“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Friday, 17 March 2017

হেৰাই যোৱা হাঁহিবোৰ:

হেৰাই যোৱা হাঁহিবোৰ:

  "মই এজন গহীন মানুহ।মই খোলাকৈ নাহাঁহো,হাঁহিব নোৱাৰোঁ।হাঁহিলে দেখোন মোৰ ওজনটো একেবাৰেই কমি যাব। কৰ্মস্থলীত হাঁহিব নোৱাৰোঁ,সমাজত নোৱাৰো,ঘৰতো নোৱাৰোঁ।হাঁহি উঠিলেও নহঁহাকৈ থাকি থাকি মোৰ দেখোন নহহাঁতো এটা অভ্যাসেই হ'ল।এক কথাত হাঁহিবলৈ মই পাঁহৰিয়েই গৈছো।মানুহে মোক গহীন বুলি কয়। ব'ৰিং হয়।মোক দেখোন গহীন হৈয়ে থাকিব মন যায়।মানুহক খোলাকৈ হহাঁ দেখিলে মোৰো হাঁহিব মন যায়।পিছে মোৰ ওজনটো কমি যায় বুলিহে মই হাঁহি ধেমালি কৰিব নোৱাৰোঁ।মই যেন ক'ৰবাত আবদ্ধ। মোক যেন  বান্ধি থোৱা হৈছে।মই যেন স্বাধীন নহওঁ। মই বয়সীয়াল।
আজি কালি মোৰ দৰে বহু মানুহেই সমাজত আছে।কিছুমানে মনৰ দুঃখত ,ধনৰ দুঃখত,পৰিয়ালৰ দুঃখত,কামৰ  ব্যস্ততাত একেবাৰে দেখোন হাঁহিবলৈয়ে এৰিলে।মানুহৰ মুখত মোৰ দৰেই হাঁহিবোৰ নোহোৱা হ'ল।মানুহবোৰ দিনে-দিনে  বিষাদাচ্ছন্ন হৈ গৈছে।খোলা হাঁহি মাৰি জীৱনটোক উপভোগ কৰিবলৈ মানুহে পাহৰি গৈছে।সম্পৰ্কবোৰো আগৰ দৰে মধুৰ নহয়।মানুহবোৰ ব্যস্ত।কিন্তু ক'ত? যন্ত্ৰত?  মানুহবোৰ দিনে-দিনে যান্ত্ৰিক হৈ গৈছে।আজি কালি হাঁহিবলৈ মানুহে যন্ত্ৰৰ সহায় লয়। মানুহে "ভিডিঅ' গ্ৰেম" চাই হাঁহে,মোবাইল অপ্লিকেচন চাই হাঁহে,ছফট'ৱেৰ প্ৰগাম চাই হাঁহে। টি ভি চাই হাঁহে।আচৰিত কথা মানুহে পইচা দি হাঁহিবলৈ যায়।টকাৰে হাঁহি কিনে।মানুহে "লাফিং ক্লাব" জইন কৰে,হাঁহিবলৈ।হাঁহি কিনিবলৈ লাফিং ক্লাবত যোৱা সকলক দেখি বেচোতা সকলে খূব হাঁহে।  কয় ,"চোৱা চোৱা জীৱনৰ মেৰপাকত পৰি হাঁহিবলৈয়ে পাহৰিছে ,পইচা দি হাঁহিব আহিছে "| ডক্তৰেও প্ৰায়ে ঔষধ নিদি হাঁহিবলৈহে কয়।মানুহবোৰ বিপাঙত পৰে ফূৰ্ত্তি-তামাছা বিচাৰি,শান্তি বিচাৰি,খোলা প্ৰাকৃতিক হাঁহি বিচাৰি।আগৰে দৰে হাঁহিবোৰ যেন নাই।মৰম চেনেহ যেন নাই,মানুহৰ আন্তৰিকতাও নাই।"

         -  কথাখিনি মোৰ নহয়।সেই দিনা নহঁহা মানুহ এজন দেখি এনে অনুভৱ হ'ল।মানুহজনে ইমানেই গহীন দেখুৱালে মোক কম বয়সীয়া বুলি কথায়েই নেপাতিলে। হহাঁতো দূৰৰে কথা। মই তেওঁক "মেণ্টেল" বুলি মনতে ঠিৰাং কৰিলোঁ।কাৰণ নহঁহা মানুহবোৰো কিবা এটা শতাংশ পাগল |
 ব্যক্তিগতভাৱে  , মই  হাঁহি  ভাল পাওঁ | বেচি গহীন মানুহৰ লগত কথাবতৰা পাতিবলৈ বৰ অসুবিধা পাওঁ। হাঁহি মুখীয়া মানুহ ভাল লাগে। জীৱনৰ সমস্যাৰ মাজতো ৰগৰ কৰি প্ৰতিপলে জীৱন উপভোগ কৰা মানুহ মোৰ আদৰ্শ। বুঢ়া মানুহ যি নিজৰ ওজন কমাৰ ভয়ৰ নাহাঁহে,বা কম বয়সীয়াৰ লগত ভালদৰে কথা নেপাতে এনে মানুহৰ পৰা আঁতৰত থাকোঁ।
মানুহে মোক চেলেপো কওঁক,পাতল কওঁক যিয়েই নকওঁক মই কওঁ
"হাঁহিৰে জীৱন সুন্দৰ কৰা
চকুৰ পানীৰে নহয়"
  
