সেইদিনা মই মানসিকভাৱে ভাগি পৰিছিলোঁ , খঙৰ জোৰত দুই এজনক অলপ বেয়াকৈয়ে
কৈছিলো | কথাষাৰ বিশ্লেষন কৰি চোৱাত মোৰ বিবেকে মোকেই বাৰে-বাৰে অপৰাধী কৰি তুলিছিল
| মই আত্ম-অহংকাৰ আৰু আত্ম-গৌৰৱৰ জালত পৰি একো উৱা-দিহ পোৱা নাছিলোঁ | মানুহে মোক অহংকাৰী
বুলিও সমালোচনা কৰিছিল | দিনবোৰ বাগৰি গৈছিল , সময়ৰ সোঁতত মোৰ জীৱনলৈ এনে এজন মানুহৰ
আগমন হৈছিল যিয়ে মোৰ সেই অহংকাৰৰ পোচাকজোৰ খুলি পেলাইছিল | তেওঁ নম্র আৰু কোমল চিত্তৰ
মানুহ আছিল | তেওঁৰ চকুলৈ চাইছিলো , খন্তেকতে মোৰ সকলোবোৰ
খালী হৈ বহুত পাতল-পাতল আনুভৱ কৰিছিলোঁ | কিয়নো তেখেতে নম্রতাৰ সেই পোচাকজোৰ পিন্ধি
আছিল | তেখেতৰ সেই নিষ্পাপ , নির্দোষী চকুযুঁৰিৰে মোলৈ এবাৰ চাইছিল আৰু মোৰ কান্ধত
হাত ৰাখি মোৰ লগত চিনাকী হৈ গৈছিল | তেখেতৰ সেই নম্রতাৰ পোচাকজোৰ মোৰ ওচৰত এৰি থৈ গৈছিল
| জীৱনৰ বাটত মই মাজে-মাজে সেইজোৰ পিন্ধিছিলোঁ | দিনবোৰ বাগৰি গৈছিল , এদিনাখন দিল্লীলৈ
আহি অভিযান্ত্রিক কলেজত নাম ভর্তি কৰিলো | নতুন ঠাই , নতুন কলেজ , নতুন পৰিবেশ , নতুন
পাঠ্যক্রম ,আৰু সহপার্ঠীবোৰো নতুন-নতুন আছিল , সকলোবোৰেই ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা
আহিছিল |সকলোবোৰ ঠিকেই চলিছিল , মই সদায়েই সকলোৰে লগত মিলিজুলি পঢ়া-শুনাৰ দিনবোৰ কটাইছিলোঁ
| সকলোবোৰ ঠিকেই চলিছিল কিন্তু সহপার্ঠীবোৰৰ মাজৰ এজন এনেকুৱা আছিল যিজনে মোক একেবাৰেই
দেখিব নোৱাৰিছিল | কলেজৰ সেই প্রথম দিনটোৰ
পৰা ডিগ্রী লোৱাৰ সেই অন্তিম দিনটোৰলৈকে মোৰ বিৰুদ্ধাচৰণ কৰিছিল | মাজতে দুই এবাৰ পৰিস্থিতিটোৱে
বিষমৰুপো লৈছিল | মোৰ জীৱনৰ অশান্তিৰ কাৰণো সেই ল’ৰাজনেই আছিল | মই তাৰ কোনো অতীতৰ
শত্রু নাছিলো বা তাৰ কোনো কামৰ বিপৰীতে যোৱা নাছিলো তথাপি কোনো কাৰণ নোহোৱাকৈ সি মোক
ঘৃণা কৰিছিল | দিনবোৰ বাগৰি গৈছিল , এনেতে এদিনাখন শৈশৱত ল’গ পোৱা সেই নম্র পোচাক পিন্ধা
মানুহজনৰ কথা মনলৈ আহিল | মই পলম নকৰিলো , তেওঁ দি থৈ যোৱা সে নম্রতাৰ পোচাকজোৰ পিন্ধি
