“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Tuesday, 15 August 2017

ভীমকলৰ চৰবৎ:

ভীমকলৰ চৰবৎ: মায়ে চৰিয়াটোত পকা ভীমকল এটা মোহাৰি মোহাৰি ৰান্ধনি ঘৰৰ পৰা সেইটো হাতত লৈ বৰঘৰৰ পাছফালে থকা কঠাল ডালৰ তললৈ অহিছে । ময়ো স্কুলৰ পৰা অহিয়েই চিধাই কঠাল ডালৰ তলত পাৰি থোৱা বেঞ্চ খনৰ ওচৰলৈ আহিছো । হলধৰ খুড়াই বাঁহৰ বিচনী লগাইছে । মোক অহা দেখা পাই বেঞ্চখনত সিঁচৰিত হৈ থকা বাঁহৰ দৈ বোৰ একাষে কৰি বহিবলৈ দি আহল বহল চাৰিকোণীয়া বিচনীখনেৰে দুই এপাক মোৰফালে বিচি দিছে । মোৰ আগফালৰ দীঘল চুলিবোৰ বিচনীৰ বতাহত উৰি খেলিমেলি হৈ কপালত পৰি গৈছে । ৰ’দত ৰঙা-চিঙা পৰি গৈছিলো যদিও আগফালৰ চুলিবোৰ তেনেকৈ বিচনীৰ বতাহত উৰুৱাত কিমান যেন সন্তোষ পাইছো । উৰুৱা চুলিবোৰ দেখা পাই খুড়াই কৈ উঠিল ,” চুলিবোৰ দীঘল হৈছে দেখোন ? কাইলে গোপাল বিহাৰীৰ হতুৱাই বাটিকাট কটাই ল'বি , গৰমৰ দিন ,দীঘল চুলিয়ে চেহেৰাটো বেয়া কৰে । ” খুড়াৰ কথাত একো নেমাতি মনে মনে থাকিলো । বহুদিনৰ পৰা পুহি থকা দীঘল চুলিৰ হেপাটো খুড়াহঁতে দেখোন খন্তেকতে চুৰমাৰ কৰি দিয়ে । অলপ আগতে পথাৰৰ খালটো সিঁচি আহি দাদা আৰু বাইদেৱে কঠালৰ তলতেই মাছেৰে ভৰা বাল্টি দুটা থৈছে । আমাৰ ঘৰতেই কাম কৰা ৰতন খুড়াই খালৈত থকা চেং আৰু গৰৈ কেইটা দমকলৰ পানীত ধুই আনি কঠাল ডালৰ ওচৰলৈ লৈ আনিছে । দাদাৰ গোটেই গাটোত বোকা লাগিছে । বোকাবোৰ শুকাই শুকাই ভৰিৰ ছালৰ নোমত লাগি ধৰাত কঠালৰ তলৰ শুকান মাটিতেই বহি সেইবোৰ এৰুৱাইছে । ৰতন খুড়াই খালৈটো বাল্টি দুটাৰ ওচৰতে থৈ চিধাই মাটিতেই শুই পৰিছে । বতাহত কঠালৰ পাতবোৰ লৰিছে । শব্দ কৰিছে । ৰতন খুড়াৰ আগৰ চুলিকেইডালো উৰি উৰি পাছফালে পৰিছে ।চকু কেইটা মুদি কঠালৰ ছাঁত কোমল বতাহজাক লৈ কিমান যে আমেজ লৈছে।তথাপি সকলোৱে ৰৈ আছে মায়ে বনাই থকা ভীমকল মোহৰা ঠাণ্ডা পানীখিনি খাই গাটো শাত পেলাবলৈ । এনেতে দেউতাও বজাৰৰ পৰা আহি নিজে মোনাটো ঘৰত থৈ চিধাই কঠালডালৰ তললৈ আহিছে । মোৰ ওচৰতে বেঞ্চখনত বহি ঘ্ৰামেৰে তিতা চোলাটো বাইদেউলৈ দলিয়াই কৈছে ,“ এইটো গা ধুবলৈ গ’লে ধুই দিবি ।” হলধৰ খুড়াৰ হাতৰ পৰা বিচনীখন লৈ জোৰজোৰকৈ দুপাকমান ঘুৰাই মোৰ পিঠিত মৰমেৰে হাত বুলাই কৈছে ,” গৰমে গৰমে গা ধুব নেলাগে , অলপ ঠাণ্ডা হৈ ল' ,নহ'লে বেমাৰ হব" । মায়ে কঠালৰ তলৰ পীৰাখনত বহি বহি ভীমকলটো মোহৰা শেষ কৰি অলপ কম হ'ব যেন লগাত আৰু এটা ভীমকল আনিবলৈ ৰান্ধনি ঘৰলৈ গৈছে । মায়ে বহা পীৰাখনৰ ওচৰতে এটা জগ , চাৰিটা গিলাচ আৰু চেনী ৰখা প্লাটিকৰ টেমাটো | মাটিৰে পৰুৱা কেইটামানে চেনিৰ টেমাটোৰ ফালে আগবাঢ়ি গৈছে | ডাঙৰ পৰুৱা এটাই টেমাটোৰ ওপৰত লাগি থকা চেনিৰ টুকুৰা এটা তুলি তাৰ পৰা নামি আহি অলপ বেঞ্চখনৰ ওচৰত দুই এবাৰ মাটিত থৈ জিৰণী লৈছে । তাকে দেখি সৰুপৰুৱা দুটামান ক'ৰবাৰ পৰা আহি ডাঙৰটোক সহায় কৰিছে । ডাঙৰটো কিজানি সিহঁতৰ বাপেক হ’ব , নহ’লে ককাক । কিমান যে মিল সিহঁতৰ । কোনো দলপতি নোহোৱাকৈয়ে কামবোৰ নিয়াৰিকৈ কৰে । মানুহবোৰেও তেনেকুৱাকৈ কামবোৰ কৰিলে...। মানুহৰ যেন পৰুৱাৰ পৰা শিকিবলগীয়া বহুখিনিয়েই আছে। পৰুৱাবোৰৰ কামবোৰ চাই থাকোতেই কেতিয়া মায়ে আহি গিলাছটো হাতত দিলে গমেই নেপালো ।সপোন এটা ভাঙি যেন বাস্তৱলৈহে আহিলো…। ভীমকল মোহৰা এই ঠাণ্ডা পানীখিনি মোৰ বৰ প্ৰিয়। এধোক এধোককৈ গিলি থাকোঁতে ডিঙিৰ যেন প্রতিটো অংশতে এক মধুৰ শীতলতাৰ অনুভৱ হৈ চিধাই পেট পালেগৈ । খন্তেকতে গোটেই শৰীৰটোত যেন সজীৱতাহে ঘুৰি আহিল । ধোক ধোককৈ এগিলাচ খোৱাৰ পাছত দেউতাই মালৈ চাই ক'লে ,“ আৰু এগিলাছ..…” মই খোজাৰ আগতেই দেউতাই খোজিলে দাদায়ো হয়তো আৰু এগিলাচ পোৱাৰ আশাৰে মালৈ এক কৰুণ চাৱনিৰে চাব ।ওচৰতে বাইদেউ আৰু হলধৰ খুড়া ।সিহঁতৰো জানো পেট নাই? এনে উৎকট গৰমত এগিলাছ ভীমকল মোহৰা পানীৰ কিমান যে উপকাৰিতা সেইয়া যেন খোৱা বোৰেহে জানে।সিদিনা গজেন খুড়াহতেও ভীমকলৰ চৰবৎ খাবলৈ ভীমকল বিচাৰি গোটেই গাওঁখন চালাথ কৰি অৱশেষত আমাৰ ঘৰৰ পৰা দুই আশী পকা কল লৈ গ'ল।কোনোবা ডক্তৰে হেনো খুউব খাবলৈ কৈছে। যানহওঁক ,বাৰীৰ একাষে লাগি থকা তিঁয়হ দুটাও কাটি আনি মায়ে বেঞ্চখনৰ ওচৰতে থৈছে।আমাৰ ফালে চাই মায়ে দোমোজাত পৰিছে,তিঁয়হ আগতে কাটিবনে নে আৰু দুটা ভীমকল মোহাৰিব? মই পেপচি বেয়া পোৱা বুলি কোৱাত ছোৱালীদুজনীয়ে খুউব ইতিকিং কৰিলে।সিহঁতে হেনো সৰুৰে পৰা পেপচি ,ক'ক,মেগদি ,কে এইফ চি,এইবোৰৰ লগত চিনাকী।সেইবোৰতেই হেনো জীৱন । মই আৱশ্যে দিল্লীলৈ আহিয়েই সেইবোৰ দেখিছো,মাজে সময়ে খাইছো। ভীমকল মোহৰা পানীৰ কাহিনীটো তেনেকৈ কৈ ৰুমলৈ খোজ দিলো। কেতিয়াবা লগ পালে পানীদিয়া ভাত (পন্তাভাত) আৰু অমিতাৰ খাৰৰ শ্বেম্পুৰ এইবোৰৰ কথা শুনাম…। আজিলৈ বাৰু ইমানতে সামৰোঁ। (C) মণ্টু কুমাৰ ডেকা নতুন দিল্লী

