“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Tuesday, 30 December 2014

বৰদিনৰ উপহাৰ মানেনো কি ?

 
     ডিচেম্বৰ মাহ আৰম্ভ্ হোৱাৰ লগে লগে আমাৰ ঘৰৰ ওচৰত থকা গীর্জা ঘৰটোত সন্দিয়া বাজি উঠা ঘন্টাটোৰ সেই প্রতিধ্বনি হৈ হৈ আমাৰ কানত বাজি  উঠা শব্দবোৰ , লগে লগে বৰদিনৰ আগমুহুর্ত্বত ডেকা গাভৰো সকলে আনন্দেৰে নাছি বাগি গীতাৰ আৰু ড্রাম বজাই বজাই আমাৰ ঘৰৰ ওচৰেদি আন এখন গাৱলৈ যোৱাৰ আনন্দ ,মাজে মাজে আমিও নতুন সাছ-পোছাক পিন্ধি ডেকা গাভৰো বোৰ লগত একেলগে হৈ গাই উঠিছিলো “ জগতলৈ পৰম আনন্দ | স্বর্গ- মর্ত্ত্যই গোৱা ; আহিল প্রভু শান্তিৰ ৰজা , তেওঁকেই গ্রহণ কৰা , তেওঁকেই গ্রহণ কৰা ” |
 কিন্তু আছলতে বৰদিন মানেনো কি ? বৰদিনৰ উপহাৰ মানেনো কি ? বৰদিন মানে ছান্টা ক্ল’জে লৈ অহা এটা উপহাৰনে ? বৰদিন মানে বছৰৰ শেষত কিছুমান নতুন নতুন কাপোৰ কানি কিনি হাতত গীতাৰ লৈ ৰাস্তাই ঘাটে ঈশ্বৰৰ গীত গোৱা , ডেকা গাভৰো বোৰে ড্রাম বজাই নাচি বাগি কেৰল গোৱা , বচৰৰ শেষত সকলোৰে ঘৰৰ নঙলাত ডাঙৰ ডাঙৰ স্টাৰ আৰু খ্রীষ্ট মাছ ট্রি লগাই গোটেই মাহটো জিকমিকাই থকাকৈ লগাই থোৱা , এজনে আন জনক খ্রীষ্ট মাছ কার্ড দিয়া , সকলোৰে ঘৰত পিঠাপনা , নানা বিধ কেক বনাই আলহি অভ্যর্থনা কৰা , এজনে আন জনক বৰদিনৰ উপহাৰ দিয়া , আৰু বৰদিনৰ দিনা প্র্রীতি ভোজন কৰি সকলোৱে একেলগে  ঈশ্বৰক প্রার্থনা কৰা আৰু এজনে আনজনক “মেৰী খ্রীষ্টমাছ ” ৰ শুভেচ্ছা জনোৱা , এয়াই জানো বৰদিনৰ  নিগুঢ়ার্থ ?
কিছুমানৰ কাৰণে হয়তো নিজৰ লৰা ছোৱালী বা আলহি-অতিথিক আর্থিক সমস্যাৰ কাৰণে নতুন নতুন উপহাৰ দিব নোৱাৰৰ কাৰণে হয়তো বৰদিনৰ আনন্দ নাইকীয়া হ্য় | ঘৰৰ পৰা দূৰ দুৰনিত থকা সকলে হয়তো কিবা সমস্যাৰ কাৰণে বৰদিনৰ সময়ত ঘৰলৈ আহিব নোৱাৰাৰ কাৰণে হয়তো বৰদিনৰ সেই আনন্দ নাইকীয়া হৈ উঠে | কিছুমানৰ কাৰণে তুর্কী দিনাৰৰেই হয়তো বৰদিনৰ আনন্দৰ কাৰণ |
 
