“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Tuesday, 12 April 2016

আমাৰ প্ৰথম গাড়ীখন (চুটি গল্প)




শীতৰ কোনোবা এটা গধুলি খেৰ ভৰোৱা সেই বস্তাকেইটাৰ ওপৰত "" হৈ শুই মই জুইৰ মধুৰ আমেজ লোৱাত ব্যস্ত ওচৰতে দেউতাৰ দুই এজন বন্ধু ,মা ,ককাইদেউ ,বাইদেউ আৰু হলধৰ খুড়া তেওঁলোকে কি কথা পাতিছে তাত মোৰ মন কাণ নাই ওচৰতে শুই থকা কালুৰ ফালে চাই তাৰ নকল কৰি আছো মাজে-মাজে তাৰ দৰে এটা  চকু মেলি তাৰ ফালে চাইছো ,সিওঁ চাইছে ,চকুৱে চকুৱে পৰাত সি নেজ ডাল লৰাইছে ,মই আকৌ চকু কেইটা মুদি দিও আকৌ চাও কালুৰ লগত আমি আমাৰ নিজৰ দুনীয়াত ব্যস্ত বাকী কথাত ধ্যান নাই পিছে দেউতাৰ এটা কথাই মোৰ ধ্যান আকৰ্ষণ কৰিলে ,মই ঘৰপকৈ উঠি বহিলোঁ ,তাকে দেখি কালুৱেই উঠিলে ,নেজডাল লৰাই মোৰ ওচৰলৈ আহিল দেউতাক দুনাই শুধিলোঁ ,"গাড়ী আনিবি??? দেউতাই একো গুৰুত্ব নিদি   লে ওচৰতে বহি থকা বাইদেৱে লাহেকৈ 'লে "গাড়ীত উঠিব পাৰিবা"