ল’লো , এইবাৰ মই গতি কৰিলো মোৰ সেই শত্রুজন আৰু তাৰ লগৰীয়াবোৰ থকা সেই বিশেষ গলিটোলৈ
| আন এজনৰ পৰা তাৰ ফ’ন নম্বৰটো লৈ ফোন কৰিলো
| ল’ৰাজন কোঠাতে আছে , লগতে আছে তাৰ লগৰীয়াবোৰ
| মই নম্রতাৰ পোচাকজোৰ ভালদৰে পৰিপাটিকৈ পিন্ধি লৈ তাৰ কোঠালৈ আগবাঢ়ি গৈ আছো | ল’ৰাজনে
আচৰিতভাৱে মোলৈ ৰ’ লাগি চাই আছে | মই সেই নিষ্পাপ মানুহজনৰ দ’ৰে ল’ৰাজনৰ চকুলৈ অতি
কোমল ভাৱে চাই তাৰ কান্ধত হাত এখন ৰাখিলো | এনেতে মোৰ মুখৰ পৰা ওলাই গ’ল চাৰিটা পৰাক্রমী শব্দ
“ ভাই মোক মাফ কৰা ” | শব্দকেইটাই তাক বেয়াকৈ প্রহাৰ কৰিলে , সি ৰ’ব নোৱাৰিলে ,চকুলো
তাৰ নিগৰি গ’ল | মোক আকোৱালী ধৰিলে আৰু ক’লে যেন সকলোবোৰ দোষ কেবল তাৰেই | সময়বোৰ পাৰ
হৈ গ’ল আৰু মোৰ জীৱনৰ সেই পৰম শত্রুজনেই জীৱনৰ আটাইতকৈ প্রিয় বন্ধু হৈ ৰ’ল |
নম্রতা ! এই নম্রতাৰ পোচাকজোৰত বহুতো অন্তনির্হিত
শক্তি আছে | এইটোৱে মানুহক প্রহাৰ কৰিব পাৰে , কন্দুৱাব পাৰে, অনুভুতি দিব পাৰে , হয়তো
কাৰোবাৰ সেই পৰম শত্রুজনো প্রিয় বন্ধু হ’ব পাৰে | মানুহ যিমানেই জ্ঞানী হয় সিমানেই
নম্রতাও যেন বাঢ়ে | একো নথকা অজ্ঞানীবোৰেই যেন কেবল অহংকাৰত দপদপাই থাকে |কিছুমান মানুহে
আকৌ কথা-বতৰা বেচিকৈ নকয় , কেবল শান্ত হৈয়ে থাকে | নিমাত বা শান্ত হৈ থকাটোকেই নম্র
হোৱা নুবুজায় | শান্ত-শিষ্ট মহা দুষ্ট নামৰ প্রবাদ এটাও আছে | হয়তো কোনোবাই শান্ত হৈ
মনে-মনে থাকিব পাৰে কিন্তু হ’ব পাৰে সেইজনৰ মনত আপোনাৰ অজ্ঞাতে প্রকাণ্ড বিৰোধীতাৰ
যুদ্ধ এখনো চলি থাকিব পাৰে | নম্রতা এক অর্থত স্বীকাৰ | হৃদয়েৰে নিজৰ ভুল স্বীকাৰ কৰি
সন্মুখত থকা জনক বৰ মনাটোৱেই প্রকৃত নম্র মানুহৰ পৰিচয় |
নম্রতাৰ
পোচাকজোৰ সযতনে ৰাখি জীৱনৰ বাকী কেইটাদিন পিন্ধি কটোৱাৰ চেষ্টা কৰিলোঁ…|
*****************************
©
মণ্টু কুমাৰ ডেকা
মোবাইল : 08800305719
নতুন দিল্লী
No comments:
Post a Comment