হাহঁক।খোলা হাঁহিৰে জীৱন সুন্দৰ কৰক। আনৰ পংগুতাক,বা বিফলতাত নাহাঁহি সজ কথাত কাৰো ক'তো অন্যায় নোহোৱাকৈ খোলাকৈ হাঁহক। এৰা সমস্যাক দোহাই দি হাঁহিবলৈ পাহৰা সকল,সমস্যা কাৰ নাই?

"সদায় আনন্দ কৰা" -কথাষাৰ মোৰ ভাল লাগে। অসত্যত আনন্দ নকৰি সত্যত আনন্দ কৰক।জীৱনৰ পৰা পাবলগীয়া  ভাগ বা জীৱনৰ পৰা নিব লগীয়া কি  আছে?? হাঁহি ধেমালীৰ সুন্দৰ জীৱনেই নহয় জানো?
  
গতিকে অকনমান আনন্দ কৰি হাঁহকছোন।বেচি গহীন নহৈ অকনমান খোলা হাঁহি মাৰিবলৈ চেষ্টা কৰক।হাঁহি নোলালে এবাৰ আইনাখন চাই কোনো ক'তো নোহোৱাকৈ চেষ্টা কৰক। নোলালে মোক ক'ব বেলেগ উপায় আছে। :)
©মণ্টু কুমাৰ ডেকা
নতুন দিল্লী
 Phone :  8800305719



Saturday, 4 March 2017

এটুকুৰা নাৰিকলৰ কাহিনী:


এটুকুৰা নাৰিকলৰ কাহিনী:

ৰলৈ গ’লে এটাকৈ নাৰিকল গোটাই গোটাই ভক্ষণ কৰি দিওঁ | মানুহে খকুৱা , ভুকীয়া বা ক্ষুধাতুৰ যিয়েই নকওঁক মই এই ক্ষেত্রত কাকো ভ্ৰূক্ষেপ নকৰোঁ |

সেই দিনাৰ কথা ,অকলে অকলে ব’ৰিং হ’লে লগৰ জনক মাতো | দুয়ো কথাৰ মহলা মাৰি গৈ পাওঁ ওচৰৰ পানৰ দোকান খনলৈ| জর্দা খোৱাৰ সাহস নাই লগৰজনে তিনিশ বিশ  নে চাৰিশ মুঠতে কিবা এটা বিশ মিহলাই মলমলীয়াকৈ পান খন চোৱায় | মই চূণ নলগোৱাকৈ অকনমান হীৰামতি আৰু নাৰিকল মিহলাই হে খাওঁ| কিছুসময় আমি দুয়ো একো নোকোৱাকৈ পান চোৱাই অসমীয়া অসমীযা অনুভৱ কৰোঁ | দোকানীজনে কথাটো জানে | সেই দিনাও আন দিনাৰ দৰে দোকানীজনক অকনমান নাৰিকল বেচিকৈ দিবলৈ কোৱাত যিটোহে শুনালে |তেওঁ নাৰিকল হেনো অর্ডাৰ কৰি অসম আৰু তামিলনাডুৰ পৰাহে আনে | ক’বৰ মন গৈছিল ,“ আমাৰ ঘৰলৈ যাব গোটাই গোটাই নাৰিকল খুৱাম , কিমান খাব?”

কথা এটা মনলৈ আহিল | আমি সৰু থাকোঁতে এদিন ৰান্ধনী ঘৰৰ চাল চিলাবলৈ গাঁৱৰে দুজনমানক মাতিছিল| হলধৰ খুড়াহতো আছিল| বাইদেউ আৰু মই স্কুললৈ গৈছিলোঁ| সেই দিনা শনিবাৰ আছিল | সোনকালে স্কুল চুটি দিছিল| স্কুলত আছিলোঁ যদিও আমাৰ মন-প্রাণ কেবল ঘৰতেই আছিল| বাইদেউক স্কুলতে কৈছিলোঁ , ” মই হ’লে ডাঙৰটো খাম , তাই মাজুটো আৰু দাদাই একেবাৰে সৰুটো”| দাদাই পিচে লাহে -লাহে খোৱাটো এৰিছিল| আমাৰ মনত নানা ৰং | বৰা চাউলৰ জলপান , নাৰিকল, আৰু পিঠা, সান্দহ গুৰা ও আছে লগতে| আমাৰ মন প্রাণ পিছে সেই নাৰিকলত হে| হলধৰ খুড়াই মামাহঁতৰ ঘৰৰ পৰাই চাৰিটা নাৰিকল ৰাতিপুৱাই আনিছিল| লগে লগে আমি তিনিও মিলি এটা খাই দিলোঁ | বাকী থাকিল তিনিটা| স্কুললৈ যোৱাৰ সময়ত খুড়াক কৈ গৈছিলোঁ যে মোৰ ভাগৰ কোৰোকাটোৰ পৰা যেন বেছিকৈ নাৰিকল নুলিয়াই | পানীখিনিও যেন সজতনে থৈ দিয়ে| স্কুল়ৰ পৰা আহিয়েই বেগটো টেবুলত থৈ একেবাৰে কোৰোকা বিচৰাত লাগি গৈছিলোঁ||

