মদাৰৰে ফুল হেনো পূজাতো নেলাগে ,কিন্তু পূজাত নালাগিলেও লাগিলেও আমাৰ কাৰণে মদাৰ ফুল এক স্মৃতি হৈ ৰ'ল ।শৈশৱৰ প্ৰতিটো সোনালী ক্ষণ যেন ৰঙা মদাৰৰ একোটা একোটা থোপাৰে সজ্জিত হৈ ৰ'ল । ভূপেন দাৰ সেই বিশেষ গীতটো যেতিয়াই ক'ৰবাত বাজি উঠে তেতিয়াই খন্তেকৰ কাৰণে হ'লেও নিজৰ মন-প্ৰাণ কিছু ৰোমান্তিক হৈ উঠে ।লগে--লগে আমাৰ মনে ঢাপলি মেলে স্মৃতিৰ দলিচাত সজীৱ হৈ থকা শৈশৱৰ প্ৰতিটো ক্ষণলৈ …। মদাৰ ফুলাৰ লগে-লগে আমাৰ মন- প্ৰাণ বোৰ এক বিশেষ অনন্দৰে ভৰি পৰিছিল ।কামে-কাজে নলগা আমি বোৰৰ লগত সংগী দিবলৈ পুজাত নলগা মদাৰৰ ফুলবোৰে যেন আমাক হাত বাউল দি মাতিছিল…।আমি বোৰেও থোপাই-থোপাই ৰঙা মদাৰৰ ফুলবোৰ গছৰ পৰা পাৰি সেইবোৰৰ লগতে ৰঙীন হৈ গৈছিলোঁ । আমাৰ কাৰণে সেই সময়ৰ অতি গুৰুত্বপুৰ্ণ মানুহজন আছিল আমাৰ ঘৰত কাম কৰা সেই চাংমা খুড়াজন । কাম-কাজ নথকা আমিবোৰৰ মনৰ খবৰ ল'বলৈ তেৱেই আমাৰ একমাত্ৰ সংগী আছিল ।তেওঁক আমি ভালপোৱাৰ কাৰণটো আছিল নিজৰ কামৰ পৰা কিছু আঁজৰি লৈ আমাৰ পদুলিৰ মুখত থকা ওখ মদাৰ গছজোপাৰ পৰা মদাৰৰ ফুলবোৰ পাৰি দিছিল ।ৰঙা মদাৰৰ থোপাবোৰ হাতে-হাতে লৈ আনন্দতে আমি আত্মহাৰা হৈ পৰিছিলোঁ ।মদাৰৰ ৰঙা ফুলবোৰ নখৰ আগত লগাই সেইবোৰেৰে আমি খেলিছিলোঁ ।দীঘল দীঘল নেইল পলিছ লগোৱা নখৰ দৰে নখবোৰ লৈ আমি দৌৰিছিলোঁ বতাহৰ লগত ফেৰ মাৰি…। কেতিয়াবা আকৌ চাংমা খুড়াৰ নখতো সেইবোৰ লগাই দিছিলোঁ , তেৱোঁ সেইবোৰ নখত লগাই কিছু সময়ৰৰ বাবে আমাৰ লগতে দৌৰিছিল । তাকে দেখি আমিবোৰ আৰু উত্তেজিত হৈ আনন্দতে চিঞৰ বাখৰ কৰিছিলোঁ । তেওঁ আমালৈ নিৰৱে চাই ৰৈছিল আৰু কিছু সময়ৰ কাৰণে হ'লেও নিজৰ এৰি অহা কাম-কাজ নথকা দিনবোৰকৈ উভতি গৈছিল ।হয়তো সেইখিনি মধুৰ আনন্দৰ সোৱাদ ল'বলৈহে সদায়ে আমাক মদাৰৰ ফুলবোৰ পাৰি খেলিবলৈ দিছিল…।
আমাৰ বাবে সেইবোৰ যেন অস্ত্ৰহে আছিল ।দীঘল-দীঘল নখবোৰেৰ ধেমালীতে এজনে আন জনক আক্ৰমণ কৰিছিলোঁ ।তাৰে মাজতে কোনোৱা এজন হাৰিছিল ,লাজে-ভয়ে কান্দি শত্ৰুতাৰ ৰূপ লৈ ঘৰলৈ গুছি গৈছিল ।পুনৰাই দ্বিতীয় দিনা একেলগে মিলিজুলি কইনা-দ'ৰা খেলিছিলোঁ । হয়তো একো নজনাকৈয়ে কোনোবা এজনীৰ সৰু খোপাত কোনোবা এজনে মদাৰৰ থোপাবোৰ গুজি দিছিল …। কাৰোবাৰ বাবে হয়তো সেই বিশেষ মুহূৰ্তটোয়ে এক বিশেষ স্মৃতি হৈ ৰ'ল ,কোনোবা দুজনে আকৌ শৈশৱ, কৈশোৰ পাৰ কৰি যৌৱনৰ আগমুহূৰ্ততে সেই ৰঙা মদাৰৰ সলনি এথোপা ৰঙা গোলাপ তাৰ মাজৰে কোনোবা এজনীৰ খোপাত গুজি দিলে । সময়ৰ সোঁতত আমাৰ বয়সবোৰ ক্ৰমান্বয়ে বাঢ়িল ,ৰঙা মদাৰৰ সলনি ৰঙা গোলাপৰ আঁদৰ বুজিবলৈ আৰম্ভ কৰা হ'লো । এতিয়াও মদাৰ ফুলা দিনবোৰত পুজাত নলগা মদাৰৰ ফুলবোৰ সেই একেদৰেই ৰাস্তাই ঘাটে পৰি থাকে যদিও তালৈ আমাৰো কাণ সাৰ নোহোৱা হ'ল । সময়ৰ সোঁতত শৈশৱৰ সেই চাংমা খুড়াও বেলেগ ক'ৰবালৈ গুচি গ'ল ,সেয়াও আমাৰ কানসাৰ নোহোৱা হ'ল । তথাপি যেতিয়াই ভূপেন দাৰ সেই" মদাৰৰে ফুল হেনো পূজাতো নেলাগে "গীতটো শুনো তেতিয়াই মন-প্ৰাণ সেমেকি যায় ।পুনৰাই যেন সেই চাংমা খুড়াজন আমাৰ জীৱনলৈ আহিব আকৌ যেন সেই মদাৰৰ ফুলবোৰ নখত লগাই বতাহৰ লগত ফেৰ মাৰি দৌৰিম…। হয় , নিশ্বয় এদিন তেওঁ আমাৰ জীৱনলৈ আহিব আৰু তেতিয়াই আমিও পুনৰ মদাৰৰে খেলিম । সেমেকি যোৱা মদাৰৰ ফুল কেইটা হাতত লৈ নখত লগাই চাংমা খুড়ালৈ আপেক্ষাৰে ৰৈ থাকিলোঁ …।
©মণ্টু কুমাৰ ডেকা
নতুন দিল্লী
০৪/মাৰ্চ/২০১৬