নাস্তিকনে
আত্মিক
মন্দিৰ, মছজিদ ,গীৰ্জা ,গুৰুদ্বাৰা
সজা সকলে সাজিছে
ভঙা সকলে ভাঙিছে
মোৰ কি যায় বা আহে
কাৰণ মই যে নাস্তিক।
ধৰ্ম্ম
মনা সকলে মানিছে
নমনা সকলে বিৰুধিতা কৰিছে
মোৰ একো যায় বা নাহে
কাৰণ মই যে অধাৰ্ম্মিক ।
কিন্তু
মানুহে মানুহক মাৰিলে কাটিলে
মোৰ হ'লে বহু খেলি-মেলি হয়
নাস্তিকতাবাদত ,অধাৰ্মিকতাত
তেতিয়া মই সকলো বাদ দি
আত্মিক হৈ পৰো আৰু নিৰৱে
মৃতকৰ নিৰ্মিতে শোকসভা পাতো
তেতিয়া
কৰবাত বাজি উঠে
নৰ নাৰায়ণ ৰূপ !!
নতুন দিল্লী
উদ্ধাৰ
ছাগলীকেইটাক
সেইদিনা
বাৰীৰ একাষত বান্ধি থোৱা আছিল ।
কোনোবা
এজনে কেঁচা পান খাবলৈ দিলে
কেই মুঠামান শুকান চাউল
আৰু কিবাকিবি …
এইয়া
হেনো নিয়ম উদ্ধাৰ পোৱাৰ।
এইয়া হেনো নিয়ম সমাজৰ ।
গাঁৱৰে
বোবা চোৱালীজনীয়ে
সিহঁতৰ গলত হাত বুলাই কিবা কিবি তাই নিজৰ ভাষাৰেই বুজাইছিল
…
তাই জানিছিল যে আজি
সিহঁতৰ অন্তিম দিন ।
কাজঘৰীয়াৰ ঘৰত কোলাহল
কোনোবা
দুজনে আহি ছাগলীকেইটাক লৈ গ'ল ,
হাতত
কলপাত , চোকা দাহ ।
বেঙীৰ চকুপানী , হৃদয়ৰ দপদপনি ।
কাজঘৰীয়াৰ
অকাল-আনাটন
সমাজৰ বান্ধোন ,
মৃতকৰ
আত্মাৰ সৎগতি,
সকলো
নিৰুপায় !
মাকৰ
কৰ্কত ৰোগৰ চিকিৎসাত
সিহঁতৰ মাকজনীক বিক্ৰী কৰাত
বেঙীয়ে খুব কান্ধিছিল ।
মাকৰ
মৃত্যুৰ পাছত
এই বাৰ সিহঁত দুটাৰ পাল ,মৃত্যুদণ্ড !!
এইয়া
হেনু নিয়ম উদ্ধাৰ পোৱাৰ ।
এইয়া হেনো নিয়ম সমাজৰ ।
ভোজৰ
পাতৰ মানুহৰ ভিৰ লাগিছিল
ছাগলীকেইটাৰ মাংসবোৰ চোৱাই
সিহঁতৰ মনত ৰং লাগিছিল,
তাকে
দেখি চোতালৰ একাষত
নিৰৱে বহি বেঙীয়ে চকুলো টুকিছিল ।।
এৰা
' তাইনো কি বুজিব?
এইয়া
যে নিয়ম উদ্ধাৰ পোৱাৰ |
এইয়া
যে নিয়ম সমাজৰ ।
ঈশ্বৰে সৃষ্টি কৰা জীৱৰ
এটাৰ বলিদানেৰে এজনৰ উদ্ধাৰ ।
©মণ্টু
কুমাৰ ডেকা
নতুন দিল্লী
এনে এটা দিন ( যিটো ঈশ্বৰে নানক)
হস্পিটেলৰ
পৰা মৃতদেহ কেইটা
এটা এটাকৈ উলিওৱা হৈছিল
ক'লা ধোঁৱাবোৰে আকাশ খন...
