“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Wednesday, 6 August 2014

আমি অসমীয়া :নহাবোৰে আমাক নাজানে....

আমি অসমীয়া :নহাবোৰে আমাক নাজানে...অহাবোৰ ঘূৰি নাযায়... কিবা এটা কাৰণত এবাৰ হিমাচল প্ৰদেশৰ উনা নামৰ ঠাইলৈ গৈছিলো৷ অহাৰ সময়ত বাছৰ টিকেট কৰিব গ'লো জ্বালামুখী মণ্দিৰৰ সম্মুখত থকা টিকেট কাউন্টাৰ এটাত৷ পিছে সমস্যাটো হ'ল টিকেট কাউন্টাৰত থকা মানুহজনৰ লগত প্ৰায় আধা ঘণ্টামান চেষ্টা কৰিলো " দিল্লীলৈ যোৱা বাছৰ টিকেট এটা লাগে " এই কথাখিনি বুজাবলৈ , কিন্তু কোনো লাভ নহ'ল৷ তেখেতে হিন্দী আৰু ইংৰাজী একো্য়েই বুজি নাপালে৷ আন এজন মানুহে বহু সময়ৰ পৰা আমাৰ ফালে চাই আাছিল৷ তেওঁ মোৰ ওচৰলৈ আহি মোৰ পৰা ৬২০ টকা লৈ টিকেট কাউন্টাৰত থকা মানুহজনৰ লগত কিবা বেলেগ ভাষাত কথা পাতি দিল্লীলৈ অহাৰ টিকেটটো কটাই দিলে, ৰক্ষা পালো !! কিছু সময় মানুহজনৰ লগত তেখেতৰ গাড়ীত বহি পেপছি খালো৷ অহাৰ সময়ত মোক সহায় কৰাৰ কাৰণটো সুধিলোঁ৷ অসমৰ মানুহ ,অসমৰ সংস্কৃতি ,ভাষা-সাহিত্য, ভুপেনদা, ইত্যাদি বিষয়ে বহু কথাই কলে৷ অসমী্য়া মানুহ অতিথি পৰায়ণ, সৰল-সহজ ,শিক্ষিত আৰু বহুতো কথা৷ মোক অসমী্য়া বুলি জানি তেখেত আগুৱাই আহিছিল সহায় কৰিবলৈ৷ মাজে মাজে ভঙা-চিঙা অসমী্য়াও কৈ আবেগিক হৈ পৰিছিল অসমত থকা দিনবোৰ কথা সুৱঁৰি৷ অহাৰ সময়ত বাছৰ চিটত বহি কথাবোৰ ভাবি চালোঁ৷ বুকুখন ফুলাই কাণত বাজি থকা " আমি অসমী্য়া নহওঁ দুখী্য়া " গীতটো আপোনমনে মনত পেলাই পেলাই দিল্লী পালোহি! সচাঁকৈ, কেতিয়াবা ভাবি চালে দুখ লাগে , আমিবোৰ একোতেই পিছপৰা নহয়- নিজৰ লিপি ,ভাষা-সাহিত্য আমাৰ বিহু আৰু কত কি? সকলোবোৰেই আমাৰ আছে৷ তথাপি কেতিয়াবা কাৰোবাৰ পৰা অসমৰ বিষয়ে কিবা বেয়াকৈ কোৱা শুনিলে মূৰটো গৰম হৈ যায়৷ কেইদিনমান আগতে এজনক অলপ টানকৈয়ে ক'লো, " হোৱাই ইউ দু নট ঠিংক দেট উই আৰ ইন্দিয়ান ?" অসমলৈ নোযোৱা মানুহবোৰে ভাবে, অসমত যেন একোয়েই নাই৷ কিন্তু আন ৰাজ্যৰ তুলনাত আমি কোনো গুণে পিছপৰা নহয়৷ শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত আমি আগৰ পৰাই আগবঢ়া বুলি ক'ব লাগিব ৷ অলপ বাৰ্তালাপৰ সমস্যা, হিন্দী আৰু ইংৰাজী, হয়তো দুয়োটাতে৷ সেই দুৰ্বলতাও দিনে দিনে নোহোৱা হৈ আহিব ধৰিছে৷ আজি ভুপেনদা আৰু জুবিন-পাপনহঁতে অসমক কিছু আগুৱাই লৈ গৈছে৷ কিন্তু অসমৰ গুৰু শংকৰদেৱক কিমানজনে জানে বাহিৰত ? কিবা এটা যেন ভুল হৈ গৈছিল ? বাকীবোৰৰ তুলনাত আজি অসমত যৌতুক প্ৰথা নাই, জাতি-ভেদৰ প্ৰভাৱো খুব কমেই দেখা যায়৷ দৰাচলতে আমি ভাৰতৰ এক উচ্চ শিক্ষিত জাতি বুলি ক'ব পাৰি৷ কিন্তু অসমত নহাবোৰে আমাৰ বিষয়ে নাজানে, অহাবোৰ পিছে ঘুৰি নাযায় বা যাব নোখোজে! মন্টু কুমাৰ ডেকা, নতুন দিল্লী