গাঁৱৰ কথাৰে..

ঘৰলৈ যোৱাৰ কথা আহি পৰিলেই দেখোন কিবা এটা অনাবিল আনন্দই মন প্রাণে আৱৰি ধৰে । অসমত বাৰিষা নেদেখা প্ৰায়ে ১১ বছৰেই হ'ল । ২০০৬ চনত এনে এটা দিনতেই গুৱাহাটীৰ পৰা ডাঙৰ টিনৰ বাকচ এটাত কিতাপ পত্ৰ,কাঁহী,বাটি ,কেৰাহী লৈ দিল্লী অভিমুখে যাত্ৰা কৰিছিলোঁ । লগৰ হলেণ্ড চাংমাৰ লগত বাকচটো কান্ধত তুলি লৈ ট্ৰেইনত উঠাই দিছিলো । দিল্লীতো কুলিক দুপইচা দিয়াৰ সুযোগকণ দিয়া নাছিলো । যিমান হ'লেও ধানৰ দাঙৰী কঢ়িওৱা গাৱলীয়া ডেকা ল'ৰা…। স্কুললৈ যাওঁতেও ভঙা দলং কেইখনত কমসোপা চাইকেল কান্ধত লোৱা নাছিলো । অভ্যাস আছে। অসমত হেনো অত্যন্ত গৰম পৰিছে । মানুহবোৰ হেনো কলা-ৰঙা পৰিছে । আমাৰ পশ্চিমফালৰ পথাৰত সৰু-সৰু খাল দুটা আছে । সৰু-সৰু মাছবোৰে হেনো "মোক খা,মোক খা" কৰি আছে । ভাবিছো ঘৰলৈ গৈয়ে সেইকেইটা সিঁচিম । মাছ ধৰিম । কাৱৈ খলিহনাৰে এসাজ খাম । পৰিলে কেইটামান শুকাই বেগতো ভৰাই লৈ আনিম । আৰু এটা ভাল লগা কথা হ'ল গাঁৱৰ ৰাজহুৱা পুখুৰীটো । কিমান দিন যে সাঁতুৰি ইপাৰ-সিপাৰ হোৱা নাই? এইবাৰ গ'লে খূউব সাঁতুৰিম । পুখুৰীটোৰ পাৰত থকা বকুলজোপা।বকুলৰ ধুনীয়া গোন্ধটো । বকুলজোপাৰ তলত থকা বাঁহৰ ডাঙৰ চাংখন । সেইখনত বহি বকুলৰ আমোলমোল গোন্ধ আৰু বতাহ লৈ লৈ কৰা কথাবতৰাবোৰ । মানুহবোৰৰ যেন সমস্যা একোৱেই নাই,এবেলা খোৱা এবেলা চাঙত বহি ৰাজনীতি,অৰ্থনীতি,চিনেমা ইত্যাদিৰ পৰা অমুকৰ বাৰীৰ আমজোপালৈ…কিমান যে আলোচনা,কথাবতৰা।তথাপি এৰি অহা দিনবোৰ যেন মধুৰ আছিল ।মানুহে মানুহৰ সুখ দুখৰ সমভাগী হৈছিল। সৰুৰে পৰা দেখি অহা বকুলজোপা একে হৈয়েই আছে ,বকুলৰ তলৰ সেই বাঁহৰ চাংখনো আছে । পিছে আজিকালি কিজানি কথাবতৰাবোৰৰ ঠাইত ফেচবুক হোৱাটএপচ এইবোৰেহে ঠাই পাব । বকুলৰ তলত বহি চাগে সৰু-সৰু ল'ৰা বোৰে ভিডিঅ' ডাউনলোড কৰিব,ইজনে সিজনক পঠিয়াব,কোনোবাই হয়তো ফানি ভিডিঅ' প্লে কৰি অকলে অকলে হাঁহিব । দুজনমানে হয়তো কাণত হেডফোন লগাই বিন্দাছ গান শুনি শুনি চাঙতেই শুই যাব।কোনোবা এজনে হয়তো একাষে থকা শিলিখাজোপাৰ তলত গৈ প্ৰেয়সীৰ লগত বাৰ্তালাপ কৰিব । তাৰে মাজৰ কেইজনৰ মানৰ হয়তো নেট পেক ফিনিছ হোৱাত উদাসীনভাৱে আমনজিমনকৈ বহি থাকিব । এজনে হয়তো মোৰ ওচৰলৈ আহি ক'ব ," ফেচবুকত ষ্টেটাছ এটা দিব লাগিছিল,পাৰিমনে? মাত্ৰ দহ মিনিট ইউজ কৰিম"। সকলোৱে যেন ব্যস্ত থাকিব,নিজে নিজৰ লগত…। কথা বতৰা পাতিবলৈ বিশেষ কাৰো সময় নাই । আগৰ দিনবোৰত বোকাত হালবাই অহা হালোৱৈ কেইজনে ৰেডিঅ'ত ভূপেনদাৰ গান শুনি শুনি নতুবা নাটক শুনি শুনি দুই এঘণ্টা বুকুলজোপাৰ তলতেই বিশ্ৰাম লৈছিল । কাষত বহি ৰঙিলী বাইহঁতেও হাতত বিচনী লৈ সুখ-দুখৰ কথাবোৰ আলোচনা কৰিছিল । মাজে মাজে হালোৱৈ কেইজনক বিচিও দিছিল । এইয়া আছিল আন্তৰিকতা, মৰম । কেতিয়াবা আকৌ বকুলৰ তলতেই আঘুণী আইতাৰ মহাভাৰতৰ কাহিনী শুনিবলৈ পোনাকণহঁতে হাহাকাৰ লগাইছিল । ওচৰতে থকা কঠালজোপাৰ তলত বেঞ্চ এখন পাৰি হয়তো দুজনমানে স্কুলৰ পৰা আহি ভাত পানী খাই লুডু খেলাত ব্যস্ত হৈছিল । কলেজীয়া কেইজনক আকৌ কেৰমবর্ড খেলাৰ ভুতে লম্ভিছিল । নামঘৰৰ সন্মুখত থকা আঁহত জোপাৰ তলত কাঠৰ চকী দুখন ওলোতাকৈ পাৰি কেৰেম খেলিছিল । পিছে প্রয়োজন অনুসৰি সকলোৱে যেন এঘৰে আন ঘৰত হাল বাই , বা কঠিয়া তুলি সহায়ো কৰিছিল । এবাৰ আহাৰ মাহতেই গাঁৱৰে হলধৰ খুড়াৰ হালৰ গৰু মৰাত দেখোন গোটেই গাঁৱৰ মানুহখিনিয়েই লাগি মেলি খেতি উঠাই দিছিল । মৰম চেনেহৰ যেন একো অভাৱেই নাছিল । আজি কালি পিছে তেনে নহয়। ঘৰে ঘৰে টেক্টৰ লগায়।কাৰো সময় নাই । যোৱা ১১ বছৰত বহুত পৰিবর্তন দেখিলো | আজিকালি কঠালৰ তলত বহি লুডুখেলাৰ দিন নাই । আগতে গধূলি এঘৰে আনঘৰৰ চোতালত বহি খেতি বাৰী আলোচনা, ৰেডিঅ’ত বাতৰি শুনি দেশৰ আলোচনা, সুখ দুখৰ আলোচনা কৰি সময় অতিবাহিত কৰিছিল । আজিকালি যেন কোনেও কাৰো ঘৰতেই নেয়ায । সকলোৰে ঘৰে ঘৰে টি ভি । সকলোৱে ব্যস্ত হয় চিৰিয়েল চোৱাত , টি ভি চোৱাত, ফেচবুক আৰু হোৱাটএপচ কৰাত । কোনোবা সেইটো সময়ত আহিলেও যেন কথা পাতিবলৈয়ে কাৰোৰে সময় নাই । আইতাৰ সাধু কথাও নাই, সাধু কবলৈ ককা-আইতাবোৰকো যেন যান্ত্রিকতাই আৱৰি ধৰিছে । অমুকৰ খেতিত এগোজ ৰুই সহায় কৰো বুলি বা এপাক হাল ঘুৰাই দিও বুলিও কোনেই সহজতে আগবাঢ়ি নাহে । ইঘৰে সিঘৰক আপদে বিপদে খেতি বাৰীত সহায় কৰাৰ সেই মানসিকতা যেন আজি কালি নাই । ঘৰে ঘৰে বাইক , গাড়ী , ট্ৰেক্টৰ । সকলোবোৰেই যেন প্রতিযোগিতাত নামিছে ধনী হোৱাৰ .. । আগলৈ বা যান্ত্ৰিকতাই আৰু কি কি কঢ়িয়াই আনে? মানুহবোৰৰ উন্নতি হ'লে ভাল লাগে,কিন্তু হৃদয়ৰ পৰা দূৰ হ'লে দুখ লাগে। (C) মণ্টু কুমাৰ ডেকা নতুন দিল্লী