আৱৰি
ধৰিছিল…
আধাপোৰা
সেই মানুহকেইটাৰ মাজত
কণমানি ছোৱালীজনীৰ কান্দোন,
মাটিত
পৰি থকা মাকৰ পৰা
সঁহাৰি নেপাই তাই ইফালে সিফালে চাইছে
অকনমান সহাঁৰি বিচাৰি…
চাৰিওফালে
গৰ্জনি, কেকনি
যান্তনাৰ বিকট চিঞৰ ,দৌৰাদৌৰি
বাৰে-বাৰে আগভেটা দি ধৰা
বাৰুদৰ সেই ক'লা ধোৱাবোৰ
আজি
যেন বোমা বাৰুদৰ দিন ।
গোহালি
ঘৰৰ সেই দামুৰিটোৰ গাত
জুইয়ে মেৰিয়াই ধৰিছে
ওচৰত মাকজনীয়ে কেকবেকাই দৌৰিছে
দামুৰিটোৰ পোৰা যোৱা গোন্ধটোৰ লগত
আনফালৰ সেই মানুহ পোৰা
চেমেটা -চেমেটা গোন্ধটোৱে
আকাশ পাতাল আৱৰি ধৰিছে …
কলা
ডাঁৱৰবোৰৰ মাজে মাজে সেইজাক শগুন
জহি পৰি লাগিছে পোৰা যোৱা
মানুহ কেইটাৰ ওপৰত,
একাষত
কাউৰী কেইজনীৰ কা -কা…
বুঢ়ী
আইতাক জনীয়ে পোনাকণক
বিচাৰি পাইছে সেই জুইকুৰাৰ মাজত
তাৰ শৰীৰত জুইৰ তাণ্ডব নৃত্য
এফালে ভোজনৰ বাবে শগুন বাহিনী ।
সৌৱা
আজাদে মন্দিৰত নামাজ পঢ়িছে
হলধৰে মচজিদত নাগৰা বজাইছে
গীৰ্জাৰ ঘন্টাৰ শব্দটোৱে চাৰিওফালে
কম্পমান কৰি তুলিছে…
আজি
যেন ঈশ্বৰক পৃথিৱীত
নমাই অনাৰ দিন ।।
©মণ্টু
কুমাৰ ডেকা
নতুন দিল্লী
জীৱন বাটৰ খোজবোৰ
সেইদিনা
মই বহুত কান্দিছিলো
মোৰ
দূখবোৰে মোক
আঁকোৱালি
ধৰিছিল,
মই
বেদনাত ছটফটাই আছিলো
মোৰ
চকুলো নিগৰি আহিছিল
মই
প্ৰভূক চিঞৰি চিঞৰি মাতিছিলো…
এনেতে
প্ৰভূয়ে
মোৰ কান্ধত হাত ৰাখিলে
মোক
ক'লে –
"তুমি
জীৱনবাটৰ খোজবোৰ চাইচানে?"
"নাই
নাই চোৱা"-চকুলো মচি মচি মই ক'লো ।
তেওঁ
অকনমান হাঁহিলে, ক'লে "চোৱা"|
মই
এটা এটাকৈ খোজবোৰ চালো ,
এৰা
মোৰ খোজবোৰৰ লগত বেলেগ এজনৰ খোজ
কিছুমান
ঠাইত আকৌ কেৱল মোৰেই খোজ ,
মোৰ
লগত যোৱা সেইজন বাৰু কোন ?
মোৰ
খোজবোৰৰ লগত বাৰু কাৰ খোজ সেয়া?
মই
আচৰিত হৈ প্ৰভূক সুধিলো ।
তেওঁ
অলপ হাঁহিলে আৰু ক'লে
জীৱনৰ
বাটত মোৰ লগত থকা খোজবোৰ তেওঁৰেই।
তেওঁ
সদায়েই মোৰ সংগে সংগে
গতিকে
মোৰ খোজবোৰৰ লগত তেওঁৰ খোজবোৰ,
কিন্তু…
কিন্তু
কিছুমান ঠাইত যে কেৱল এজনৰেই খোজ
সেইজন
কোন ?
