"দোকানী -দোকানী দহটকাৰ সেই কিটকেট চকলেট দুটা দিয়কচোন" -কনমানিজনীয়ে সুধিলে । সৰুতে গাঁৱৰ সেই দোকান খনত গৈ বয়সীয়াল মানুহজনক দোকানী বুলি মতাৰ কাৰণে দেউতাৰ পৰা পোৱা সেই কাণ ৰিংৰিঙাই যোৱা চৰ গালত পৰা বুলি কিচু সময় কাণ খন চুই চালো । ছোৱালীজনীয়ে অপেক্ষাৰে ৰৈ আছে চকলেট কেইটালৈ।সৰু ছোৱালী , কাৰোৱাৰ ঘৰলৈ অহা চহৰৰ কোনোবা আলহীৰ ছোৱালী হ'বলা ।…… আজি পোন্ধৰ বছৰেই হ'ল এজন মেধাবী ছাত্ৰৰ পৰা এজন দোকানী হ'...বলৈ ।চিকিৎসক হ'ম বুলিয়েই প্ৰথম বাৰ বাচনি পৰীক্ষাত অভিযান্ত্ৰিক কলেজত আসন পায়ো ৰৈ আছিলো এটা ৰঙীন সপোন আঁকি ,এদিন চিকিৎসক হৈ তাইৰ দেউতাকৰ পৰা তাইক বিচাৰিম ।গাৱতে চিকিৎসাসেৱা কৰিম । বাৰিষা পথাৰত ধানো লগাম । মাঘত উৰুকা পাতিম , ব'হাগত বিহু গাম ।দেউতাৰ আকস্মিক মৃত্যুৰ পাছতো ভাগৰি যোৱা নাচিলো কাৰণ লগত আছিল এটা ৰঙীণ সপোন । সকামৰ পাছত পঢ়া শুনাত মন দিচোহে মাত্ৰ কিচুদিনৰ পাছত আন এটা ধুমুহাই মোক সপোন দেখাৰ অধিকাৰ খিনিকো কাঢ়ি লৈ গ'ল । ল'ৰাজন ধনী হেনো ,যান্ত্ৰিক অভিযন্তা , গুৱাহাটীত থাকে , ভাল দৰমাহা পায় । বিয়া হৈ গ'ল |সময়ৰ সোঁতে মোক এজন চিকিৎসক বা অভিযন্তাও হ'ব নিদিলে । সপোনবোৰ মচি থৈ সৰুতে প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত লেটাৰ সহ উত্তীৰ্ণ হোৱা গাঁৱৰ স্কুল খনৰ সন্মুখতে এজন দোকানী হিচাপে জীৱনটো আৰম্ভ কৰিলো । হয়, মোক জনা বোৰে মোক দোকানী নকয় । চকলেট দুটা হাতত দি মৰমলগা কনমানিজনীলৈ চাই সুধিলো "মইনা তোমাৰ ঘৰ ক'ত? " তাই তপৰাই উত্তৰ দিলে, " গুৱাহাটীত " , মোৰ মাই আপোনাক জানে , আপোনাৰ কথাকে প্ৰায়ে সুধি থাকে মাহীক । আপুনি বাৰু ……
© মণ্টু কুমাৰ ডেকা
মোবাইল : 08800305719
নতুন দিল্লী
মোবাইল : 08800305719
নতুন দিল্লী
Best No Deposit Bonus Codes in India - Herzamanindir.com
ReplyDelete5 steps1.Visit the official website of No Deposit gri-go.com India.
Benefits of using a no deposit bonus.
Benefits of sol.edu.kg using https://access777.com/ a no deposit bonus.
Benefits of using a no deposit herzamanindir bonus.
Online Sincere Accessory domain www.online-bookmakers.info