Friday, 2 June 2017

কথাত কটা যায় কথাত বটা পায়ঃ

কথাত কটা যায় কথাত বটা পায়ঃ মানুহজনে ড্ৰাইভিং লাইচেঞ্চ বনাবলৈ মতাত প্ৰচণ্ড ঠাণ্ডাত ৰাতিপুৱাতেই অফিচটোৰলৈ গ'লো।অফিচাৰ দহ বজাতহে আহে। গতিকে দুয়ো চাহ খাবলৈ গছৰ তলৰ দোকান এখনলৈ গ'লো।চাহৰ গিলাছটো হাতত লৈ তেখেতে মোৰলৈ চাই শুধিলে, "গা ধুই আহিছানে? কিমান দিন ধোঁৱা নাই?" কিবা যেন অবতৰত গজা ধানৰ দৰেই প্ৰশ্নটো কৰিলে! তেওঁলৈ চাই সঁচাটোকেই ক'লো,"গা ধোৱা নাই।গৰম পানীৰে মুখখন ধুই ,চুলিত তেল সানি ,বডি স্পে' লগাই একদম ফ্ৰেছ হৈ আহিলোঁ। সদায়ে নুধো।" তাৰ পাছত সেই প্ৰচণ্ড ঠাণ্ডাক "ফেচ টু ফেচ" চেলেঞ্জ দিয়াৰ দৰে তেওঁৰ নানা কথা। ৰাতিপুৱা চাৰি বজাতেই উঠি গা-পা ধুই,পূজা-পাঠ কৰিহে হেনো ভোজন কৰে।গা নুধোৱাকৈ খোৱাটো নিয়ম নহয়। নিম্নজাতিৰ হাতেৰে উপায় নহ'লেহে হেনো খায়।তেখেত উচ্চ কুলৰ।কিবা হেনো ভাল জাতৰ।য'তে ত'তে নেখায়। তেখেতে কৈ গৈ থাকিল। মই নিৰৱে মনে মনে শুনি "হমম হমম" বুলি কৈ মই নো কি জাতৰ ,কি কুলৰ সেইটোৱেই ভাৱি থাকিলোঁ। এনেতে মোৰ চচমাত চূণৰ দৰে বগা- ক'লা বৰণৰ কিবা এটা লগা যেন পোৱাত প্লাষ্টিকৰ চাহৰ গিলাছটো ডাষ্টবিনত পেলাই দি ৰুমালেহে সেইখিনি মচিবলৈ লৈ যিটোহে দেখিলোঁ| মানুহজনৰ এহাতে সোৱাদ লৈ লৈ খোৱা চাহৰ গিলাছটো।আনখন হাত সেই ক্ৰিকেটৰ পিটছৰ দৰে তেওঁৰ বৃহৎ তালুখনত। তেওঁ বাৰে-বাৰে হাতেৰে তালুখন খেপিয়াই চাই বগা-ক'লা বৰণৰ সেই জুলীয়া গৰম গৰম পদাৰ্থখিনি চকুৰ সন্মুখলৈ আনি মাজে মাজে শুঙিও চাইছে। ওপৰৰ কাউৰী দুজনীয়ে তেতিয়াৰ পৰাই আনন্দতে কলকলাই আছিল।অলপতে সিহঁতৰ এজনীয়ে কামফেৰা কৰি দিয়াত গছৰ পাতেৰে মিহলি হৈ চিধাই আহি মানুহজনৰ সেই বৃহৎ পিটছখনত পৰাত তাৰ পৰা চিটিকি আহি মোৰ চচমাত দুটোপাল পৰিছিল। মানুহজনে তালুখন খেপিয়াই সেইখিনি পৰীক্ষা-নিৰীক্ষা কৰি থাকোঁতেই আনজনী কাউৰীয়ে কামফেৰা কৰি দিলে।এইবাৰৰ খিনি গছৰ পাছত মিহলি হৈ নহাত চিধাই কাণৰ কাষেৰে গৈ তেখেতৰ বগা চুয়েটাৰত পৰিছেগৈ। মানুহজনে কৈ থকা সেই গা ধোৱা,নুধোৱা জাতি-কুল,পবিত্ৰতা- অপবিত্ৰতাৰ কথাখিনি আধৰুৱা হৈয়ে থাকিল।নিমাত হৈ কাগজখিনি মোক গটাই বাইকখনত ষ্টাৰ্ট দি চিধাই ঘৰ পালেগৈ।পাছৰলৈ সোধাও নহ'ল যে তেখেতৰ সেই বৃহৎ তালুখনত কাউৰীহালে কামফেৰা কৰাত শুদ্ধিকৰণ কেনেকৈ কৰিছিল? মানুহজনলৈ বেয়াও লাগিছিল।অধিক কথাত কটা যোৱাৰ লগতে কাউৰীদুজনীৰ পৰা বটাও যেন পালে। পিছে কাউৰীৰ কাৰণে মোৰ লাইচেঞ্চ বনোৱা কামটোও নহ'ল।