তেওঁ
নিৰৱে ক'লে সেয়াও তেওঁৰেই খোজ।
মই
ক'লো মোৰ জীৱনত কেৱল তোমাৰেই খোজ ?
মোৰ
খোজবোৰ ক'ত গ'ল?
তেওঁ
অতি নম্ৰতাৰে ক'লে-"তোমাৰ খোজবোৰ নাই ,
কাৰণ
সেই সময়ত তুমি নাছিলা ।"
"মই
নাছিলো ,মই বাৰু ক'ত আছিলো বাৰু ?"-মই সুধিলো ।
"তুমি
মোৰ কান্ধত আছিলা,
তেতিয়া
মই তোমাক উঠাই লৈছিলো
মই
তোমাৰ সমস্যাবোৰ উঠাই লৈছিলো
সময়ৰ
বালিত কেৱল মোৰেই খোজবোৰে
বিৰাজমান
কৰিছিল ,
সেইবোৰ
দিনত কেৱল ময়েই জীয়াই আছিলো
তোমাৰ
জীৱনত ,
তোমাৰ
হৈ কেৱল ময়েই যুঁজিছিলো
কিয়নো
সেইবোৰ তোমাৰ বিপদৰ দিন আছিল
সেইবোৰ
দিনতেই তুমি মোলৈ চিঞৰিছিলা
উচুপি
উঠিছিলা যিদৰে আজি" - তেওঁ কৈ গৈছিল ।
©মণ্টু
কুমাৰ ডেকা
নতুন দিল্লী
এখন কাগজ
সেই
আধৰুৱা শব্দকেইটা
লিখা কাগজখন চাগে
আজিও
একেদৰেই আছে…
সময়
উকলিল
পৃথিৱীখনত আহিন কাতি
বহুতেই আহিল…
দিনৰ
পাছত ৰাতি
ৰাতিৰ পাছত আকৌ দিন
চন্দ্ৰগ্ৰহণ , সূৰ্যগ্ৰহণ ....
ঠিকনা
বিচাৰি গৈছিলো
নেপালো,
মাথো
পাইছিলো
চিয়াঁহী শেষ হৈ যোৱা
এটা ৰঙা কলম।
আকাশখনো
ৰঙা হৈ গৈছিল
ডুবিব ধৰা সূৰ্যটোৱে
মোৰফালে বাৰে-বাৰে চাই
মিছিকিয়াই হাঁহিছিল ,
মোৰ
হৃদয়ৰ
আগ্নেয়গিৰিটোৱে তেতিয়া
দপদপাই আছিল
উদ্গীৰণ হ'ব খুজিছিল
সেই শেষৰ শব্দটো…
নাছিল
মাথো
সেই কাগজখন
আৰু চিয়াঁহীৰে ভৰা
এটা কলম ।।
©মণ্টু
কুমাৰ ডেকা
নতুন দিল্লী
বতাহজাক
বতাহজাক
তেতিয়াই আহিছিল
মোৰ পদূলিৰ
শেৱালীজোপাৰ
কোমল কোমল
পৰশ বিচাৰি…
দাক্ষিনাত্যৰ
পৰাও
আহিছিল
সেতুৱা ধৰা
সেই ডাঁৱৰবোৰ
সেমেকা দিনৰ
ঠিকনা বিচাৰি,
ভাবিছিলোঁ
বতাহজাক থাকিব
হৃদয়ৰ এচুকত
মিচৰৰ সেই
পীৰামিডবোৰ হৈ,
শৰতৰ
সেউজীয়া ধাননিত
খলকনি তুলিব
পিতায়ে কাঁচি খনত শেন দিব,
আইতাই
নখোৱাৰ
আগলি কলাপাত বিচাৰি যাব,
আলিবাটৰ
এচুকত
দুৱৰীয়ে নিচুকাব,
ভাবিছিলোঁ
বতাহজাক থাকিব !
