“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Monday, 24 November 2014

অসম : অসমীয়াৰ সমস্যা – এখন ৰচনা


 

                                            অসম : অসমীয়াৰ সমস্যা – এখন ৰচনা

 

অসমীয়ানো কি ?

কিবা এটা কাৰণত হিমাচল প্রদেশৰ উনা নামৰ ঠাইলৈ গৈছিলো | অহাৰ সময়ত বাছৰ টিকেট এটা কৰিবলৈ জ্বলামুখী মন্দিৰৰ সন্মুখত থকা টিকেট কাউন্টাৰ টোলৈ গৈছিলো | পিছে  সমস্যা আছিল টিকেট কাউণ্টাৰত বহি থকা মানুহজনৰ লগত প্রায় আধাঘণ্টামান হ’ল “দিল্লীলৈ যোৱা বাছৰ টিকেট এটা লাগে” এই কথাখিনি বুজাবলৈ | কিন্তু একো লাভ নহ'ল | তেওঁ হিন্দি আৰু ইংৰাজী একোৱেই বুজি নেপায় | আন এজন মানুহে আমাৰ ফালে বহু সময়ৰ পৰাই চাই আছিল | তেওঁ মোৰ ওচৰলৈ আহি মোৰ পৰা ৬৫০ টকা লৈ মানুহজনৰ লগত সিহঁতৰ নিজৰ ভাষাত কথা পাতি দিল্লীলৈ  অহাৰ টিকেট এটা কটাই দিলে | ৰক্ষা পালো | কিছুসময় মানুহজনৰ লগত তেখেতৰ গাড়ীত বহি পেপছি আৰু চিপছ খালো | অহাৰ সময়ত তেওঁ মোক সহায় কৰাৰ কাৰণ টো সুধিলো |অসমৰ মানুহ , অসমৰ সংস্কৃতি , ভাষা সাহিত্য , বিহুগীত , বনগীত , বৰগীত , ভুপেনদা ইত্যাদিৰ বিষয়ে বহু কথাই কলে | অসমীয়া মানুহ অতিথি পৰায়ণ , সৰল সহজ , পৰিস্কাৰ পৰিচ্ছন্ন , আৰু উচ্চ শিক্ষিত আৰু বহু কথা | মোক অসমীয়া বুলি জানি তেখেত অগুৱাই আহিছিল মোক সহায় কৰিবলৈ | মাজে মাজে ভঙা – চিঙা অসমীয়া কৈ আবেগিক হৈ পৰিছিল অসমত থকা দিনবোৰৰ কথা সুঁৱৰি |  অহাৰ সময়ত বাছৰ চিটত বহি কথাবোৰ ভাবি চালো | বুকুখন ফুলাই ফুলাই কানত বাজি থকা ভুপেনদাৰ  “ আমি অসমীয়া নহওঁ দুখীয়া ”  গীতটো  শুনি শুনি দিল্লী পালোহি | সঁচাকৈ অসমীয়া মানুহ  অতিথি পৰায়ন , সৰল সহজ , পৰিস্কাৰ পৰিচ্ছন্ন, উচ্চ শিক্ষিত , আৰু সভ্যতাৰ ক্ষেত্রত বাকীবোৰৰ তুলনাত বহুতো আগবঢ়া | অসমলৈ নহা সকলে আমাক নাজানে , ভাবে জংঘলৰ মাজত খেতি বাৰী কৰি ধেনু কাঁড় লৈ জীয়াই থকা এটা অঁকৰা জাতি | কিন্তু অসমলৈ অহাবোৰ উভতি নেযায় | অসমীয়া ভাষা – অসমীয়া সাহিত্য , অসমীয়া সংস্কৃতি ,অসমীয়া মানুহৰ পৰিস্কাৰ পৰিচ্ছন্নতা , অসমৰ জলবায়ু ইত্যাদিৰ প্রেমত পৰি  অসমীয়াৰ পৰা সেইবোৰ  শিকি তেওঁ লোকো হৈ পৰে ভাৰতৰ এজন অসমীয়া | কাৰণ তেওঁ অসমত বাস কৰে | তেওঁ লোকে তেতিয়া অনুভৱ কৰে যে অসমৰ পৰা ভাৰতৰ্ বাকী ৰাজ্যৰ্ মানুহ বোৰে শিকিব লগীয়া কথা বহুতো আছে |

