টল ফ্ৰী নম্বৰ:
------------------
"ব্ৰিটিছ ইংলিছ " বুলি লিখা ফলক খনৰ ফালে আগবাঢ়িলোঁ…। লগত মোৰ বিহাৰী ৰোমমেটজন। তামাম টেনচন।দুই মাহৰ ভিতৰত "ফাৰু" ইংলিছ ক'ব নোৱাৰিলে কতো একোৱেই নেপাম ।ধুনীয়া মেডাম এজনীয়ে আঁদৰিলে ।গ'লো। সমস্যাৰ কথা ক'লো। "চ","ছ","স",'ট" ইত্যাদিবোৰ উচ্চাৰণ কৰিব দিলে।এম ,টি ,আই, খাৰ খোৱা অসমীয়া জিভা। ৫০০০টকা ফীজ। ছয় মাহতেই হেনো "ফাৰু "ইংলিছ ক'ব পাৰিম বুলি গেৰাণ্টিও দিলে। সেমেনা সেমেনা কৰি উলাই আহিলোঁ। আৰ্থিক অনাটন। পিছে মেডাম জনীয়ে কোৱা উপদেশ এটাকহে শিৰত লৈ আহিলোঁ। উপদেশটো এনেধৰণৰ ,ইংৰাজী কোৱাৰ অভ্যাস কৰিবলৈ নিতৌ দুই তিনি ঘণ্টা কলচেণ্টাৰ বা যিকোনো টল ফ্ৰী নম্বৰত ফোন কৰি ইংৰাজীত কথা পাতিব লাগিব ।চয়মাহ মান এনে কৰিলে হেনো কামত দিব ।
ৰোমত আহি লাগি গ'লো ১৮০০ ৰে আৰম্ভ হোৱা টল ফ্ৰী নম্বৰ বিচৰাত ।তিনিটা নম্বৰ পালোঁ। লাগি গ'লো কথা পতাত … এদিন দুদিন …এমাহ ,দুমাহ।বহুতে আমাৰ নম্বৰ কেইটা ব্লেকলিষ্টতো থ'লে।বাকী থাকিল গৈ " বি এম ডব্লিউৰ" টল ফ্ৰী নম্বৰটোহে। সেইটোতহে সদায় ফোন কৰোঁ। নাম ঠিকনা সাল-সলনি কৰি কৰি কওঁ।অসমৰ কথা নকও :) ।এদিনৰ কথা ,সিফালে বহি থকা মহিলা জনীয়ে নাম ঠিকনা সোধাৰ পাছত পালেগৈ ক্ৰেডিট কাৰ্ডৰ কথালৈ।তায়ো খুব উৎসাহেৰে কৈ আছে যিহেতো গাড়ী এখন বেছিব পাৰিব ,কমিচনৰো কথা আছে।(ইতিমধ্যে ময়ো সলসলীয়াকৈ নিখুদ ভাবে ইংৰাজী ক'ব পৰা হৈছো।)
: চাৰ , ডু ইউ হেভ ক্ৰেডিট কাৰ্ড ?
: ক্ৰেডিট কাৰ্ড? হোৱট ইজ দেট? আই হেভ এ টী এম কাৰ্ড এনলি।
: চাৰ ইউ আৰ গয়িং তো বাই বি এম ডব্লিউ ,এণ্ড ইউ ডণ্ট ন' হোৱট ইজ ক্ৰেডিট কাৰ্ড ?
কিছু পৰ নিৰৱ হৈ ক'লো ,"মেডাম বি এম ডব্লিউ কিনিবলৈ নহয় । ইংৰাজী প্ৰেকটীজ কৰিবলৈহে আপোনালৈ ফোন কৰোঁ।"
৫০০০ টকা নিদিলোঁ। কিন্তু এনেদৰে উল্টা- পুল্টা টল ফ্ৰী নম্বৰত যধে-মধে ফোন কৰি প্ৰয়োজনৰ জোখাৰে ইংৰাজী শিকি গ'লো।
তেনে কৰাতো আমাৰ ভূল হৈছিল।গ্ৰাহক সেৱাত কাম কৰাবোৰৰ যথেষ্ট টাৰগেট থাকে, ওৱৰ্ক প্ৰেছাৰ থাকে।সৰু চাকৰি।পিছে তাৰেই কাৰোৱাৰ জীৱন চ'লে …কথাটো এতিয়াহে উপলব্ধি হয়
("ফাৰু" শব্দটো দিল্লীত বিশেষকৈ প্ৰয়োগ হয়। শব্দটোৰ অৰ্থ অত্যাধিক অৰ্থত ,বঢ়িয়া ,ধুনীয়া ধৰণৰ…)
©মণ্টু কুমাৰ ডেকা
নতুন দিল্লী
নতুন দিল্লী