বেয়া মানুহ ভাল মানুহ :

বেয়া মানুহ ভাল মানুহ : অমুক বেয়া, তমুক বেয়া,অমুকে অমুক কৰিলে তমুকে তমুক কৰিলে,এনে ধৰণে দিনে ৰাতিয়ে আমিবোৰে কেৱল বেয়া বেয়া বোৰকেই বিচাৰি খুচুৰি বান্দৰৰ ঘাঁ যেন কৰোঁ| সেইয়া হয়তো কাৰোবাৰ ঘৰত, অফিচত,সমাজত, ছ'চিয়েল মেডিয়াত সঘনে শুনিব পোৱা যায়| বেয়া বিচাৰি, খুচুৰি ফুৰা বহু কেইজনক আতৰালোঁ| বেয়া বিচাৰি খুচুৰি ফুৰা এনে ভাল মানুহ মোক নেলাগে.|এনে লোকে গোটেই পৰিবেশটোৱেই দুগন্ধময় কৰি ফুৰে| বেয়াজনে এবাৰ কৰা কামটো এনেলোকে হাজাৰ বাৰ হাজাৰ জনৰ আগত কৰোৱাই ..মুখেৰে! মানুহ কোনো বেয়া নহয় | এই পৃথিৱীৰলৈ মানুহ বেয়া হৈ নাহে|মাকৰ গর্ভৰ পৰা অহা দিনাখন একদম ”নেচাৰেল” হৈয়ে আহে| মানুহক দূষিত কৰে পৰিবেশে..| বেয়া বিচাৰি দিনে ৰাতিয়ে ঘুৰি ফুৰা এনে ভাল মানুহে বেয়া মানুহ তৈয়াৰ কৰা পৰিবেশ এটা গঢ়ে| মানুহক বেয়া বুলি হৈ চৈ কৰাতকৈ সেইজনক শুধৰাবলৈ কোনোৱেই চেষ্টা নকৰে| বেয়া বেয়া বুলি চিহ্নিত হোৱা এনে বহুত ভাল মানুহ আমি দেখিছোঁ| কোনো ছোৱালীয়ে গণিকা হোৱাৰ সপোন নোপোহে| গণিকা এচাম ভাল মানুহে বনায় মেচিনত বনোৱাৰ দৰে| সিদিনা ইউ পি ত বিয়া এখন খাবলৈ গৈ আধা নগ্ন হৈ নাচি থকা ছোৱালীজনীক দেখি আচৰিত হ’লো| তেনে নাচনিয়ে বিয়াত নানাচিলে হেনো বিয়া বিয়াই নহয়| লগৰ জনৰ ভদ্র দেউতাকক তাইৰ বিষয়ে সোধাত ক’লে ,” এহহ সেই বোৰ বেয়া ছোৱলী, বেয়া ঘৰৰ,নাচে ,পইচা লয়”| পাছত দেখিলোঁ সেই ভদ্র মানুহজনেই আটাইতকৈ বেছি পইচা উৰুৱালে|বন্দুকৰ গুলি ফুটালে, তাইক এৰাতিৰ বাবে দৰদাম কৰিলে..| ভাল বিচাৰি যেন বেয়াহে পালো|ছোৱালীজনীৰ প্রতি পতৌ উপজিল| ঠিক তেনেদৰে বেয়া বেয়া বুলিয়েই জীৱনটো চিনাকী দিয়া বোৱাৰীজনীয়েই বুঢ়ীজনীক অন্তিম সময়ত প্রতিপালন কৰাও দেখিছোঁ| বেয়া বেয়া বুলি চিনাক্ত কৰা এদিনাখনৰ মোৰ আটাইতকৈ বেয়া শত্রু জনেই আজিৰ আটাইতকৈ ভাল বিশ্বাসী বন্ধু| মানুহ কোনোয়েই যেন বেয়া নহয়|বেয়া মানুহে বনায়| বেয়া বিচাৰি খুচুৰি থকা সকলৰ মনত একপ্রকাৰৰ “ ইন চিকিউৰ” নামৰ বস্তু এটা সোমাই থাকে|তেওঁলোক যেন সুৰক্ষিত নহয়, তেওঁলোক যেন নিৰাপদ নহয় এনে এটা ভাৱ সোমাই থাকে কাৰণে নিৰাপত্তা বা নিজৰ সুৰক্ষাৰ কাৰণে আনৰ বেয়াবোৰ উলিয়াই ফুৰে| ময়ো এজন বেয়া মানুহ| বেয়া বিচাৰি ফুৰা ভাল মানুহ বোৰক মই ঘিণ কৰোঁ| ভয়ো কৰোঁ| কাৰণ এনে মানুহবোৰ গোন্ধায. বেয়া , বেয়া !!! বেয়া মানুহক ভাল মানুহ সজা মানুহবোৰক মই প্রনিপাত কৰোঁ| এনে মানুহো বহুত দেখিছো| আনে বেয়া বেয়া বুলি চার্টিফিকেট দিয়া বহুতো বেয়া মানুহক এনেবোৰে ভাল কৰিছে| এনে মানুহ বোৰ মোৰ কাৰণে স্বয়ং ইশ্বৰৰে আন এটা ৰূপ! কথাবোৰ দেখি, বুজি জানি আজি কালি ময়ো বেয়া মানুহেই বিচাৰি ফুৰোঁ| কিজানি সেই বেয়া মানুহতেই এজন ভাল মানুহ বিচাৰি পাওঁ এনে আশাৰে..|