অসমীয়াৰ সমস্যা :  সাম্প্রদায়িকতা, বর্ণ বৈষম্য ,ছাত্র সন্থা, জন গোষ্ঠীয় দল সমুহ :

আজি পৃথিৱীৰ শক্তিশালী ৰাষ্ট্র আমেৰিকা যুক্তৰাষ্ট্র | সমীক্ষা মতে আমেৰিকা যুক্তৰাষ্ট্রত্  বসবাস কৰা শতকৰা ৮০ শতাংশ নাগৰিকেই পৃথিৱীৰ বিভিন্ন্ দেশৰ | প্রতি ১০ জন নাগৰিকৰ ভিতৰত ১ বা ২ জন নাগৰিকেই ভাৰতীয় | বিভিন্ন দেশৰ ক’লা বগা নাগৰিকৰ সমষ্টিয়েই গঠন কৰিছে বৃহত আমেৰিকা যুক্তৰাষ্ট্র আৰু আমেৰিকা যুক্তৰাষ্ট্র্ক ভাল পোৱাৰ মানসিকতা |তাত বসবাস কৰা প্রতিজন নাগৰিকৰ মাজতেই আছে বিশাল দেশপ্রেম | নাই কোনো বর্ণ বৈষম্য , সাম্প্রদায়িকতা |নাই কোনো কলা বগাৰ বিভিন্ন সংগঠন |  আজি অসমত বসবাস কৰা প্রতিজন নাগৰিকেই ভাৰতৰ অসমীয়া |এসময়ৰ বৃহত অসম , এই বৃহত অসম বর্ণ বৈষম্য , সাম্প্রদায়িকতাৰ  কাৰণেই ভাঙি গৈ গৈ মেঘালয় , মনিপুৰ , ত্রিপুৰা , মিজুৰাম , নাগালেণ্ড , লাহে লাহে  বড়োলেণ্ড , কার্বিলেণ্ড্ ,কমতালেণ্ড ,গগৈলেণ্ড  কলিতালেণ্ড  আৰু বা কিমান লেণ্ড হৈ গৈ থাকিব | এনেকৈ বিভাজন হৈ গৈ থাকিলে “ আমি অসমীয়া নহওঁ দুখীয়া ” বুলি ক’বলৈ কোন থাকিব ? বাংলা ভাষী ভাৰতীয় মুছ্লমান কেইজন বা ভাৰতৰ বাকী ৰাজ্যৰ্ পৰা আহি অসমত বসবাস কৰা কেইজন ? এইবোৰৰ প্রধান কাৰণ বাৰু অসমৰ বিভিন্ন জন গোষ্ঠীয় ছাত্র সংগঠন  আৰু ৰাজ নৈতিক দলসমুহ নহয় নে বাৰু ??

ব্রিটিছ ভাৰতবৰ্ষত থকাৰ সময়ত মানুহবোৰৰ মাজত বৰ্ণ বৈষম্য নামৰ মনোভাৱটো নাছিল , সকলোৱে এক ভাৰতীয় মনোভাৱেৰে এক হৈ যুঁজিছিল ভাৰতৰ স্বাধীনতাৰ হ’কে | ব্রিটিছ ভাৰত এৰি গুছি গ’ল লাহে লাহে আহি পৰিল সাম্প্রদায়িকতা , জন গোষ্ঠীয় মনোভাৱ , গঢ়ি উঠিল বিভিন্ন জন গোষ্টীয় ৰাজ নৈতিক দল , বিভিন্ন ছাত্র সন্থা , লাহে লাহে গৰাহ খহনীয়াৰ দৰে বৃহত অসম খন খহি খহি হৈ গ’ল অসম | অসমত এই জন গোষ্ঠীয় ৰাজ নৈতিক দল সমুহ , বিভিন্ন গোষ্ঠীয় ছাত্র সন্থাবোৰ  সক্রীয় হৈ গৈ থাকিলে অদুৰ ভবিষ্যতত অসমৰ নামত একোৱেই নাথাকিব | হয়তো থাকিব দুই এজন গদাপানীৰ যুগৰ অসমীয়া |হয় ভাৰতৰ বাকী ৰাজ্যবোৰৰ্ তুলনাত  বৃহত অসমত প্রতি ২০ কিলোমিটাৰ দুৰত্বত মানুহৰ বর্ণ , জাতি ধর্মৰ ব্যৱধান আছিল আজিও আছে | আমি এই কথাটো মনত ৰখা উচিত |মনত ৰখা উচিত অসমখন বিভিন্ন জাতি-জনজাতি , বিভিন্ন ধর্ম , বৰ্ণৰ লোক্  বসবাস কৰা ভাৰতৰ পুর্ব দিশত থকা সূৰ্য্য উঠাৰ দেশ | ইয়াত বসবাস কৰা সকলোৱেই ভাৰতৰ অসমীয়া | আমি গদাপনীৰ যুগৰ অসমীয়া হৈ কেৱল অসমীয়া অসমীয়া মনোভাৱ লৈ থাকিলে সেই গদাপানীৰ যুগৰ বা় তাৰো বহু আগৰ্ কৰ্ব্বি , গাৰো , বড়ো , ৰাভা , শৰণীয়া কছাৰী , মিৰি , মিচিং  , ডিমাছা , কোছ ৰাজ বংশী আৰু হয়তো বহুতো ইত্যাদিবোৰে নিজস্ব সাম্প্রদায়িক মনোভাৱেৰে সক্রীয় হৈ উঠিব | তেতিয়া অসামীয়াৰ নামত থাকিব কোন?

অসমীয়াৰ সমস্যা : আমাৰ মনোভাৱ :

অসমীয়াৰ দ্বিতীয় সমস্যা আমাৰ “ মই গদাপানী যুগৰ অসমীয়া অসমীয়া নামৰ মনোভাৱ ” | হয় , অসমৰ মানুহ শিক্ষিত , ভাষা , কলা সাহিত্য সংস্কৃতি , সভ্যতা ইত্যাদি বোৰত অসমীয়া ভাৰতৰ বাকী বোৰ ৰাজ্যত কৈ বহুতেই আগবঢ়া | দুখীয়া হ’লেও পৰিস্কাৰ পৰিচ্ছন্ন অসমৰ ঘৰবোৰ , নঙলাৰ মুখৰ ফুলনিবাৰী, অসমৰ কাপোৰত সপোন ৰছিব পৰা ডেকা গাভৰু ,বোৱাৰী , অসমীয়াৰ ভাষা , লিপি , আমাৰ বিহু , বৰগীত , বনগীত , সাহিত্য-স্ংস্কৃতি , অসমৰ কবি সাহিত্যিক , গীতিকাৰ , অসমৰ্ সাহিত্য সভা, অসমৰ গুৰু শংকৰ দেৱ আৰু তেখেতৰ “এক দে়ব এক সেব একত বিনে নাই কেও ” নামৰ একেশ্বৰবাদী ধর্ম দৰ্শন ইত্যাদি বোৰ অসমীয়াৰ সম্পদ | আজি অসমত ভাৰতৰ বিভিন্ন ৰাজ্যৰ দৰে যৌতুক্ প্রথা নাই , বিবাহৰ ক্ষেত্রত সাপ্রদায়িকতাও অসমত নাই | গোটেই দেশ খন এবাৰ ঘুৰি অহাৰ পাছত হয়তো আপুনি অনুভৱ কৰিব অসমীয়াৰ পৰিস্কাৰ পৰিচ্ছন্নতাৰ কথা | উত্তৰ পুব ভাৰতৰ প্রতিখন ৰাজ্যই এই ক্ষেত্রত আগবঢা | এইবোৰ কথা ভাৰতৰ বাকীবোৰ ৰাজ্যই অসমৰ পৰা শিকিব লগীয়া কথা | এতিয়া কথা হ’ল অসমৰ গুৰু শংকৰ দেৱক ভাৰতৰ বাকী ৰাজ্যৰ মানুহে কিমান জানে ? অসমীয়াৰ সাহিত্য সংস্কৃতি , অসমৰ পাট-মুগা , অসমীয়াৰ বিহু , অসমীয়াৰ বিহুৱান , বৰগীত , ওজাপালি , ইত্যাদি বোৰক অসমৰ বাহিৰত কোনে জানে ? কিমানজন আছে