জীৱন বাটৰ খোজবোৰ…
………………………………………
সেইদিনা মই বহুত কান্দিছিলো
মোৰ দূখবোৰে মোক
আঁকোৱালি ধৰিছিল,
মই বেদনাত ছটফটাই আছিলো
মোৰ চকুলো নিগৰি আহিছিল
মই প্ৰভূক চিঞৰি চিঞৰি মাতিছিলো…
এনেতে
প্ৰভূয়ে মোৰ কান্ধত হাত ৰাখিলে
মোক ক'লে -
"তুমি জীৱনবাটৰ খোজবোৰ চাইচানে?"
"নাই নাই চোৱা"-চকুলো মচি মচি মই ক'লো ।
তেওঁ অকনমান হাঁহিলে, ক'লে "চোৱা"|
মই এটা এটাকৈ খোজবোৰ চালো ,
এৰা মোৰ খোজবোৰৰ লগত বেলেগ এজনৰ খোজ
কিছুমান ঠাইত আকৌ কেৱল মোৰেই খোজ ,
মোৰ লগত যোৱা সেইজন বাৰু কোন ?
মোৰ খোজবোৰৰ লগত বাৰু কাৰ খোজ সেয়া?
মই আচৰিত হৈ প্ৰভূক সুধিলো ।
তেওঁ অলপ হাঁহিলে আৰু ক'লে
জীৱনৰ বাটত মোৰ লগত থকা খোজবোৰ তেওঁৰেই।
তেওঁ সদায়েই মোৰ সংগে সংগে
গতিকে মোৰ খোজবোৰৰ লগত তেওঁৰ খোজবোৰ,
কিন্তু…
কিন্তু কিছুমান ঠাইত যে কেৱল এজনৰেই খোজ
সেইজন কোন ?
তেওঁ নিৰৱে ক'লে সেয়াও তেওঁৰেই খোজ।
মই ক'লো মোৰ জীৱনত কেৱল তোমাৰেই খোজ ?
মোৰ খোজবোৰ ক'ত গ'ল?
তেওঁ অতি নম্ৰতাৰে ক'লে-"তোমাৰ খোজবোৰ নাই ,
কাৰণ সেই সময়ত তুমি নাছিলা ।"
"মই নাছিলো ,মই বাৰু ক'ত আছিলো বাৰু ?"-মই সুধিলো ।
"তুমি মোৰ কান্ধত আছিলা,
তেতিয়া মই তোমাক উঠাই লৈছিলো
মই তোমাৰ সমস্যাবোৰ উঠাই লৈছিলো
সময়ৰ বালিত কেৱল মোৰেই খোজবোৰে
বিৰাজমান কৰিছিল ,
সেইবোৰ দিনত কেৱল ময়েই জীয়াই আছিলো
তোমাৰ জীৱনত ,
তোমাৰ হৈ কেৱল ময়েই যুঁজিছিলো
কিয়নো সেইবোৰ তোমাৰ বিপদৰ দিন আছিল
সেইবোৰ দিনতেই তুমি মোলৈ চিঞৰিছিলা