লেম:

লেম: টেবুল লেম মোৰ বৰ প্ৰিয়।বিশেষকৈ টেবুল লেমৰ চিমনিৰে ওলোৱা ধোঁৱাৰ গোন্ধটো! সৰুতে, গধুলি মায়ে চাফ চিকুণ কৰি জ্বলাই দিয়াৰ পাছত লেমৰ চিমনিৰ ওপৰেৰে ওলোৱা গোন্ধটোৰ আমেজ সদায়েই লৈছিলোঁ।আজি বহু বছৰেই হ'ল সেই গোন্ধটো নোপোৱা।সেই গোন্ধটোৱেই খন্তেকতে মোক সুদুৰ অতীতলৈ লৈ যোৱাটো নিশ্চিত। চিঞৰি চিঞৰি মূখস্থ কৰা, " নিচিনো তোমাক ক'ত আছা প্ৰভু…।" গধুলি হলধৰ খুড়াই চোতালৰ একাষে জ্বলোৱা উমি উমি জ্বলি থকা জগাটোৰ ধোঁৱা, তাৰ কিছু সময় আগত বা পাছত গোসাই ঘৰৰ পৰা পদূলিলৈ বিয়পি থকা সেই ধূনাৰ গোন্ধটো…। এবাটি গাখীৰ দিয়া চাহ ,কলপাতেৰে বিয়পি যোৱা গুৰ! এই টেবুল লেমৰ গোন্ধটোৰ লগতেই মনৰ কোনোবা এটা কোণাত হাজাৰ স্মৃতি লুকাই আছে। পঢ়ি পঢ়ি টোপনি আহিলে এই লেমটোৰে মহ মৰাতোও এটা বৰ আমোদজনক কাম আছিল।দেৱালত পৰি থকা মহ বোৰৰ তলত চিমনিটো লাহেকৈ লগাই দিলে চিমনিৰ তাপত মহবোৰে 'চেনেট' কৈ শব্দ কৰি চিমনিৰ ভিতৰত বাগৰি পৰা,তাৰ পাছত পাছদিনা ৰাতিপুৱা এটা এটাকৈ হিচাপ কৰি সগৌৰৱেৰে দীপুহঁতক কোৱা ,"যোৱা কালি মই বাৰটা মাৰিলোঁ,তহঁতে?" কেতিয়াৱা আকৌ ডাঙৰ পৰুৱা বা বৰল ক'ৰবাৰ পৰা উৰি উৰি চিমনিৰ ভিতৰত ফচিলে কি যে আনন্দ! পঢ়া শুনা একাষে কৰি থৈ লাগি যাও সেইটোৰ পাছত।কেনেবাকৈ ওলালেও আধা জ্বলা সেই পৰুৱাটোক বিচাৰি চালাথ কৰোঁ। তাৰ পাছত কম্পাচৰ কটাৰে চেপি আকৌ চিমনিৰ ভিতৰত ভৰাই দি মধুৰ আমেজ লও! এই কেইদিন অকনমান গৰম পৰিছে।যোৱা বছৰৰ মহ মৰা ৰেকেট খন বেয়া হৈ যোৱাত সিদিনা আকৌ এখন আনিলোঁ। এই খন হাতত লৈ উধাই মুধাই ঘুৰালেও ক'ৰবাত কেনেবাকৈ সৰু মহ বা মাখি এটা লাগিলেই "চেনেট চেনেট" ,একেবাৰেই স্বৰ্গগামী হৈ যায়। এই খনেৰেই বিশেষ আনন্দ পোৱা যায় যদিও সেই লেমৰ দৰে নহয়।লেমত পোৱা সেই মধুৰ গোন্ধটো এইখনত নেপায়। মন যায় এই বেলিও ঘৰলৈ গ'লে পুনৰ মহ মাৰিবলৈ।পুনৰ সগৌৰৱেৰে "মই দহটা মাৰিলোঁ তই কেইটা"। পিছে আজিকালি সেই লেমবোৰ নোহোৱা হ'ল।