গুৰু শংকৰৰ অনুগামী অসমৰ বাহিৰত ? নিশ্বয় কিবা এটা ভুল হৈ গৈছিল গুৰু জনাৰ লগতে অসমীয়া অনুগামী সকলৰ | আজি ভাৰতবর্ষৰ বহুতো শিক্ষিত মানুহেও হয়তো অসম খন থাইলেণ্ড বা ভাৰতৰ বাহিৰৰ কোনো ঠাই বুলিহে ভাৱে | এই বোৰ কথাত ভুল কাৰ ??  নিশ্বয় আমাৰ মনোভাৱৰ | আমাৰ নিজৰ মনোভাৱৰ কাৰণেই আমি নিজকে আনৰ আগত প্রকাশিত হোৱাৰ পৰা বঞ্চিত হৈ আছো | আজি অসমীয়া ছবি ঘৰত অসমীয়াৰ লগতে হিন্দি ছবিৰ প্রচলনত অসমীয়াৰ সমস্যা হোৱা উচিত নহয় | বিহু মঞ্চত বিহুৰ লগতে হিন্দি গীত পৰিবেশন কৰাত অসমীয়াৰ সমস্যা কিয় ? অসমৰ শৰাইখন আজি যদি অসমৰেই কোনোবা খ্রীষ্টানৰ  গীর্জা বা মুচলমানৰ মচজিদত ব্যৱহাৰ কৰিলে জাতিগত আন্দোলন “অসমীয়া শৰাইৰ অপব্যৱ্হাৰ্ ” বুলি আগবাঢ়ি নহা অসমীয়াৰ সংখ্যা কিমানজন হ’ব বাৰু ( কিছুবছৰ আগৰ বাতৰিৰ আধাৰত ) ? অসমৰ বাহিৰত আজি কিমান জনে অসমীয়াৰ শৰাইখন , বা জাপিটো বা শুৱালকুচিৰ পাট মুগাৰ কাপোৰ বা অসমীয়া বিহুৱানখনক জানে ?  এইয়া বাৰু আমাৰ মানসিকতাৰ কাৰণে নহয় নে বাৰু ? এনে মানসিকতাৰ কাৰণেই অসমীয়াই অসমৰ আটকধুনীয়া সাহিত্য স্ংস্কৃতি , একশৰণ নাম ধর্ম , আৰু অসমীয়াৰ আপুৰুগীয়া সম্পদ বোৰ অসমৰ বাহিৰৰ জগত খনলৈ লৈ যোৱাত সফল নহয় | আমি সকলোবোৰেই কেৱল গদাপানী যুগৰ অসমৰ অসমীয়া নহৈ ভাৰতৰ অসমীয়া হৈ থাকিলে হয়তো এনে মনোভাৱ কিছু আ়ঁতৰিব |