আচলতে বৰদিন মানে এক আনন্দৰ সময় | এই বৰদিনৰ দিনাই ঈশ্বৰে মানুহৰ প্রতি তেওঁৰ মহান প্রেমৰ পৰিচয় দিছিল | এই বৰদিনেই আছিল মানুহৰ কাৰণে শান্তি আৰু আনন্দৰ কাৰণ , আত্মিক ভাৱে মৃত্যু হোৱা সকলৰ বাবে নতুন জীৱন পোৱাৰ আশাৰ আনন্দ | অশান্তিৰ জীৱন যাপন কৰা সকলৰ বাবে শান্তি পোৱাৰ আশা , আন্ধাৰত থকা জনৰ কাৰণে পোহৰ পোৱাৰ আনন্দ |  ঈশ্বৰৰ এই মহান দিনটোতে তেখেতে সমস্ত মানৱ জাতিৰ কাৰণে উপহাৰ হিচাপে দিছিল শান্তিৰ ৰজা যীচু খ্রীষ্টক | এই কাৰণেই বৰদিন অতি আনন্দেৰে পালন কৰা হয় | এই বিশেষ দিনটোতে ঈশ্বৰে তেখেতৰ একমাত্র পুত্র যীচুক পৃথিৱীত জন্ম ল’বলৈ পঠিয়াই দিছিল | মেৰ ৰখীয়া ,জ্ঞানী পণ্ডিত আৰু স্বর্গদূত বোৰে ঈশ্বৰৰ এই বিশেষ দিনটোৰ কথা জানি আনন্দত আত্মহাৰা হৈ পৰিছিল | কাৰণ মে়ৰীৰ গর্ভত জন্ম হ’ব লগীয়া এই বিশেষ শিশুটো সাধাৰণ শিশু নাছিল | তেৱেই আছিল সমস্ত জগতৰ পাপৰ ভাৰ বৈ নিবলৈ জন্ম পোৱা শিশু | ভাববাদী সকলে কেইবাশ বছৰ আগতে সমস্ত জগতৰ পৰিত্রাণৰ কা়ৰণে এজন ত্রাণকর্ত্তাৰ জন্ম হোৱাৰ কথা ভৱিষ্যতবাণী কৰি থৈছিল |  জ্যোতিষী পণ্ডিত আৰু কিছুমান জ্ঞানী মানুহ যিয়ে যীচুৰ জন্মৰ কিছু উমান পাইছিল তেওঁলোকে আকাশৰ সেই বিশেষ তৰাটো অনুসৰণ কৰিছিল  যিটোয়ে যীচু জন্ম পুৱা ঠাইৰ ইংগিত জনাবলৈ বৈৎলেহেম নগৰৰ দিশত ৰৈ গৈছিল |
বাইবেলৰ লুক ২: ৪-১৯ পদত লিখা আছে –
“ আৰু যোচেফেও নাম লিখাবলৈ তেওঁলৈ বাগ্দান কৰা গর্ভৱতী মৰিয়মক লগত লৈ নিজে দায়ুদৰ বংশ আৰু গোষ্ঠীৰ হোৱা হেতুকে , গালীলৰ নাচৰৎ  নগৰৰ পৰা যিহুদিয়ালৈ বৈৎলেহেম নামেৰে দায়ুদৰ নগৰলৈ গ’ল | পাছে তেওঁলোক তাতে থাকোঁতে  , মৰিয়মৰ প্রসৱৰ কাল পুৰ হ’লত , তেওঁ নিজৰ জ্যেষ্ঠ পুত্র প্রসৱ্ কৰিলে |আৰু তেওঁক কাপোৰেৰে মেৰিয়াই দানা-পাত্রত শুৱাই থ’লে, কাৰণ আলহী ঘৰত তেওঁলোকৰৰ নিমিত্তে ঠাই নাছিল |তেতিয়া সেই দেশৰ কেতবিলাক মেৰ-ৰখীয়াই পথাৰত নিজৰ নিজৰ জাকবোৰ ৰাতি পৰ দি ৰখি আছিল |এনেতে প্রভুৰ এজন দূত আহি তেওঁলোকৰ ওচৰত থিয় হ’ল আৰু তেওঁলোকৰ চাৰিওঁফালে প্রভূৰ মহিমা প্রকাশিত হ’ল, তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল |কিন্তু দুতে তেওঁলোকক ক’লে ,ভয় নকৰিবা ; কিয়নো চোৱা , যি শুভ-বার্ত্তা সকলো লোকৰ নিমিত্তে হব , সেই আনন্দৰ শুভ-বার্ত্তা মই তোমালোকক জনাওঁ যে , আজি দায়ুদৰ নগৰত তোমালোকৰ নিমিত্তে ত্রাণকর্ত্তা জন্মিল ; তেওঁ আভিষিক্ত প্রভু |  আৰু এয়ে তোমালোকলৈ চিন হ’ব যে , ল’ৰাটিক কাপোৰেৰে মেৰিয়াই  দানা পাত্রত শুৱাই থোৱা দেখা পাবা | তেতিয়া অকস্মাতে স্বর্গবাহিনীৰ এক বৃহৎ দ’লে সেই দূতৰ ল’গ লৈ ,
উর্দ্ধলোকত ঈশ্বৰৰ মহিমা ,
আৰু পৃথিৱীত প্র্রীতিৰ পাত্র মানুহ বিলাকৰ মাজত শান্তি ,
এই বুলি ঈশ্বৰৰ স্তুতি কৰিলে | পাছে তেওঁলোকৰ ওচৰৰ পৰা দূত বিলাক স্বর্গলৈ গ’লত , মেৰ ৰখীয়া বিলাকে ইজনে সিজনক ক’লে , আহা , আহাঁ , প্রভুয়ে আমাক জনোৱা যি কথা ঘটিল , তাক চাবলৈ এতিয়া  বৈথলেহেম লৈকে যাওঁ হ’ক |  তাতে তেওঁলোকে বেগাই গৈ , মৰিয়ম , যোচেফ আৰু দানা পাত্রত শুৱাই থোৱা  ল’ৰাটিক বিচাৰি দেখা পালে |  আৰু দেখি , সেই ল’ৰাটিৰ অর্থে তেওঁলোকক য়ি য়ি কোৱা হৈছিল ,  সেই সকলো কথা জনালে | তাতে যি বিলাকে শুনিলে , তেওঁবিলাক সকলোৱে , মে়ৰ-ৰখীয়া বিলাকে কোৱা কথাত বিশ্ময় মানিলে | কিন্তু মৰিয়মে এই সকলো কথা বিবেচনা কৰি মনত ৰাখিলে | 
 