পিছে!
আহিনৰ
সেই
সেমেকা দিনবোৰ নেওচি
বতাহজাক মিলিল গৈ
দাক্ষিনাত্যৰ এচুকত
সাজি কাচি ৰৈ থকা
শেৱালীবোৰ
গচকি ।
©মণ্টু
কুমাৰ ডেকা
নতুন দিল্লী
জীৱনৰ গতি
জীৱনটোৱে
যেন বৰ খৰকৈ গতি কৰিছে
সেই দিনাইচোন সুলকি যোৱা পাটলুনটো
ওপৰলৈ
টানি ধৰি মা -মা বুলি চিঞৰিছিলোঁ
নাকৰ শেগুন মচি -মচি…
জোনবাইৰ
দেশলৈ হাত বাউলি
ত'ৰা বিচৰা দিনবোৰ যেন
সৌ সিদিনাই এৰিছিলোঁ ,
আকাশে-বতাহে
অজিও
সেই ধুনীয়া ধুনীয়া চিলাবোৰ উৰে
শৰতৰ ৰাতিপুৱা শেৱালীবোৰে
নিয়ৰৰ লগত লুকা-ভাঁকু খেলে
বাৰীত আম কঠাল জাম আজিও লাগে
জামৰ গছৰ সেই ৰঙা-ৰঙা বৰলবোৰ
গুৰিত এচুকত পৰুৱাবোৰ
আজিও যেন সিহঁত নেতা বিহীন
তথাপিও যেন সিহঁতে কাম কৰে
দীঘল দীঘল শাৰী পাতি যাত্ৰা কৰে
তথাপিও আজি যেন সময় নাই
জীৱনৰ পৰা কিচু আতৰি আহি
সিহঁতক পৰ্যবেক্ষন কৰাৰ
সময় নাই আইতাৰ সাধু কথা শুনাৰ
এৰা জীৱনটোৱে বহু খৰকৈ গতি কৰিছে
সময় নাই সময়ৰ সোঁতত এৰি অহা
প্ৰিয়জনৰ খবৰ ল'বলৈ ,
জীৱনটো
হৈ পৰিছে এটা যন্ত্ৰ
প্ৰকৃতিৰ পৰা আৰম্ভ হৈ এটা যন্ত্ৰলৈ
কিচুদিন পিছত আকৌ প্ৰকৃতিৰলৈ
এটা খৰটকীয়া যাত্ৰা ।।
©মণ্টু
কুমাৰ ডেকা
নতুন দিল্লী
শৈশৱ
আইৰ
কোলাত মূৰ গুজি
মৰম বিচৰা সময়ত
মোৰ দেশলৈ
নাহিবি
তই শিয়ালী ,
এইয়া
আমাৰ সময়
পখিলা খেদাৰ…
আকাশৰ
ত'ৰাবোৰ
এটা এটাকৈ ভগাই লোৱাৰ,
হাত
বাও দি দি
জোনবাইক মতাৰ সময় ,
এইয়া
আমাৰ সময়
আইতাৰ নিচুকনি গীত শুনাৰ ।
বালিৰে
ঘৰ সাজি
কইনা-দ'ৰা খেলাৰ যুগত
আমাৰ দেশলৈ নাহিবি
তই শিয়ালী অ'ই
এইয়া আমাৰ সময়
বালিঘৰ সজি
ৰজা-ৰাণী খেলাৰ
জীৱনৰ ৰংবোৰেৰে
ছবি অঁকাৰ…
সময়ৰ
বালিত ৰৈ যাব
আমাৰ কুমলীয়া হাতকেইখনৰে অঁকা
সেই ৰঙীন ছবিবোৰ …
দিনবোৰ
লাহে-লাহে
বাগৰি গৈ এদিন হয়তো
সময়ে উচুপি উঠিব ।
এৰা , শিয়ালী তই নাহিবি
আমাৰ জীৱনৰ শৈশৱত ।।
©মণ্টু
কুমাৰ ডেকা
নতুন দিল্লী
১৬\মাৰ্চ\২০১৫
(
শৈশৱৰ এৰি অহা মধুৰ দিনবোৰ আৰু যেন কেতিয়াও উভতি নাহে আমাৰ জীৱনলৈ…… কথাবোৰ ভাবিলে
বৰ আবেগিক হোৱা যায়)
অলপ সাহস লাগে
সাহস
লাগে সাহসী হ'বলৈ
জীৱনৰ কাইটীয়া বাটেৰে