ভাষাৰ অবহেলা :
অসম সাহিত্য সভাৰ মঞ্চত ভুলক্রমে যদি কোনোবা লিখকৰ বা সভাপতিৰ মুখৰ পৰা বক্তৃতাৰ সময়ত “ Excuse me”  “ Sorry” ,  বা “Thank you ”  ৰ দৰে শব্দ এটা উলাই আহিলে পাছৰ্ দিনা “ অসম সাহিত্য সভাত ইংৰাজী শব্দ ” ডাঙৰ ডাঙৰ আখৰেৰে মুখ্য পৃষ্ঠাত প্রকাশ নকৰা অসমৰ বাতৰি কাকতৰ সংখ্যা বাৰু কিমান খন হ’ব ? পাছৰ দিনা হয়তো ৰাতি পুৱাৰ পৰা ৰাতিৰ লৈকে বাৰে বাৰে সেই একে ভিডিঅ’ টো ৰি প্লে কৰি দর্শকৰ মন আকর্ষন কৰিব অসমৰ বিভিন্ন নিউজ চেনেল কেইটাই | মনত ৰাখিব আমি পৃথিৱীৰ্ , এচিয়াৰ , ভাৰতবর্ষৰ অসমৰ অসমীয়া |  আজি অসম সাহিত্য সভাক অসমৰ বাহিৰত কিমান জনে জানে ? সাহিত্যৰ ক্ষেত্রত আমি দুখীয়া নহয় , আমাৰ নিজৰ ভাষা , লিপি আছে |  ভাৰতৰ ভিতৰত অসমৰ আগৰচামৰ্ সাহিত্য আৰু নতুন প্রজন্মৰ সৃষ্টিৰাজীও অতুলনীয় | আমি আমাৰ সাহিত্যৰ যোগেদি আমাৰ বিষয়ে আমাক নজনা বোৰক পৰিচিত কৰাই দিব লাগিব |  এই ক্ষেত্রত ভুপেন দাই কৈছিল “ কিছু ল’ব লাগে কিছু দিব লাগে ”  আমি আনৰ পৰা বাৰু আনৰ ভালবোৰ কিমান লৈছো আৰু আমাৰ ভালবোৰ আনক কিমান দিছো | আজি অসমত হিন্দি বা ইংৰাজী সাহিত্যত লিখা লিখকৰ স্ংখ্য্য তেনেই তাকৰ | মোৰ হিছাপত  কৌশিক  বৰুৱা , অৰুণী কাশ্যপ্ , আৰু নতুন কৈ লিখা আৰম্ভ কৰিছে নীলা শর্মাই | ৰোমত বসবাস কৰা কৌশিক বৰুৱাই  তেখেতেৰ  “ Windhorse”  ৰ যোগেদি পৃথিৱীৰ বিভিন্ন দেশত এজন অসমীয়া বুলি চিনাকী দিব পাৰিছে | আজি ভুপেন দা , পাপন আৰু জুবিনৰ হিন্দি বা ইংৰাজী গীতৰ যোগেদি , নলবাৰীৰ অভিনেত্রী সীমা বিশ্বাসে হিন্দি চবিত অভিনয় কৰাৰ যোগেদি অসম খনক ভাৰতৰ বাকী কেইখন ৰাজ্যৰ সমকক্ষ কৰি তুলিছে | এবাৰ বাৰু ভাবি চাওকচোন আমাৰ আজি কি নাই ? তথাপি আমি নিজকে আনৰ আগত প্রকাশিত কৰি তুলিব পৰা নাই | ইয়াৰ কাৰণ হয়তো আমি অসমীয়াৰ লগতে হিন্দি আৰু ইংৰাজীকো সমানে আদৰ কৰিব পৰা নাই | আজি অসমৰ কিমানজন নেতাই MTI নোহোৱাকৈ হিন্দি বা ইংৰাজী কৈ সংসদত অসমৰ্ বিষয়ে , অসমীয়া ৰাজ্যৰ সমস্যাৰ বিষয়ে ক’ব পাৰিব ? ভাষাৰ প্রতি গুৰুত্ব নিদিয়াৰ কাৰণেই আজি অসমীয়া ল’ৰা ছোৱালী বোৰে ইংৰাজী বা হিন্দি শুব্দকৈ লিখিব পাৰে যদিও কোৱাত সমস্যা আহি পৰে | আমি ইংৰাজী বা হিন্দি কওতে অসমীয়া মাধ্যমত পঢা সকলৰ Ch , Chh , Sh , S , V , M , T ইত্যাদিৰ উচ্চাৰণত বহু সমস্যা আহি পৰে | অসমৰ পৰা শিক্ষা দীক্ষাৰে শিক্ষিত হৈ ভাৰতৰ যিকোনো এখন Metropolitan চহৰত চাকৰি বিচাৰি ঘুৰি ফুৰা অসমৰ শিক্ষিত যুবক সকলে এই কথাৰ গুৰুত্ব বুজি পাব |আমি নতুন প্রজন্মৰ কাৰণে সচেতন হোৱা উচিত |  মনত ৰখা উচিত আমি ভাৰতৰ অসমীয়া |


