“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Tuesday, 1 March 2016

টয়লেটত এদিন


 ২০০৬ ডিচেম্বৰ মাহ, দিল্লীৰ লাজৱন্তী নামৰ ঠাইডোখৰত নতুনকৈ ৰুম ভাৰা কৰি আছো আমাৰ বিল্ডিংটো দুই মহলীয়া , তলত কেইজন মান অসমীয়া 'ৰাৰ লগত মই সৰু কোঠা এটাত থাকো,ওপৰৰ কোঠাতো অসমৰে দুজনমান 'ৰা থাকে মালিক অলপ দুৰত নিজৰ বেলেগ এটা ঘৰত থাকে দিনৰ দহ মান বজাত 'দত বহি বহি পঢ়াৰ মজাই বেলেগ মই নিজৰ মেটেৰিয়েল চাইঞ্চৰ কিতাপ খন লৈ 'দত বহি-বহি পঢ়াৰ মজা লোৱাৰ ইচ্ছা কৰি ওপৰৰ মহলালৈ 'লো 'গৰ বোৰ কোনো 'তো নাই পৰীক্ষাৰ ওচৰ ,গতিকে সকলোৱে গ্ৰ'  স্টাডীৰ কাৰণে ভাগে-ভাগে ' মই নতুনকৈ আহিছো কাৰণে বন্ধুৰ সংখ্যাও নিচেই তাকৰ এজন বিহাৰী 'ৰা, দুজনমান অসমীয়া আৰু মনিপুৰী 'ৰাই মোৰ প্ৰিয় বন্ধুৰ তালিকাত আছে গতিকে মই প্ৰায়ে অকলশৰীয়া হৈ ওপৰৰ মহলাত থকা চকীখনৰ ওপৰতে বহি বেচি ভাগ সময় লিখা-পঢ়া কৰো ওপৰত থকা 'ৰা কেইজনে চাকৰী কৰে ,দিনটো ঘৰত নাথাকে সিঁহতৰ সৰুকৈ এটা ৰুম,ৰুমৰ ভিতৰতে কিটচেনটোও আছে সন্মুখত বেচি ভাগ ঠাইয়ে খালী হৈ আছে একাষে এটা টয়লেট আৰু তাৰ ওচৰতে থকা পুৰণা কাঠৰ চকীখন সেইখন চকীৰ ওপৰতে বহী মই  চিগনেল চিষ্টেমৰ বেচি ভাগ সমস্যাৰ সমাধান কৰিছো মোৰ ওচৰতে থকা পানী বটল এটা ,চকীখন আৰু ওচৰৰ সৰু টয়লেট টোৰ বাহিৰে ওপৰত আৰু একো বিশেষ বস্তু নাই দিনৰ দহ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ সেই একেখন চকীৰ ওপৰতে বহি টয়লৰটৰ কাষত পঢ়া শুনা কৰাটো অলপ আমনিজনক মাজে- মাজে মনোৰঞ্জনৰ বাবে অসমৰ পৰা নিয়া বাঁহী এটাকে বজাই দিও পিছে সেইটোও বেচিদিন বজাব নোৱাৰিলোঁ বজাব নোৱাৰাৰ কাৰণ টো ' ওচৰৰ বিল্ডিং কেইটাত থকা পোহনীয়া কুকুৰ কেইটা , আৰু লগতে গলীটোত ঘুৰি থকা বনৰীয়া কুকুৰ কেইটা যেন  দিল্লীখন সিঁহতৰ বাপেকৰহে সেইদিনাখন এবাৰ বাঁহীত সুৰ এটাহে দিব পাৰিলোঁ ,এনেতে আটাই কেইটায়ে নিজৰ নিজৰ প্ৰতিক্ৰিয়া আৰম্ভ কৰিয়েই দিলে মুৰটো গৰম হৈ ' ওচৰৰ মানুহবোৰৰটো একো সমস্যা নাই ,তেন্তে ইহঁতকেইটাৰ আকৌ কি 'সিহঁতৰ আগত সজাই থোৱা ভাতৰ কাঁহী খন মই খোৱাটো নাই নহয় নিজৰ সৈন্য সামন্ত লৈ আহি মই থকা বিল্ডিংটোৰ গেটৰ সম্মুখত চিঞৰিবলৈ ধৰিলে মই মনে মনে থাকিলোঁ কুকুৰৰ লগত লাগি থাকিনো কি লাভ ' সিঁহত কেইটাই মোক দেখা নেপালে কিন্তু ওচৰৰে বিল্ডিং এটাত বান্ধি থোৱা লেব্ৰা এটাইহে  ভালদৰে দেখা পালে তথাপি সি নো কি কৰিব পাৰিব ,তাক সদায়ে বান্ধিয়ে থোৱা থাকে সন্ধিয়া মালিক আহিলে  কাম কৰা ছোৱালীজনীয়ে তাৰ গলৰ পৰা চিকলি ডাল খুলি দিয়ে , সি একে জাপে গৈ সেই প্ৰকাণ্ড লোহাৰ গেটখন খুলি দিয়ে আৰু মালিকৰ ভৰিত পৰি সন্মোধন কৰে সেই কথাটো মই ভালদৰে জানো আৰু নিজ চকুৰে দেখিছো পিছে