এল পি স্কুলত থাকোঁতে লগৰ দিপুৱেও বস্তাৰ ভিতৰত ভৰাই এদিন কোৰোকা লৈ আনিছিল| লেজাৰৰ সময়ত আমি দুয়ো গৈ মনে মনে এঠাইত কোৰোকা কামোৰাত লাগি গৈছিলোঁ| দিপুৰ নাকেৰে বৈ যোৱা শেঙুন কোৰোকাত লাগি গৈছিল| মই পিছে মন কান দিয়া নাছিলো| মাজে -মাজে কৈছিলো ,” দোষ্টি মোকো একামোৰ দিয়া”| কোৰোকাত নাৰিকলেৰে ভৰি আছিল| সেইদিনা কোনোৱা আলহী অহাৰ কথা আছিল হেনো সিহঁতৰ ঘৰত | স্কুললৈ অহাৰ সময়ত মনে-মনে বেগত ভৰাই লৈ আনিছিল মাকে আথেৰেথে থৈ দিয়া কোৰোকাটো|

কেইবা বছৰো হ’ল ঘৰৰ পৰা  দূৰত  থকাৰ| সময়ে বহুখিনিয়েই পৰিবর্তন কৰিলে| ঘৰৰ সৰু নাৰিকল কেইডালো ডাঙৰ হৈ নাৰিকলেৰে ভৰি থকা হ’ল | আজিকালি খাওঁতাহে নাই |
অসময়ত আমি গৰুৰ গাড়ী এখন ঘৰত থাকোতেই গপতে গঙাটোপ হোৱাৰ দৰে হৈছিলোঁ | আজিকালি পিছে বি এম ডব্লিঊ থাকিলেও যেন কোনোৱে কেয়াৰেই নকৰে| ঘৰে -ঘৰে গাড়ী| সেই দিনা ঘৰলৈ গ’লো | মায়ে ৰান্ধনীঘৰত কোৰোকা ৰোকি আছে | ময়ো ওচৰতে বহি সুখ দুখৰ কথা পাতি আছো | নাৰিকল ৰোকাৰ পাছত কোৰোকাটো মোৰ ফালে দি মায়ে মিঠা হাঁহি এটা মাৰিলে | মই ক'লো “ এহহ অলপ আগতে এটা খালোঁ|” | মায়ে ক’লে, ” এইটোও খা আকৌ , সৰুতে যে.......”

ভতিজাজনে চোতালতে কিবা কিবি খেলি আছে | চয় বছৰীয় | মই গৈ কোৰোকাটো দি ক'লো ,” খোৱা এইটো”| সি অকনমান লাৰি চাই একো নেপাই কালুক দিলেগৈ| কালুৱেই অকনমান শুঙি চাই নেজডাল ল’ৰাই গুচি গ’ল | এইবাৰ সি গৈ গোহালীত থকা গাই জনীক দিলেগৈ | গাই জনীয়েই জিভাখন ভৰাই একো নেপাই কামোৰি এফালে থৈ দিলে|

সি খূউব মজা পালে| দৌৰি আহি ক'লে ”খুড়া খুড়া কোৰোকাটো কুকুৰটোৱেও নেখালে, গাইজনীয়েও নেখালে, হে হে হে “

ওচৰতে বহি থকা দাদা ই আমালৈ চাই ক’লে ,” আজিকালিৰ ল'ৰা ছোৱালী ক'ত গম পাব কোৰোকা খাই বুলি? এটা এটা নাৰিকল হে লাগে |”

পানখন চোবাই  চোবাই লগৰ জনক কাহিনীটোকে কৈ আছিলোঁ | পুনৰ নাৰিকলৰ সৰু টুকুৰা এটাক লৈ দোকানীজনে কিবা ক’লে এইবাৰ শুনাই দিম পিছে|

 

 

© মণ্টু কুমাৰ ডেকা

নতুন দিল্লী

ফোন: ৮৮০০৩০৫৭১৯