তেখেত থকা হ'লে

তেখেত থকা হ'লে.. "বিহুটি আহিলে দেউতাই এমাহমান আগৰে পৰা বাঁহ, খৰি বিচৰাত লাগি গৈছিল| আগৰ মানুহ তেওঁ| তেল দিয়া পিঠা খাই ভাল পায় কাৰণে মানুহে পিঠাৰাম বুলিয়েই ধেমালিতে মাতিছিল | পিঠা বনাম বুলি ক’লে সাত সাগৰ তেৰ নদী পাৰ কৰি হ’লেও যা-যোগাৰ আনি দিছিল |উৰুকাৰ দিনা ৰাতিপুৱা ৰাজহুৱা পুখুৰীৰ মাছ মৰাৰ পৰা ছাগলীৰ মাংস আনি দিয়াৰলৈকে ,পাছত আকৌ গধুলি পিঠাচুঙা পুৰাত মাক সহায় কৰি গৰমে-গৰমে জুইশালত সৰু চুঙা এটা কাটি জুটি লোৱাটো দেউতাৰ এটা পুৰণা অভ্যাস | বিহু আহে আৰু যায় | মানুহে আনন্দ কৰে | দেউতা নোহোৱাৰ পৰা সেই আনন্দ নোহোৱা হ’ল | আজিকালি গৰমে-গৰমে জুইশালত বহি কোনেও পিঠা চুঙা নেখায় | তথাপি এসময়ত ভোৰভোৰাই দেউতাক তেনে কৰিলে কর্কথনা কৰা মায়ে যোৱা তিনি বছৰ ধৰি চোতালৰে একাষত সৰু চুঙা এটা আৰু কেইখন মান তেল দিয়া পিঠা আগবঢ়ায় |কয় তেখেত থকা হ’লে......| মোৰ দুচকু নিগৰি যায়| বিহুটিয়ে দুখহে কঢ়িয়াই আনে| জানানে মণ্টু ,তোমাক লগ পোৱা হ'লে দেউতাই হিন্দীত কথা পাতিলে হয়, হায় হায় লগাই।খুউব ভাল পালে হয়।" - বন্ধুজনে আৱেগেৰে কৈ গ'ল | বন্ধুৰ কথাই বুকুৰ কোনোবা এটা অংশত আঘাত কৰি গ'ল। 00000 এই বাৰ ঘৰলৈ যাওঁতে মাৰ আলমীৰাটোলৈ প্রথমে গৈছিলোঁ | সেইটো খুলি চাই তাত থকা মাৰ কাপোৰবোৰ চুই চাইছিলোঁ | মনে মনে কাপোৰবোৰ আঁকোৱালী লৈ কিছুসময় নিৰৱে কটাইছিলোঁ। মই যেন মাৰ বুকুতেই গুজি শুই আছিলো।কাপোৰবোৰৰ সেই মা মা গোন্ধটো তেতিয়াও আছিল। হস্পিটেকত ভৰ্তি হোৱাৰ এমাহ আগত মায়ে কাপোৰ কেইযোৰ ধুই মেলি নিজে ইস্ত্রী কৰি ৰাখিছিল |কাপোৰবোৰ তেতিয়াও ইস্ত্রীৰ ভাজে-ভাজে আছিল। বাকী কাপোৰবোৰ ওচৰৰে আমাৰ ঘৰত কাম কৰিবলৈ অহা উলাৰিক দিছিলো যদিও দেউতাই সেই কেইখন দিবলৈ মানা কৰিছিল| আজিহে সেই কেইখনৰ মুল্যটো বুজি পালো | আলমীৰাটোৰ একাষে আছিল এটা নতুন সেন্দুৰৰ টেমা | এখন সৰু আইনা আৰু কিছুমান সৰু-সুৰা বস্তু | দেউতাই সিদিনা কৈছিল সেইবোৰ হেনো মোৰ বিয়াৰ বাবেই এপদ দুপদকৈ অগতীয়াকৈ কিনি থৈছিল| বিয়া নেপালে তেখেতে | | মানুহজনীয়ে উচুপিছিল ”তেখেত থকা হ'লে তোমাক কিমান মৰম কৰিলে হয় ” চকুদুটা সেমেকি গৈছিল| এই পৃথিৱীখনলৈ মানুহ আহে আৰু যায় | এক পুৰুষ আহে এক পুৰুষ যায়| সকলোবোৰ দুদিনীয়া অতিথি| প্রজা যিটো বাটেৰে যায় ৰজাও সেইটো বাটেৰেই যাব লাগিব | পিছে কথা হ'ল যোৱাটো নিশ্চিত বুলি জনিও মানুহে জীৱিত কালত মাক দেউতাকক কদৰ নকৰি মৃত্যুৰ পাছতহে উপলব্ধি কৰা দেখা যায় |হয়তো মা দেউতা লগত থকালৈকে মানুহে একো অনুভৱেই নকৰে| যেতিয়া গুছি যাব তেতিয়া পাছত হয়তো অনুশোচনা কৰি ক’ব “ মা থকা হ'লে,মায়ে বনাই দিয়া পিঠাৰ সেই জুটি ,সেই মৰম| বিহু আহি থাকিব গৈ থাকিব | কিন্তু মা দেউতা লগত থকাৰ সেই অনুভৱ সেই মৰম দুনাই ঘুৰি নাহে | মা দেউতা ঘৰত থাকে,মই থাকো দূৰৈত। সদায়েই গধুলি এঘণ্টা তেওঁলোকৰ লগত কথা নাপাতিলে দেখোন মনেই নভৰে। ভয় লাগে সময়ত সোঁতত যদি হেৰাই যায়। ভাবিবলৈ সাহসে নধৰে। তথাপি এয়াই যেন নিয়ম,প্ৰকৃতিৰ,ঈশ্বৰৰ!