এতিয়া সি  কি অপকাৰ কৰিব ? তাক অকনমান জোকালো খঙতে তাৰ চুলিৰ আগেৰে যেন জুই হে বাহিৰ হৈ গৈছে সি পাৰ্য্যমানে নিজৰ গলত বান্ধি থোৱা চিকলি ডালকে কামোৰি মোক তাৰ বীৰত্বৰ প্ৰদৰ্শন কৰিলে সেই দিনাৰ পৰা চটৰ ওপৰত তাক দেখা পালে মই দুৰৰ পৰাই তাক অকনমান গালি দিয়াৰ দৰে কৰো সি যেন মোৰ মনৰ কথাহে কিবা জানে ,মোক দেখিলেই সিও সিফালৰ পৰা ভুকি দিয়ে এনেদৰে কেইবাদিনো পাৰ ' আন দিনবোৰৰ দৰে সেইদিনাও খাই বৈ মই ওপৰলৈ 'লো,লগৰ বোৰো নিজৰ নিজৰ কামত ' তিনিদিন পাছত পৰীক্ষা সেইদিনা সেই বিশেষ বিষয়টো ৰিভিজন নকৰিলে আগলৈ আৰু সময় নাই মোৰ কাৰণে এটা বিশেষ দিন কিছু সময় পঢ়া শুনা কৰাৰ পাছত অলপ মান জিৰণি 'বৰ মন ' সেই দিনাও সেই লেব্ৰা মহাৰাজে ওপৰতে শুই আছিল সি যে চকু এটা সৰুকৈ মেলি নিৰৱে মোলৈয়ে অপেক্ষা কৰি আছিল সেইটো মোৰ বুজিবলৈ বাকী নাথাকিল আন দিনৰ দৰে ময়ো আৰম্ভ হৈ 'লো তাৰ খং উঠাবলৈ বহুতো ভেঙুচালি কৰিলোঁ সিও কিছু সময় ভুকি অকস্মাতে দেখোন নাইকীয়া হৈ ' ময়ো পুনৰ টয়লেটৰ ওচৰতে থকা চকী খনৰ ওপৰতে বহী কিতাপৰ পাত কেইটা লুটিয়াবলৈ ধৰিলো এনেতে তলৰ প্ৰকাণ্ড লোহাৰ দৰ্জা খন কোনোবাই খোলা যেন হে পালো ,তাৰ পাছত হে আচল কথাখিনি মই একে দৌৰে গৈ টয়লেটৰ দৰ্জাখন খুলি   আত্মৰক্ষাৰ বাবে ভিতৰতে সোমালো মই ভিতৰত সোমোৱাত দুই চেকেণ্ড মানো দেৰি হোৱা 'লে মোৰ শৰীৰৰ পাছফলেই তাৰ প্ৰকাণ্ড দাতকেইটাৰ আক্ৰমন 'লহেতেন সৰু টয়লেটোৰ ভিতৰত থকা দুয়োডাল হুক ভালদৰে লগোৱাৰ ওপৰিও মই নিজেও দৰ্জাখনত জোৰকৈ ধৰি থাকিলো কি ঠিক তাৰ , সি এখন প্ৰকাণ্ড লোহাৰ দৰ্জাৰ হুক খুলিব পাৰিলে এই সৰু কাঠৰ দৰ্জাখনৰ অৱস্থানো কি ' ? মই বহা চকীখনত থকা কিতাপখন আৰু ওপৰতে পৰি থকা মোৰ নকীয়া ১১০০ মোবাইলটো কিছু সময় ভুক ভুকাই এইবাৰ সি টয়লেটৰ দৰ্জাখনৰ ওচৰতে বহি 'লে ভয়তে মোৰ অৱস্থা কি হৈছিল সেইয়া ঈশ্বৰ আৰু মইয়ে জানো ,অকনমান সেই লেব্ৰা মহাৰাজেও গম পালে সেই দিনাই টয়লেটৰ ভিতৰতে স্বয়ং ঈশ্বৰক সাক্ষী কৰি লেব্ৰা মহাৰাজৰ ওচৰত ক্ষমা মাগিলোঁ আৰু কানত ধৰি দহবাৰ উঠা বহাও কৰিলো যে জীৱনত কেতিয়াও কোনো কুকুৰক জোকাই নলও প্ৰায় দুই তিনি ঘণ্টামান টয়লেটৰ দৰ্জাখনৰ ওচৰত মোৰলৈ অপেক্ষা কৰাৰ পাছত সি নিজে নিজেই গুচি ' হয়তো সি কাপুৰুষৰ লগত কাপুৰুষ ' নিবিচাৰিলে ,নতুবা তাৰ মলিক অহাৰ সময় হৈছিল যোৱাৰ সময়ত মোৰ মোবাইলটোত দুটা কামোৰ মাৰি গুচি ' চয়টামান বজাত যেতিয়া সি থকা বিল্ডিংটোৰ পৰা তাৰ মাত শুনিলো তেতিয়াহে এই মহাপুৰুষে টয়লেটৰ পৰা ভয়ে-ভয়ে ওলাই সদাকালৰ কাৰণে সেই ৰুমটো পৰিত্যাগ কৰিলোঁ
© মণ্টু কুমাৰ ডেকা
নতুন দিল্লী

২৯/০২/২০১৬

                                         mmmmm


No comments:

Post a Comment