প্রচাৰ মাধ্যমবোৰ :

এখন দেশ বা এটা জাতিক সুন্দৰ ভাৱে চলাই নিয়াত প্রচাৰ মাধ্যমবোৰৰ গুৰুত্ব কোনো গুনেই কম নহ্য় | অসম সাহিত্যৰ ক্ষেত্রত অগবঢ়া কাৰণে বাকী ৰাজ্যবোৰৰ  তুলনাত অসমত যথেষ্ঠ সংখ্যক অসমীয়া দৈনিক আৰু সপ্তাহিক বাতৰি কাকতৰ লগতে কেইবা খনো অসমীয়া মাহেকীয়া আলোচনী আছে | মানুহে কয় “ এটা কলমৰ শক্তি এখন তৰোৱালত্কৈ অধিক ” | অসমৰ সাম্প্রদায়িক সংঘর্ষ , অসমৰ বিভিন্ন সমস্যা ইত্যাদিবোৰৰ ক্ষেত্রত এই প্রচাৰ মাধ্যম বোৰ অতি সচেতন হোৱা উচিত | কাৰণ তেওঁলোকৰ কলমৰ লিখনীৰ ধাৰাই অসম খনক সপথে বা বিপথে আগুৱাই লৈ যাব পাৰে | দেশৰ প্রতি দায়িত্ব নথকা প্রচাৰ মাধ্যমবোৰো অসমৰ কিছুমান সমস্যাৰ কাৰণ | আপুনি “দা হিন্দু” বা “ টাইম অফ ইন্দিয়া ”আদি বাতৰি কাকত বা বাস্তৱত পোৱা খবৰটোকৈ অসমীয়া কিছুমান বাতৰি কাকতত পোৱা বাতৰিবোৰৰ বহুত অন্তৰ থাকে | নিজৰ ব্যৱসায়ীক স্বার্থৰ কাৰণে অতি সৰু বাতৰি এটাকেই অতিৰহন্ কৰি পাঠকৰ মনোভাৱক বিপথে পৰিচালিত কৰে | এতিয়া কথা হ’ল আপুনি ৰাতিপুৱা বা গধুলি অফিচৰ পৰা আহি অকন মান দেশ খনৰ বা ৰাজ্য খনৰ খবৰ লও বুলি টি ভি টো চলোৱাৰ কিচু সময়ৰ পাছতেই হয়তো বন্ধ কৰি থব |  হয়তো আপোনাৰ দিনটোৰ বাবে বা ৰাতিটোৰ বাবে  মোড অফ্ হৈ যাব | এই চেনেল বোৰে গুৱাহাটীৰ বাহিৰে আৰু একোৱেই নজানে নেকি ? এখন বৃহত ৰাজ্য, এখন বৃহত দেশ , এখন বৃহত পৃথিৱীত কিমান বোৰ গুৰুত্ব পুর্ণ বাতৰি থকাটো গুৱাহাটী চহৰত হোৱা সামান্য এটা ঘটনা , বা যিকোনো ঘটনা এটাকেই ৰাতি পুৱাৰ পৰা ৰাতিৰ লৈকে দেখুৱাই থাকে | এই প্রচাৰ মাধ্যম বোৰ দেশৰ প্রতি , অসমীয়া ৰাইজৰ প্রতি দায়িত্বশীল হৈ উঠাটো প্রয়োজন | কাৰণ তেওঁলোকৰ্ বিপথ গামীয়েই ৰাজ্যৰ বা দেশৰ মানুহক বিপথে পৰিচালিত কৰিব পাৰে |  এইক্ষেত্রত আমি সচেতন হোৱা প্রয়োজন | তেওঁলোকও জনা উচিত আমি ভাৰতৰ অসমীয়া |


সামৰণি :

এক পুৰুষ যায় এক পুৰুষ আহে কিন্তু পৃথিৱীখন সদায় থাকে |( উপদেশক ১:৪) সময় গতিশীল , ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ মানুহ আহিব , অসমৰ পৰাও যাব কিন্তু অসম খন সদায় থাকিব | দেশৰ বিভিন্ন প্রান্তৰ পৰা মানুহ বোৰ অসমলৈ আহি অসমৰ জলবায়ু , অসমৰ মানুহ , অসমীয়া  ভাষা সংস্কৃতিৰ প্রেমত পৰি সেইবোৰ শিকি লৈ অসমতেই বসতি কৰি হৈ পৰিব ভাৰতৰ এজন অসমীয়া |কাৰণ তেওঁ  অসমত বাস কৰে | আমাৰ সমস্যা অনুপ্রবেশ কাৰী বাংলাদেশী সকল |  অসমত বসবাস কৰা বাংলাভাষী ভাৰতীয় অসমীয়া কেইজন বা বিহাৰী বা মাৰোৱাৰী কেইজন নহয় |  আহক আমি সকলোৱে অসমত বসবাস কৰা ভাৰতৰ অসমীয়া হৈ অসমীয়া সভ্যতা সংস্কৃতিৰে কিছু ল’ব লাগে কিছু দিব লাগে মনোভাৱেৰে ভাৰতৰ অসমীয়া হৈ শান্তিৰে জীয়াই থাকো অসম নামৰ প্রদেশ খনত |

         ………………………………………………………………………………………….

 

© মণ্টু কুমাৰ ডেকা

 মোবাইল : 08800305719

 নতুন দিল্লী