http://www.niyomiyabarta.org/06032016/details.php?date=06032016&page=14&article=3.gif&cid=3
২০০৬ চনৰ আগষ্ট মাহত এই অধমে দিল্লীলৈ কম্পিউটাৰ ইঞ্জিনিয়েৰিং কৰিব আহি উত্তৰাখণ্ডৰ ল'ৰা এজনৰ ৰুমত জীৱনত প্ৰথম বাৰৰ বাবে কম্পিউটাৰ দেখা পাওঁ ।প্ৰথমতে টি ভি বুলি অনুমান কৰিছিলো ।লগত থকা অসমীয়া ল'ৰা এজনক সোধাত অলপ হাঁহি সি ক'লে,"সেইটো কম্পিউটাৰ"। খুব লাজ পালো । সেইদিনাই মই এটা বিখ্যাত কথা আৱিস্কাৰ কৰিছিলো যে এই যন্ত্ৰটোত বহু খিনি কামেই কৰিব পাৰি । মহম্মদ ৰফিৰ "আনে সে উসীকি আয়ে বাহৰ " নামটো বাজি থকা সময়ত এই অধমে মাউচ নামৰ সৰু বস্তুটোৰ ওপৰত হাত এখন ৰাখিবহে পালে , লগে লগে বেলেগ এটা গান । আকৌ অকনমান একো নজনাকৈয়ে লাৰি দিয়াত যন্ত্ৰটোয়ে গান গাৱলৈও এৰি দিয়ে । ভয়তে অৱস্থা তথৈবচ । একেৰাহে কিছুসময় টি ভি ৰ দৰে স্কিন থকা মনিটৰ নামৰ বস্তুটোৰ ফালে মনিট'ৰিং কৰি থাকিলোঁ । পোন্ধৰ মিনিটৰ পাছত দেখোন মনিটৰটোত জিলিকি থকা সেই ধুনীয়া প্ৰাকৃতিক দৃশ্যৰ ফ'ট'খন অকৎমাতে নাইকীয়া হৈ কলা-কলা হৈ পৰিল । কি কৰিম কি নকৰিম ! উপায়হীন হ'লো। ল'ৰাজনক ফোন এটা কৰি জনাই দিম নেকি ? তাৰ আৰু দুই ঘন্টামান লাগিব , ক্লাচ শেষ হৈ ৰুম পাবলৈ । কিহে পাইছিল মোক তাৰ কম্পিটৰত গান শুনিবলৈ । সিও মই জনা বুলিহে সেইটো বন্ধ নকৰাকৈ গুচি গৈছিল । এনেকৈহে কিছু সময় ভৱা চিন্তা কৰি কটালোঁ । কিজানি মইহে কিবা বেয়া কৰিলো! কিয়নো এনে হ'ল ? অকৎমাতে যে মনিটৰৰ পোহৰটো নাইকীয়া হৈ গ'ল এবাৰ ভাবিলো মাউচ নামৰ বস্তুটোত আকৌ এবাৰ হাত লগাই দিম নেকি ?? নাই নিদিও ! ভয়তে পেপুৱা লাগি কথাবোৰ ভাবি থাকোতেই আকৌ লাইটোও গুচি যাব লাগে নে ? এইবাৰ দেখোন টেবুলৰ তলত থকা ইউ ,পি, এচ ,নামৰ বস্তুটো জ্বলি উঠিছে । কিবা পি পি পি ধৰণৰ শব্দও এটা কৰিছে । একো বুজি বাজি নেপাই ঈশ্বৰৰ নামেই ল'লো । কি কৰিম ,কাৰ ভূল ,গাঁৱৰ পৰা আহিছো কম্পিউটৰ ইঞ্জিনিয়াৰিং কৰিব । গাঁৱত নো আগতে ক'ত এই যন্ত্ৰটো চুই পাইছো ।চুই পোৱাৰ দুৰৰে কথা দেখাও নাছিলো । নিজকে সান্তনা দিলো …।
কথাবোৰ ভাবি কেতিয়াবা বৰ হাঁহি উঠে ।আজিও উত্তৰাখণ্ডৰ সেই ল'ৰাজনে মাজে-মাজে ফোন কৰে । আগৰ কথাবোৰ কৈ দুয়ো হাঁহো । আই,বি,এমত দাটা বেজ মেনেজমেণ্টৰ কাম কৰে । দহবছৰ দেখা দেখি নাই , তথাপি আজিও তাৰ তাৰ ফোন ৰিচিভ কৰাৰ আগতে নাজানো কিয় সেই বিশেষ দিনটোৰ কথা মনত পৰে ।বুকু খন ধপধপায় । সন্ধিয়া ঘৰলৈ উভতি অহাত মই তাক ভয়ে-ভয়ে সকলোখিনি কথা কোৱাত সি পিঠিত মৰমেৰে হাত খন ৰাখি ক'লে "কুই নহী ,এক দিন তুম কম্পিউটৰ কা মাষ্টাৰ বন জাউগে " । সি কোৱা সেই শব্দ কেইটাই মোৰ আত্মবিশ্বাস যথেষ্ট খিনি বঢ়াই দিছিল । সেই শব্দ কেইটাকে সাৰথি কৰি এটা নতুন বিশ্বাসেৰে ,এক নতুন উৎসাহেৰে লাগি পৰিছিলো মউচ, কিবৰ্ড, ইউ পি এচৰ পৰা নেটৱকিং ,পাছত দাটা বেজ এডমিনিষ্টেটৰ পথত …। জীৱনত বহু কম্পিউটৰ লেপটপৰ সমস্যা ঠিক কৰিছো ,নতুন নতুন আই, টি, টেকন'ল'জী শিকিছো ,তথাপি আজিও দেখোন সেই বিশেষ কম্পিউটৰটো মোৰ কাৰণে এটা স্মৃতি হৈ থাকিল । তাত কেনেকৈ মাউচেৰে নেক্স কৰি দ্বিতীয় গান টো বজাইছিল ,কেনেকৈ মনিটৰত নতুন নতুন ফ'ট'ৰ প্ৰদৰ্শন হৈছিল সেই কথাটোহে তেতিয়া শিকা হোৱা নাছিল । আজিও দেখোন মহম্মদ ৰ'ফিৰ "আনেসে উসীকি আহে বাহৰ…" নামৰ বিশেষ গীতটি মোৰ কাৰণে এক বিশেষ হৈ ৰ'ল ,হৃদয়ৰ ধপধপনি বঢ়োৱা এক স্মৃতি হৈ…|
© মণ্টু কুমাৰ ডেকা
মোবাইল :
08800305719
নতুন দিল্লী
No comments:
Post a Comment