স্কুল যোৱা আৰম্ভ কৰা নাছিলো যদিও জুইৰ কাষত বহি মাটিৰ ফলিত "," কেইটা লিখি পেঞ্চিলেৰে ঘুৰাই ঘুৰাই ফলিখন ভৰাই তোলো নাকেৰে শেঙুন বৈ আহি মুখ পায়হি ,তালৈ মোৰ মন নাই  সেইদিনা সেইকেইটা সোনকালে লিখি জোৰ জোৰকৈ মাতি পঢ়া সিমানতে সমাপ্ত কৰি একে দৌৰে গৈ মাৰ পিঠিত জাপ মাৰি উঠিলো ভয়ে ভয়ে শুধিলো, "গাড়ীখন কেতিয়া আহি পাব ?" মায়ে 'লে," চকা কেইটাহে আনিব গৈছে মোমায়েৰে মিয়াৰ বস্তীত ,তিনিটা বজাত আহি পাব " কথাটো বাইদেউ আৰু দাদাক 'লো
°°°°°°°
গাঁৱৰ দুজনমানে দেখোন কেইডাল মান বাঁহ কান্ধত লৈ আমাৰ নঙলাত পেলাইছে, দুজনমানে বাঁহবোৰ কাটিছে ভেবলো ককাই তামোলৰ পাগ লৈ লৈ হুকাটো হুপিছে হুকাৰ মধুৰ গোন্ধটো আহি মোৰ নাকত সোমাইছে "কামটো আজিয়েই শেষ কৰিব লাগিব ,কাইলে শনিবৰীয়া বজাৰ , হলধৰে গাড়ীখন বজাৰত লৈ যাব পাৰিব"দেৱৰু খুড়াৰ কথাত একমত নহৈ ভেৱলো 'কাই 'লে ,"নহয় নহয় ,নতুন গাড়ী ,কমচেকম কামত লগোৱাৰ আগতে নাম ঘৰত শৰাই এখন দি গীতা খন এবাৰ পাঠ কৰক "
গাড়ীখন বনোৱাৰ কামখিনি শেষ কৰি ,শৰাই দি গোসাই ঈশ্বৰৰ নাম লৈ দেওবাৰে ৰাতিপুৱাতে হলধৰে ককালত গামোচাখন বান্ধি সাজো ' "গাওঁবুঢ়াৰ ঘৰৰ ধান আৰু বেহাৰ দুমোন ,মহাজনৰ ঘৰৰ চয়মোন মান জহা ধান,অমুকাৰ তমুকাৰ…" -হলধৰে দেউতাক হিচাপবোৰ দি ' মায়ে গোহালী ঘৰত থকা আমাৰ বৃহৎ কজলা আৰু পখৰা হালুৱা গৰু দুটাক পেট ভৰাই খাৱলৈ দি কিবা কিবি কৈ আছে "ভালকৈ খাই ' কামত যাব লাগিব ,মানুহৰ যেন নজৰ নালাগে "
ৰাতিপুৱাতে সোনকালে উঠি ময়ো সাজো গাড়ীত বহি বজাৰত যাবলৈ আজি প্ৰথম বাৰৰ বাবে দেওবৰীয়া বজাৰত যাম ,চুৱেটাৰ এটা কিনি দিব দেউতাই ভূটীয়াৰ দোকানৰ পৰা ভেৱলো 'কা আৰু আইতাও ওলালে আইতাজনীৰ ককালৰ বিষ ডক্তৰৰ ওচৰত লৈ যাবলৈ কোনো নাই , ৰাতিপুৱাতে আহি দেউতাক কথাটো 'লে দেউতাই দুয়োজনকে সাজো হৈ থাকিবলৈ 'লে ভেৱলো 'কাই নিজে গাড়ীখনৰ বেঁতৰ কাম খিনি কৰিলে ,মৰাপাত আৰু 'বিলেৰে 'কা কেইটাৰ কাম খিনিও ধুনীয়াকৈ কৰিলে ককাহঁতৰো হেনো আগতে ৰঙামাটি পামত থাকোতে 'হৰ গাড়ী আছিল হেনো পুতেক কেইটা ডাঙৰ হৈহে মাটি বাৰী সকলো বেচি উদৰং কৰি বেলেগ বেলেগ হৈ ' গাওঁবুঢ়া ঘৰৰ মাটিতে 'কাই সৰুকে ঘৰ এটা সাজি তাতে থাকে বাৰিষা খৰালি অকনমান সহায়ো কৰি দিয়ে
°°°°°°
আজি কালি হলধৰে আমাৰ গাড়ীখন নচলায় মহাজনৰ সৰু পুতেকে গাড়ী এখন আনিলে হলধৰক হেনো দুই টকাকৈ বেচি দৰমহা দিব এদিন সি  আমাৰ গাৱলৈ আহিছিল  গাঁৱৰ মানুহে চুৰ বুলি খূব মাৰধৰ কৰিলে পিছে দেউতাইহে তাক বচাই আমাৰ ঘৰতে ৰাখিলে তাৰ ঘৰ নগাঁৱৰ মৈৰাবাৰীত হেনো মাহীমাকক অত্যাচাৰত থাকিব নোৱাৰি ঘৰ এৰি সি পলাইছিল অতি সোনকালে সি আমাৰ ঘৰৰ আপোন হৈ পৰিছিল প্ৰথমতে মই তাক আমাৰ ঘৰৰে বুলি ভাবিছিলোঁ আমাৰ ঘৰ এৰি মহাজনৰ ঘৰত থাকিব লোৱাত মায়ে খুব কান্দিছিল সেইদিনা ৰাতি দেউতাই মাক বুজাইছিল -"এদিন সি আহিব , তেজৰ সম্পৰ্ক নাই যদিও সি মোৰ ভাই " দেউতাৰো  চকু চলচলীয়া হৈছিল
