ জোপাৰ তলত মাৰ কোলাত মুৰটো গুজি শুই আছো | মায়ে মাজে-মাজে দেউতাৰ লগত কিবা কিবি কৈ মোৰ চুলিবোৰৰ মাজেৰে হাত বুলাই আছে | দেউতা গুচি |  মই নিৰৱে সকলো শুনি থাকিলো | কিছু সময় মায়ো নিৰৱে থাকিল | চুলিবোৰৰ মাজেৰে হাত বুলাই নিৰৱতা ভংগ কৰি উদাসীন ভাবে কৈ উঠিল কুলি জনী বা কলৈ কিবা তাইৰ , ইমান মৰম লগাইছিল | মোৰ দুগালেৰে চকুলোঁ নিগৰি  ………. |
                                                                               *********
© মণ্টু কুমাৰ ডেকা
 মোবাইল : 08800305719
 নতুন দিল্লী  

 


No comments:

Post a Comment