“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Tuesday, 12 April 2016

হৃদয় বিদাৰক কথাবোৰ

সেইদিনা আছিল ডিচেম্বৰ মাহৰ কোনোবা এটা দিন মোৰ ঝাৰখণ্ডৰ ৰুমমেটৰ গাঁৱৰ 'ৰা এজন এমাহৰ বাবে দিল্লীলৈ আহিছিল দিল্লী মেট্ৰ' কিবা প্ৰ'জেক্টৰ কামত 'ৰাজন এজন ইলেক্টিকেল ইঞ্জিনিয়াৰ মোটা টকাৰ দৰমাহা পায় যদিও পকেটত থকা চয়খন মান টি এম কাৰ্ডৰ কোনখনৰ পাছৱৰ্ড কি,কোনখনত কিমান পইচা আছে এইবোৰৰ হিচাপ নাৰাখে সাজ-পোচাকো তেনেই সাধাৰণ লাহে-লাহে আমাৰ সৈতে ঘনিষ্ঠ হৈ পৰাত নিজৰ ঘৰ পৰিয়াল ইত্যাদিবোৰৰ কথাও আমি এজনে আনজনৰ লগত আলোচনা কৰো সেইদিনা কথাৰ মাজতে 'ৰাজনে অতি সহজভাৱে কৈ '- " মোৰ নিজৰ মায়ে দেউতাক এৰি বেলেগ এজনৰ লগত পলাই বিয়া পাতিলে,আজিকালি হেনো দিল্লীত থাকে পাছত আঠ বছৰৰ পাছত দেউতাই বেলেগ এজনীক বিয়া পাতিলে "
কথাষাৰ কৈ শেষ কৰোতেই মোবাইলটো বজাত ৰিছিভ কৰিলে " ' মা ,কেনে খবৰ  ,' মই ভাত খালো পানী গৰম কৰি খাই আছো মেডিচিন অলপ আগতে 'লো  ,অলপ আৰাম পাইছো "-মাহীমাকে খবৰ 'লে
জীৱনৰ হৃদয় বিদাৰক কথাবোৰ এনেকৈ অতি সহজভাৱে 'বলৈ কিমান সাহসৰ সৎ  প্ৰয়োজন বাৰু? হয়তো মাহীমাকৰ প্ৰচূৰ মৰম আৰু মাকৰ প্ৰতি থকা ঘৃণাই তেনে 'বলৈ দিলে কথাবতৰাৰ পাছত কিবা এটা ' নোৱাৰা বেদনাই বুকুখনত খুন্দা মাৰি ধৰিলে
°°°°°°°°
সৰুতে মাকে এৰি বেলেগ এজনৰ লগত পলাই যোৱাত দেউতাকে 'ৰাজনক কলিকতাত পঠিয়াই দিলে পঢ়াশুনাৰ কাৰণে। পঢ়াশুনা শেষ হোৱাত অসমলৈ ঘুৰি আহিল দেউতাকে অলপমান লগামেলা কৰি গুৱাহাটীতে কাম এটাত সোমাৱাই দিলে সেইদিনা সি পাৰ্কলৈ যাওঁতে মাকক দেখা পালে ,সৰু-সৰু 'ৰা দুজন আৰু মাকক নতুন স্বামীৰ লগত 'ৰা দুজনে খেলিছে মাক আৰু নতুন স্বামীজনে একাষে বহি দূৰৈৰ পৰাই সিহঁতক চাই মধুৰ আনন্দত আত্মহাৰা হৈ পৰিছে
মাক যেন আগৰ দৰেই আছে যদিও অকনমান শকত হৈছে হৃদয়ত তীব্ৰ বেদনা আৰু ঘৃণা এটা লৈ  পাৰ্কৰ পৰা উভতি ঘৰমুৱা '
সি যেন আজি সকলোতকৈ দুখীয়া সময় আৰু পৰিস্থিতিয়ে তাক মা, মামা ,মাহী এইবোৰ শব্দক ঘিন কৰিবলৈ শিকালে আজিকালি পিছে সিয়ো সাহস গোটাইছে আগৰ দৰে কোনোবাই ঘৰৰ কোন কোন আছে বুলি সুধিলে সি সহজভাৱেই কয়,"অকল দেউতা মা বেলেগ এজনৰ লগত পলাই বিয়া পাতিলে "
তাৰ পাছত কথাবতৰাত কিছু নিৰৱতা নিৰৱতা ভংগ কৰি পাছত সি নিজেই প্ৰসংগ সলনি কৰে ,কেতিয়াবা বেলেগ কোনোবাই
°°°°°°°°
সেইদিনা 'লিউদৰ চিনেমা এখনৰ এটা দৃশ্য চাই অবাগ হৈ 'লো সৰু লৰা এজনে সৰু ছোৱালী এজনীক কৈ আছে ,আজিকালি হেনো তাৰ মাকে দেউতাকক এৰাৰ পাছত নতুন বয়ফ্ৰেণ্ড এজন বনাইছে নতুন বয়ফ্ৰেণ্ড জনক হেনো মাকে তাৰ লগত চিনাকী কৰাই দিছে সি হেনো তাক দেউতাকতকৈ অলপ বেচিহে মৰম কৰে তাক চুইমিং পুলত লৈ যোৱাৰ প্ৰতিশ্ৰিতিও হেনো সি দিছে
জীৱনে কাৰলৈ কি কঢ়িয়াই আনে কোনে জানে।  এনেকৈ এজনৰ ভূলে আন এজনক জীৱনৰ চৰম আনন্দ আৰু সম্পদৰ পৰা বঞ্ছিত কৰে   তথাপি জীৱনটো চলি যায় সময় আৰু পৰিস্থিতিয়ে মানুহক সলনি কৰো দিয়ে তথাপি কথাবোৰ ভাবিলে দূৰ্বল হৃদয়ত অচিনাকী বেদনা এটাই খুন্দিয়াই মনত পৰে সেই ঝাৰখণ্ডৰ 'ৰাজনলৈ নতুবা গুৱাহাটীৰ বা আন কাৰোৱালৈ
ঈশ্বৰে যেন তেওঁলোকক শান্তি আৰু আনন্দ দিয়ে অমেন

©মণ্টু কুমাৰ ডেকা
নতুন দিল্লী
৩০/০৩/২০১৬

SnapDeal Offer Today
:

No comments:

Post a Comment