°°°°
ডাঙৰ মামাৰ বিয়া মহাজনৰ গাড়ীখন আৰু আমাৰ খন ,দুখন গাড়ীত মানুহ কিছুমান যাব বাকীবোৰ খোজকাঢ়ি যাব দেউতাই নতুনকৈ লোৱা  "ৰেয়লি" চাইকেল খনত মই যাম চাইকেল খনৰ আগত এটা সৰু বক্স আছে তাৰ তলত এটা লাইট ৰাতি আন্ধাৰত লাইট জ্বলাই চাইকেলৰ আগত বহি যোৱাৰ মজাই বেলেগ দুটা লেম্প গাড়ীদুখনৰ আগত বান্ধি দিছে হলধৰে আমাৰ গাড়ীখন এৰি দিয়াৰ পৰাই ডাঙৰ মামাই হে আজিকালি সেইখন লৈ বজাৰত যায় নতুন গৰু হালেও কেৱল মামাকহে চিনি পায় সেইদিনা ওচৰৰ গাঁৱৰে লক্ষ্মীনধৰক গাড়ীৰ চালক হিচাপে লৈ আহিছিল যোৱাৰ সময়ত কেনেবাকৈ গাড়ীখন লৈ কইনা আনিবলৈ 'লো পিছে ঘুৰি অহাৰ সময়তে গৰুহালে লক্ষ্মীনধৰৰ কথা নুশুনি ইফালে সিফালে দৌৰিবলৈ ধৰিলে উপায় নেপাই মামাই কইনা চইনা এৰি নিজে গাড়ীখন চলাই ঘৰ পালেহি 'ৰা চাব খোজাসকলে 'ৰা চাই থাকিল !
°°°°°°°
সময়বোৰ পাৰ হৈ ' দেউতাই আমাৰ সপোনবোৰ পুৰ কৰিবৰ বাবে গাড়ীখন 'লে ইখনৰ পাছত সিখন নতুন চাইকেল সেই গাড়ী আৰু চাইকেলৰ মাজত শৈশৱৰ বহুতো ৰঙীন সময় পাৰ কৰিলোঁ  আঘোণ পুহ মাহবোৰত ধাননি পথাৰৰ পৰা ধান অনা নিয়া কৰা দিনবোৰত গাড়ীখনৰ পাছফালে উলমি উলমি পথাৰলৈ গৈছিলোঁ ,দেওবাৰ ,শনিবাৰ আৰু  শুকুৰবৰীয়া বজাৰখোলাবোৰ,গাঁৱৰ বিয়া-সভাবোৰ আৰু 'তযে মধুৰ দিন সেই গাড়ীখনৰ লগত জড়িত হৈ আছে এদিন দেউতাক কৈছিলো ডাঙৰ 'লে ময়ো গাড়ী কিনিম দেউতাই কৈছিল গৰুৰ গাড়ী নহয় ইঞ্জিন থকা গাড়ী কিনিব লাগিব দেউতাৰ সপোন পুৰণ কৰিবৰ বাবে দিনে ৰাতিয়ে লাগি 'লো সময়বোৰ পাৰ হৈ ' এদিন দেউতাই অকৎমাতে আমাক এৰি বেলগ এখন জগতলৈ গুচি ' তথাপিও ভাবিছিলো মা আছে কমচেকম দেউতাৰ শেষ ইচ্ছা খিনি পুৰ কৰিম এদিন গাড়ী কিনিম ,মাক বহুৱাই বজাৰলৈ লৈ যাম সেই দেওবৰীয়া বজাৰলৈ পিছে দেউতা ঢুকোৱাৰ তিনি মাহ পাছত মায়ো এই দুনীয়াত নাথাকিল
সময়ৰ সোঁতত ময়ো এদিন জীৱনৰ প্ৰথম ইঞ্জিনথকা গাড়ীখন কিনিলোঁ তাৰ পাছত দেউতাৰ দৰে এইখনৰ পাছত আনএখন আজিকালি চলাবলৈ হলধৰো নাই ওচৰত বহিবলৈ দেউতা মা বা সেই দেৱৰো 'কা বা ডাঙৰ মামাও নাই আছে মাথোন হুমুনিয়াহ আৰু বুজাব নোৱাৰা বেদনা
ভড়াল ঘৰৰ ওচৰত সজাই থোৱা দেউতাৰ প্ৰথম গাড়ীখনৰ সেই বৃহৎ চকাজোৰ চুই চুই স্মৃতিৰ দলিছাত জহিখহি গৈ কিমান সময় পাৰ কৰিলো গমেই নেপালোঁ চকুলো নিগৰি ' ওচৰতে থকা মোৰ চয়বয়সীয়া 'ৰাজনে আঙুলি এটাত ধৰি ঘনাই শুধি আছে "পাপা সেইকেইটা কি ,কেলে ৰাখিছে সজাই ?"
©মণ্টু কুমাৰ ডেকা

নতুন দিল্লী
২৭/০৩/২০১৬

No comments:

Post a Comment