মুৰ্গীৰ কণীঃ

মুৰ্গীৰ কণীঃ ৰাতিপুৱাতে দীপুক ফোন কৰিলোঁ।সি খুউব ব্যস্ত। মূৰ্গীৰ পাছত গোটেই বাৰীখন দৌৰি আছে। দুয়োজনীয়ে হেনো বেলেগৰ ঘৰত হে কণী পাৰে ,গতিকে মাকৰ কথাত সি আজি উঠি পৰি দৃঢ়তাৰে লাগিছে।কণী পৰা ঠাই,আৰু কণী হেনো সি আজি বিচাৰি উলিয়াবই।কথা পাতি থাকোঁতেই এজনীয়ে "কু কু কুক" কৈ দীঘলকৈ কণী পৰাৰ টিলিঙাটো বজাই দিয়াত খুড়ীৰ হাতত ফোনটো গটাই সি দৌৰ মুৰ্গীজনীৰ পাছে পাছে। খুড়ীয়ে ফোনটো কাণত ওলোটাকৈ লৈ চিঞৰি চিঞৰি তাক গোহালী ঘৰৰ পাছফালে থকা খদাটোত(পাচি) আৰু ঢেঁকীশালৰ ডুলিটোৰ ওপৰৰ খেৰখিনিত ভালদৰে চাবলৈ কৈ আছে।মই ফোনটো ৰাখো নেকি বুলি কোৱাত খুড়ীয়ে তপৰাই ক'লে ,ৰ'বাচোন দৰকাৰ এটা আছে,পিছে সময়ে পোৱা নাই তোমাৰ লগত কথা পাতিবলৈ।খুড়ীয়ে চাগে দীপুৰ কাৰণে ছোৱালীৰ কথা ক'ব ,মনে মনে অনুমান কৰিলোঁ।জানাই নহয়।দুজনীকৈ মুৰ্গী,যোৱা দুমাহ ধৰি নিজৰ ঘৰত কণী নেপাৰে।বেলেগৰ ঘৰত কণী পাৰে।জানানে? আমাৰ কিবা দিন কালেই বেয়া । আজিকালিৰ মানুহবোৰ আগৰ দৰে নহয়।নতুন নতুন বোৱাৰীবোৰ ঘৰে ঘৰে।আগৰ দৰে নহয়।কণী পাৰিলেও কোনেও নকয়।যোৱা দুমাহ ধৰি মুৰ্গী কেইজনীয়ে ঘৰত কণী পৰা নাই।ক'ৰবাত নহয় ক'ৰবাততো নিশ্চয়ে পাৰিছে,জানানে কোনেও নকয়।লুকাই ৰাখে। আমাৰ বেয়া দিন বুইছ,দেউতাক ঢুকুৱাৰ পৰাই সৌ সিদিনা ছাগলী পোৱালী এজনী শিয়ালে খালে,বাহৰ পাৰবোৰো বাহতে মৰে,জানানে।এই বাৰ জহা ধানো ভাল নহ'ল নহয়।গোসানী আইৰ লেঠাটো মাৰিবলৈ কওঁ, পিছে ই দেখোন গুৰু গোসাঁই একোৱে নেমানে।দেউতাক থাকিলে…।খুড়ীয়ে আন দিনৰ দৰে দুখৰ ভাণ্ডাৰবোৰ মোৰ আগত এটা এটাকৈ খোলে।যেন পৃথিৱীৰ আটাইতকৈ দুখী মহিলাজনী খুড়ীয়েই হয়। যানহওঁক এই মুৰ্গীৰ কণীৰ কথাই মোক খন্তেকতে অতীতলৈ লৈ গ'ল।খুড়ীৰ কথাত 'হমম হমম' বুলি ময়ো অতীতলৈ গুচি গ'লো,অতীততে হেৰুৱা সেই মুৰ্গীকণী দুটা বিচাৰি…। সৰুতে পথাৰৰ সৰাধান বিচাৰি ,বেচি দেউতাৰ হতুৱাই এবাৰ এটা মুৰ্গীৰ পোৱালি বজাৰৰ পৰা অনাইছিলোঁ। দুদিনমান ঠেঙত সৰু জৰী এডাল বান্ধি নিজৰ লগতে ৰাখিছিলোঁ। তাইক পাৰ্য্যমানে খাবলৈ দিয়াত লহপহকৈ বাঢ়ি গৈছিল।লাহে-লাহে তায়ো যেন যৌৱনতহে ভৰি দিছিলগৈ।মোৰ মনত আনন্দৰ সীমা নাই। দিনে ৰাতিয়ে মাক এটাই কথা সুধো তাই কেতিয়া কণী দিব।এদিন ভঁড়াল ঘৰৰ ওপৰত থোৱা খৰাহীটোৰ ওপৰৰ পৰা "ক কু কু" কৈ চিঞৰি ওলাই অহাত একে দৌৰে গৈ ভঁড়াল ঘৰ পালোগৈ।তাই কণী দিছে।সৰু কণী।কণীটো চুই,এবাৰ শুঙিও চালোঁ।একদম গৰম গৰম।মোৰ যে কিমান আনন্দ।আথেৰেথে কণীটো মাক দেখুৱাই পঢ়া টেবুলৰ ভিতৰত থ'লো।মায়ে বুজালে কণী পৰা শেষ হ'লে একেলগে সকলোকে উমনি দিলে এগাল পোৱালী হ'ব।মনত নানা সপোন। এনেদৰে সদায় মুৰ্গীজনীয়ে কণীপৰা চাই হে সেইটো টেবুলৰ ভিতৰত থৈ মই স্কুললৈ যাও।দুই এদিন স্কুল যোৱাও নহ'ল। এদিনাখন স্কুলৰ পৰা আহি কণী কেইটা হিচাপ কৰি চালো ।দুটা কণী নাই।তামাম চিঞৰ বাখৰ।আলহী আহিছিলে।আলহীক খোৱালে।মায়ে হাঁহৰ ডাঙৰ কণী দুটা আনি হাতত দিলে যদিও সেই কেইটা নল'লো।মোক সৰু কণী লাগে।উপায়হীন হৈ হলধৰ খুড়াই আলহীৰ চাইকেলেৰে মনে মনে ওচৰৰ গাঁৱখনলৈ সৰু কণী বিচাৰি গ'ল…। বহু সময়ে ময়ো ফোনটো কাণত লৈ খুড়ীৰ কথাত "হমম হমম" বুলি কণী বিচাৰি অতীতলৈ গুচি গৈছিলোঁ।এনেতে দীপুৱে কেতিয়া খুড়ীৰ পৰা ফোনটো ল'লে গমেই নেপালোঁ। ফোঁপাই ফোঁপাই ," দোষ্টী কণী দুটা পালোঁ।" দীপুৰ কথাত মোৰ মনে প্ৰাণে হাঁহি বিৰিঙি উঠিছে।মোক যেন হলধৰ খুড়াইহে চাইকেল মাৰি গৈ শৈশৱতে হেৰুৱা কণী দুটাহে আনি দিলে…।মনটো কিবা এটা আনন্দৰে ভৰি গ'ল। °°°°°°°° (জিঅ' পেক ফিনিছ হোৱাৰ বাবে গৰম গৰম কণী কেইটাৰ ফ'টো দীপুৰ পৰা নেপালোঁ)