খোজ কাঢ়ি ভৰি ৰঙীণ কৰিবলৈ ,
" হে ঈশ্বৰ মোক কিছুমান সমস্যা দিয়ক,
মই
সমস্যা হীন " বুলি
সমস্যাক ভাল পাবলৈ ,
সাহস
লাগে সত্যক স্বীকাৰ কৰিবলৈ
মিছাক বিসৰ্জন দি
সঁচাক আঁকোৱালিবলৈ ,
সাহস
লাগে ত্যাগ কৰিবলৈ
মদ ,ভাং ,বিড়ি -চিগাৰেট
বেয়া সংগ ,বেয়া কথা ,বেয়া স্বভাৱ
জীৱন ধংস কৰা আৰু
ক'ত যে কি?
সাহস
লাগে ৰাতিপুৱা
সোনকালে উঠিবলৈ
শীতৰ সেমেকা ৰাতিপুৱা
শয্যা ত্যাগ কৰিবলৈ ,
সাহস
লাগে লাজ নকৰিবলৈ
নিজৰ প্ৰতিভা প্ৰকাশ কৰি
দুই বা তিনিজনৰ আগত
নিজকে প্ৰকাশিত কৰিবলৈ,
সাহস
লাগে এলেহুৱা নহবলৈ
আজি কৰিম কাইলে কৰিম বুলি
হৈ নুঠা কামবোৰ আৰম্ভ কৰিবলৈ ,
সাহস
লাগে কথা কবলৈ
ভয়ত পেপুৱা নালাগি
নিজৰ প্ৰাপ্যৰ কাৰণে
সমাজৰ স্বাৰ্থৰ হ'কে
মাত মাতিবলৈ ,
সাহস
লাগে হাঁহিবলৈ
দুখৰ চকুলো নুমুচি
জীৱনটো এটা অভিনয় বুলি
হাঁহি-হাঁহি জীৱনটো
সুন্দৰ কৰিবলৈ ।
সাহস লাগে ভাল পাবলৈ
নিজৰ শত্ৰুকো ক্ষমা কৰি
নিজে নত হৈ
হিয়া উজাৰি ভাল পাবলৈ ।
এৰা
,আকৌ ক'লো
সাহস লাগে সাহসী হ'বলৈ
প্ৰচণ্ড শক্তিৰ অধিকাৰী হ'বলৈ
এই জীৱনটো অসাৰ কেবল অসাৰ
যেন বতাহক ধৰিবলৈ কৰা চেষ্টাহে
সাহস লাগে হাঁহি- হাঁহি
মৃত্যুকো স্বীকাৰ কৰিবলৈ ।।।
©মণ্টু
কুমাৰ ডেকা
নতুন দিল্লী
১২/মাৰ্চ/২০১৫
অপেক্ষা
উভতি
যোৱা বেলিটো
চাবলৈ আহিবা এবাৰ
জীৱনৰ বিয়লি বেলাত,
শেতা
পৰা দুখনি হাতেৰে
সপোন ৰচি-ৰচি
আকাশৰ সীমাৰ পৰা
পাৰি অনা দুটি
ত'ৰা এতিয়াও আছে
তোমালৈ বুলি ,
তুমি
আহিলে লৈ যাবা
তোমাৰ বাৰীত লগাবলে ।|
©মণ্টু
কুমাৰ ডেকা
৮/মাৰ্চ/২০১৫
নতুন দিল্লী
(
প্ৰেমিকবোৰ বুঢ়া হ'লে…এনে smile emoticon )
জীৱনৰ বাট…
____________
জীৱনলৈ
আৰু বহু দূৰ
শেষ হৈ হৈ
শেষ নোহোৱা
সুখ-দুখৰ,পোৱা-নোপোৱাৰ
এটা অগভীৰ যাত্ৰা ।
গধুলিৰ
সেই ডুবু-ডুবু কৰা
ৰঙীন সূৰুযটি ,
ডুবিব
খুজিও
যেন বাৰে বাৰেই খেলিছে
লুকা-ভাঁকু
আন্ধাৰ আৰু পোহৰৰ স'তে
এবাৰ ডুবি গ'লেই
পাৰ হৈ যাব এটা দিন
আকৌ যেন আৰম্ভ হ'ব
এটা ৰাতি ,
এটা
নতুন দিনৰ…|
©মণ্টু
কুমাৰ ডেকা
নতুন দিল্লী
তোৰ অস্তিত্বই বা কি ?