যীচু কেলেই আহিছিল? ঈশ্বৰে কিয় তেওঁৰ একমাত্র সন্তান জনক এই পাপময় আৰু নিষ্ঠুৰ পৃথিৱীখনলৈ পঠিয়াইছিল ? তেওঁ এই কাৰণে পঠিয়াছিল যে এদিনাখন এই সন্তানজনেই ডাঙৰ-দীঘল ইতিহাসৰ এটা গুৰুত্ত্ব্পুর্ণ অংশ হৈ উঠিব | তেওঁৰ কাহিনী সত্য , প্রেম , আশা , শান্তি আৰু আনন্দৰ্ কাহিনী  | তেওঁৰ কাহিনী মানুহৰ পৰিত্রাণৰ কাহিনী ,পাপৰ ক্ষমা আৰু অনন্ত জীৱনৰ কাহিনী |
 
যীচুৰ এই কাৰেণে জন্ম হৈছিল যাতে এদিনাখন আমি কৰি অহা সকলোবোৰ পাপৰ ভাৰ কাল বাৰীৰ সেই ক্রুচত বহন কৰি আমাক পাপ মুক্ত কৰিব পাৰে |বাইবেলে কয় যে আমি সকলোবোৰেই পাপী  , আমি পাপময় স্বভাৱ লৈয়ে জন্ম গ্রহণ কৰিলো | আমাৰ পাপময় স্বভাৱবোৰে,পাপময় চিন্তা , আচৰণ , কথা বার্ত্তা ,পাপময় কার্য্যবোৰে ঈশ্বৰক সন্তোষ্ট কৰিব নোৱাৰে | কাৰণ যেনেকৈ আদম আৰু হয়াৰ আজ্ঞাহীনতাৰ কাৰণে পাপ সকলো মানুহলৈ বংশগতি হিচাপে বিয়পিল তেনেকৈ ঈশ্বৰেই সেই যীচু খ্রীষ্টৰ ক্রুচীয় বলিদানৰ যোগেদি সকলো মানুহৰ পাপ ধুবলৈ , সকলো মানুহৰ পাপৰ কাৰণে বলি হ’বলৈ তেওঁক জগতলৈ পঠালে | যিয়ে এই কথা হৃদয়েৰে বিশ্বাস কৰি  যীচুক নিজৰ জীৱ্নৰ  প্রভু বুলি মুখেৰে স্বীকাৰ কৰে , ঈশ্বৰে তেওঁৰ আটাইবোৰ পাপ ক্ষমা কৰিব আৰু মৃত্যুৰ সিপাৰে থকা সেই অনন্ত জীৱনৰ ভাগীদাৰ কৰিব |  বাইবেলৰ যোহন ৩: ১৬ লিখা আছে “ কাৰণ ঈশ্বৰে জগতক ইমান প্রেম কৰিলে যে তেওঁৰ নিজৰ একমাত্র পুত্রকে দান কৰিলে যাতে যি কোনোৱে তেওঁত  বিশ্বাস কৰে তেওঁ নষ্ট্ নহয় কিন্তু অনন্ত জীৱন পায় | কিয়নো জগতৰ সোধ-বিচাৰ কৰিবলৈ নহয় , কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্রাণ পাবলৈহে ঈশ্বৰে পুত্রকে জগতলৈ পঠালে | তেওঁত বিশ্বাস কৰা জনৰ সোধ-বিচাৰ কৰা নহয় ; বিশ্বাস নকৰা জনৰ সোধ-বিচাৰ হৈ গ’ল , কিয়নো তেওঁ ঈশ্বৰৰ এক মাত্র পুত্রৰ নামত বিশ্বাস কৰা নাই |
 
বৰদিনৰ এয়েই সাৰমর্ম ,ঈশ্বৰৰ সমস্ত মানৱ জাতিলৈ প্রেমৰ উপহাৰ : শান্তিৰ ৰজা যীচু |
এই যীচুৰ জন্মই বৰদিন পালনৰ মুলকথা |
 
 
© মণ্টু কুমাৰ ডেকা
 মোবাইল : 08800305719
 নতুন দিল্লী   

No comments:

Post a Comment