“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Tuesday, 18 August 2015

ইংৰাজীভাষী সেই ইউ কেৰ মানুহজন..



       ডিচেম্বৰ মাহৰ কোনোবা এদিন, মই আৰু মোৰ ৰোমমেট নিখিল গুপ্তা , আমি দুয়োয়ে ৰাতিপুৱাতেই সোনকালে ভাত-পানী বনাই খাই মেলি মেলানি মাগিছো এচিয়াৰ বিখ্যাত কম্পিউটাৰ বজাৰ খনলৈ , মানে নেহৰু প্লেচলৈ | কেইবা দিনৰ মুৰত আবদ্ধ্ কোঠাৰ সেই পঢ়া-শুনাৰ পৰিবেশৰ মাজৰ পৰা ওলাই আহি নিজকে অলপ মুকলি-মুকলি লাগিছে | কথাটো মই নিখিলক ক’ব খুজিও নকৈ বাছষ্টেণ্ডত ভিৰ লাগি থকা বাছ গাড়ীবোৰৰ ফালে আগ্রহেৰে চাই নেহৰু প্লেচলৈ যোৱা সেই নিদিষ্ট বাছ খনলৈ অপেক্ষা কৰি থাকিলো | যথা সময়ত বাছখন আহিল , মানুহৰ ভিৰৰ মাজেৰে আমিও সোমাই পৰিলো বাছখনৰ এচুকত | নিখিল আগবাঢ়ি গ’ল কণ্ডাক্টৰ জনৰ পৰা দুটা টিকট আনিবলৈ | আজি সিও বহু দিনৰ পাছত কোঠাৰ পৰা ওলাইছে | পঢ়া-শুনাৰ ব্যস্ততাত কিছু আমনিদায়ক হৈ পৰাত মন-প্রাণ সতেজ কৰিবলৈহে ওলাই আহিছো | টিকট দুটা লৈ সি মোৰ ওচৰলৈ ভিৰৰ মাজেৰে গুচি আহিল | মোৰ ভাঙা-চিগা হিন্দী , মাজে-মাজে ইংৰাজী , তাৰ সেই ভজপুৰী সুৰীয়া হিন্দী | কেতিয়াবা মনৰ কথা তাক কবলৈ গৈ মনতে ৰাখো , নকও , কবলৈ শব্দ বিচাৰি নেপাও | আমাৰ দুয়োৰে কথোপ-কথনবোৰৰ কথা ভাবি মাজে-মাজে খুব হাঁহো , হঁহাৰ কাৰণটো সি বুজি পায়নে নেপায় মই নেজানো , কিন্তু মোৰ হাঁহিৰ প্রতি সন্মতি জনাই সিও হাঁহি দিয়ে | তাক মই ইংৰাজী শিকাও আৰু সি মোক হিন্দী শিকায় | সি বিহাৰৰ ফৰব্রিজগঞ্জ নামৰ ঠাইৰ পৰা বাপেক মাকৰ অনেক সপোন লৈ ওলাই আহিছে দিল্লী অভিমুখে | মাজে-মাজে তাৰ মাকে ফোন কৰে , মোৰ লগতো কথা পতাই দিয়ে , “নমস্তে মা জী ”বুলি কৈ দিও , সিফালৰৰ পৰা ভজপুৰীত শুনি পাও তাৰ মাকৰ অনেক কথা | মাকে বহু কিবা কিবি কৈ যায় , সকলোবোৰ বুজি নেপাও যদিও “ বেটা” শব্দটো শুনাৰ পাছত হৃদয়খন কোমল হৈ যায় | এনে লাগে সকলোবোৰ “মা” যেন “মা”য়ে হয় | তাৰ মোমায়েকৰ ল’ৰাজনো আমাৰ ওচৰতে থাকে , নতুনকৈ অমেৰিকান কোম্পানী এটাত সোমাইছে , অফিচতো হেনো নেহৰু প্লেচতে |  কথাই-কথাই সিদিনা আমাক  পৰীক্ষাৰ আগত মন-প্রাণ সতেজ কৰিবলৈ নেহৰু প্লেচলৈ নতুবা কোনোবা চিনেমাহ’লত গৈ চিনেমা চাই আহিবলৈ উপদেশ দিছিল | অর্থনৈতিক সমস্যাৰ কাৰণে চিনেমা চোৱাৰ কথাটো নাকচ কৰি নেহৰু প্লেচলৈ যোৱাৰ কথাটোকে সিদ্ধান্ত্ কৰিলো | কথাবোৰ মনতে পাগুৰি পাগুৰি যথা সময়ত নেহৰু প্লেচ পালোগৈ | ডাঙৰ-ডাঙৰ সেই পুৰণা-পুৰণা অট্টালিকাবোৰ ,কমদামতে বিক্রী কৰি থকা সেই কাপোৰবোৰ , মাজে-মাজে খোৱা লোৱাৰ সৰু-সুৰা দোকান বোৰ পৰিভ্রমন কৰি অৱশেষত এচুকত থকা শিংৰাৰ দোকান এখনত দুয়ো বহিলো , দুটাকৈ শিংৰা আৰু পানী এগিলাচ লৈ কিচু নিৰৱ হৈ এজনে আনজনৰ ফালে চাই থাকিলো |  একো উহাদিহ নেপালো , ইমান ডাঙৰ বজাৰ , ধুনীয়া ধুনীয়া বস্তুবোৰ , বহু কিবা কিবিয়েই কিনিব মন যায় যদিও আমাৰ পকেটত থকা সীমিত ধনৰাশীয়ে তেনে কৰিব নিদিলে | শিংৰা দুটা খাই মেলি নতুন উদ্যম লৈ আগবাঢ়িলো এচুকত থকা সেই সবাতোতকৈ ওখ অট্টালিকাটোৰ ফালে | অট্টালিকাটোৰ ওপৰত সেই ডিজিটেল বোর্ডখনত ৰঙীন “স্কাইলাৰ্ক” নামৰ শব্দকেইটাই গতি কৰি আছিল | “স্কাইলাৰ্ক” শব্দটো  দেখাৰ লগে-লগে আমাৰ মনত নতুন আগ্রহ জন্মিল | নিখিলৰ সম্বন্ধীয় ককাইয়েক জনো হেনো তাতেই  কাম কৰে | এৰা হাতত সীমিত ধন থাকিলেও একো অসুবিধা নোহোৱাকৈ আমি জানো সেই আট্টালিকাটোৰ ভিতৰলৈ যাব নোৱাৰিম ?  কথাটো তাক জনালো , সি গৈ গেটত থকা সেই গার্ডজনক জনালে যে আমি আট্টালিকাটোৰ ভিতৰলৈ গলে কিবা অসুবিধা হ’ব নেকি ? গার্ডজনে আমাক দুয়োকে দেখি বুজিবলৈ বাকী নাথাকিল , অলপ তালাচি কৰি যোৱাৰ অনুমতি দিলে | আমি চিধাই গৈ লিফ্টত সোমালোগৈ | ক’লৈ যাম , কি কৰিম একো নেজানো , লিফ্টৰ ৱালত আঁৰি থোৱা লিষ্টখনত লিখা আছে যে সাত নম্মৰ ফ্ল’ৰত এখন চাইনিজ ৰেষ্ট’ৰেট আছে | নিখিলে চিধাই সাত নম্বৰ বুটমটো আঙুলিৰে টিপি দিলে | এক মিনিটৰ ভিতৰতে সাত নম্মৰ  ফ্ল’ৰ’ত উপস্থিত হোৱাৰ সংকেটটো বাজিল | আমি আমন-জিমন কৈ এজনে আনজনৰ ফালে চাই থাকিলো | দুয়োৰে ভৰিত আছিল সাধাৰণ চেণ্ডেল , তেনেই সাধাৰণ পোচাক |  খন্তেকৰ ভিতৰতে দর্জাখন খোল খালে , এটা আশা নকৰা , কেতিয়াও নভবা পৰিবেশ , যাৰ বাবে নেকি আমি কেতিয়াও সাজো হোৱা নাছিলো | দৰ্জাখন খোল খোৱাৰ লগে-লগে নাকত লাগি গ’ল এটা অচিনাকী সুগন্ধ , এনেতে সাজো হৈ থকা চাৰিজনী চাইনিজ চোৱালীয়ে হাত ফুলৰ থোপা লৈ আমাক সন্মোধন কৰিলে , আন এজন ধুনীয়া পোচাক পিন্ধা ল’ৰাই “ চাৰ ! হাও মে আই হেল্প ইউ ”  বুলি আগবাঢ়ি আহিল | নিখিল মোৰ সন্মুখত সম্পুর্ণ অপ্রস্তুত ভাৱে আছিল কাৰণে