অ’ই মানুহ
তই আৰু কিমান দিন জীয়াই থাকিবি
তোৰ অস্তিত্বই বা কি ?
তই যেন এটা মুহুর্ত্বহে
এতিয়া আছা খন্তেকতে নাই..
তথাপি তই মৰিচ দিনে ৰাতিয়ে
এটা যন্ত্র হৈ ধন অর্জাৰ সাধনাত..
তোৰ মাজত সোমাই থকা সেই প্রকাণ্ড দানৱটোৱে
এফালৰ পৰা খাই আছে তোক
এদিন হয়টো হ'ব তোৰ সমাপ্তি...
আৰু কিমান দিন শুই থাকিবি
তথাপি তোৰ কোনো উমধামেই নাই
কেৱল ভাগৰিছা বেদনাত চটফটাই
পোৱা-নোপোৱাৰ
হিছাপবোৰ লৈ..!
তোৰ হৃদয়ত থকা প্রকাণ্ড বেদনাৰ বোজাটো
সদাই নাথাকে , নাথাকে চকুৰ চকুলোঁবোৰ
সাহসী হোৱা প্রচণ্ড শক্তিয়ে তোক আবৰি ধৰিব
মাথো জানি লোৱা তই যেন এটা মুহুর্ত্বহে
বিচৰাবোৰ পাই বা কি লাভ তোৰ
নেপালেও দুখ কৰি লাভ কি তোৰ
অকনমান কেঁচা মাটি বিচাৰিছিলা
তোক গোটেই পৃথিবী খনেই দিম
কবিতা লিখিবলে ,পাৰিবা জানো লিখি শেষ কৰিব ?
অকনমান কোমল মেঘ বিচাৰিছিলা
গোটেই আকাশ খনেই দিম
পাৰিবা জানো বেদনাবোৰ কৈ শেষ কৰিবলে ?
ধনীবোৰ কেনেকৈ মৰে ,
ভিখাৰীৰ দৰেই নহয় জানো ?
তেনেহ'লে ধনী হৈ লাভ কি ?
জীৱনত জীয়াই থাকিয়েই বা কি লাভ
এদিনটো মৰিব ই লাগিব ..?
জীৱনটো বিশ্লেষন কৰি বা কি লাভ
ভাগ্যৰ চাবি কাঠি তোৰ হাতত নহ’লে..
সকলো বোৰ যেন অসাৰ
বতাহক ধৰিবলে চেষ্টা কৰাৰ দৰে..!
সমাধান কেৱল এটাই
ঈশ্বৰৰ
নাম লৈ জীয়াই আছা
পোৱা নোপোৱাৰ হিচাপ বোৰ কৰি লাভ নাই !!!
©মণ্টু
কুমাৰ ডেকা
নতুন দিল্লী
No comments:
Post a Comment