সিহঁতৰ ফালে মুৰ ঘুৰাই মোক আগলৈ ঠেলি দিলে | সিহ্ঁতে কি সুধিছিল সি একো বুজি পোৱা নাছিল | আমি দুযো বিমুৰত পৰি একো নকৈ  ৰিচিপশ্বনত থকা সেই বহা আমেৰিকান যেন লগা মানুহজনৰ ফালে আগবাঢ়িলো | মই আগত্ সি পাছত , আমি আগবাঢ়ি যোৱাত মানুহজনেও এটা হাঁহিৰে আমাক আঁদৰিলে | মানুহজনৰ আগত কি শুধিম , কি ক’ম কৈ নিখিলৰ মুখৰ ফালে চালো , সি এটা দিহা দি ক’বলৈ দিলে যে আমি ভুলক্রমে হে সাত নম্বৰত আহিলো , আমি যাব লাগিছিল ছয় নম্মৰত | কথাখিনি আমি হিন্দিতে মানুহজনৰ সন্মুখতে পাতিলো | কথামতে কাম , মানুহজনক কথাখিনি ক’লো , তেখেতে সম্মতি জনালে |  অলপ সহজযেন হোৱাত মই এখোজ আগবাঢ়ি তেখেতৰ বিষয়ে শুধিলো |  তেখেত কোন দেশৰ? , ভাৰতত কিমান দিন হ’ল? , ভাৰত কেনে লাগে ? ইত্যাদি বোৰ | তেখেতে ক’লে তেখেতে “ইউ . কে” ৰ , দিল্লীত তেখেতৰ দহ বছৰ হ’ল | তেখেতে “ ইউ , কে” ৰ বৰফীয়া পাহাৰৰ মাজত থাকিলে ভাল পায় | আমি খন্তেকৰে ভিতৰতে যেন ঘনিষ্ট হৈ পৰিলো | নামটো সোধাত “ টেনজিং” বুলি ক’লে | আমিও নিজৰ পৰিচয় দিলো , তেখেতেও ভাল পালে |  বিদেশীমানুহ বোৰ কেনে মৰমীয়াল হয় , তেওঁলোকৰ মানৱীয়তা আছে , কথাটো আমি হিন্দীতে তেখেতেৰে আগতে আলোচনা কৰিলো |  নিখিলেও যে প্রথমবাৰৰ বাবে এজন বিদেশীৰ লগত নিচেই ওচৰৰ পৰা কথা পাতিছে সেই কথাটোও তেখেতক ইংৰাজীত ক’বলৈ মোক ক’লে |  মই ক’লো , তেখেতে হাঁহিলে | তেওঁ বিদেশী , আমাৰ দেশত থাকে , আমাৰ অতিথিৰ দ’ৰে , কিবা অসুবিধা হ’লে যেন আমাক জনাই সেই কথাটোও ক’লো | তেখেতে হাঁহিলে আৰু নিজৰ কার্ড আমাক দিলে | ঘৰলৈ ঘুৰি আহিলো , এজন বিদেশীৰ লগত ইমান ধুনীয়াকৈ কথাবতৰা পতাৰ কথা নিখিলেও তাৰ ককাইযেক আৰু মাকক কৈ গৌৰৱবোধ কৰিলে | মোৰো নিজৰে কিবা এটা ভাল লাগিল |  একো নহ’লেও এজন  “ ইউ . কে” ৰ মানুহক নিচেই ওচৰৰ পৰা লগ পোৱাৰ নতুন আভিজ্ঞতা | দুয়োয়ে  ৰাতি ভাত পানী বনাই  খাই বৈ তেখেতে দিয়া কার্ড কেইখন ওলিয়ালো | কার্ডখনৰ ওপৰত লিখা আছিল ” টেনজিং সিং” , উত্তৰা খণ্ড |  উত্তৰাখণ্ডৰ ওচৰতে ব্রেকেটত লিখা আছিল “ ইউ . কে” |বুজিবলৈ বাকী নাথাকিল, উত্তৰ প্রদেশ (ইউ. পি ) , হিমাচল প্রদেশ ( এইচ , পি) …. | এজনে আন জনৰ ফালে চাই সেমেনাসেমেনি কৰি নিৰৱে হাঁহিলো… !!!

© মণ্টু কুমাৰ ডেকা

 মোবাইল : 08800305719

 নতুন দিল্লী